যিকোনো মুহূৰ্ততে চাকৰি হেৰুৱাব পাৰে ৩০,০০০ কৰ্মচাৰীয়ে! কি ঘোষণা কৰিলে TCS য়ে…
চাকৰি হেৰুৱাব পাৰে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে। শেহতীয়াকৈ টিচিএছে ঘোষণা কৰিছে যে ১২ হাজাৰ কৰ্মচাৰীক বৰ্খাস্ত কৰা হ'ব। কিন্তু একাংশই দাবী কৰা মতে ইয়াৰ পৰিমাণ ৩০,০০০।

চাকৰি
চাকৰি হেৰুৱাৰ দিশে দেশৰ প্ৰায় ৩০,০০০ কৰ্মচাৰী। শেহতীয়াকৈ এই খবৰ বিয়পি পৰাৰ পাছতে সমগ্ৰ দেশত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়। দৰাচলতে টিচিএছ (TCS) য়ে চাকিৰৰ পৰা হাজাৰ হাজাৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ ঘোষণা কৰিছিল। কোম্পানীটোৱে ঘোষণা কৰিছিল যে ১২ হাজাৰ কৰ্মচাৰীক বৰ্খাস্ত কৰা হব। কিন্তু একাংশই দাবী কৰে যে বৰ্খাস্ত কৰিবলগীয়া কৰ্মচাৰীৰ পৰিমাণ ৩০,০০০। এই খবৰ বিয়পি পৰাৰ পাছতে কৰ্মচাৰীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয়।
দেশৰ সৰ্ববৃহৎ তথ্য প্ৰযুক্তি সংস্থা টাটা কনচালটেন্সি চাৰ্ভিচ (TCS)। লাখ লাখ কৰ্মচাৰীৰ জীৱন এই কোম্পানীৰ সৈতে জড়িত হৈ আছে। যোৱা মাহত কোম্পানীটোৱে ঘোষণা কৰিছিল যে, তেওঁলোকৰ ২ শতাংশ কৰ্মচাৰী বৰ্খাস্ত হব। ইয়াৰ অধীনত প্ৰায় ১২ হাজাৰ জ্য়েষ্ঠ বা মধ্য পৰ্যায়ৰ কৰ্মচাৰীয়ে যিকোনো মূহুৰ্ততে চাকৰি হেৰুৱাব পাৰে।
কিন্তু তথ্য প্ৰযুক্তি সংঘই দাবী কৰিছে যে টিচিএছে বৰ্খাস্ত কৰিবলগীয়া কৰ্মচাৰীৰ সংখ্যা ১২ হাজাৰ নহয়, ৩০,০০০। এই খবৰ বিয়পি পৰাৰ পাছতে দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়। তথ্য প্ৰযুক্তি সংস্থাৰ কৰ্মচাৰীসকলে এই সিদ্ধান্ত বাতিল কৰাৰ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত কেন্দ্ৰক হস্তক্ষেপ কৰাৰ দাবী জনায়। তথ্য অনুসৰি চিআইটিইউ (CTU)ৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত হয়।
Union of IT And ITES Employees protested tofay in Chennai against the announced TCS layoff of 12000 employees and the government inaction. pic.twitter.com/E3kDPLUZVW
— UNITE (@UNITEITORG) August 19, 2025
ইউনাইটি (UNITE)ৰ যুটীয়া সভাপতি চন্দ্ৰশেখৰ আজাদে কয়, “এই সিদ্ধান্তৰ বাবে দক্ষ আৰু অভিজ্ঞ কৰ্মচাৰীসকলে চাকৰি হেৰুৱাব। তেওঁলোকে নিজৰ সামৰ্থ প্ৰমাণ কৰিছে , নেতৃত্ব দিয়াৰ ক্ষমতা আছে কিন্তু তেওঁলোকক চাকৰিৰ পৰা আঁতৰ কৰাৰ সিদ্ধান্ত লৈছে। ই চাকৰিৰ ক্ষেত্ৰখনত অনিশ্চিয়তাৰ সৃষ্টি কৰিব।
ইফালে টিচিএছে এই দাবী মিছা আৰু বিভ্ৰান্তিকৰ বুলি দাবী কৰিছে। তেওঁলোকে কৈছে যে, কোনো সিদ্ধান্ত সলনি হোৱা নাই। কৰ্মক্ষমতা সলনি কৰাৰ সিদ্ধান্তৰ ফলত ২ শতাংশ কৰ্মচাৰী প্ৰভাৱিত হ’ব। ইয়াৰোপৰি সংস্থাটোৱে কৰ্মচাৰীসকলক আৰ্থিক সাহাৰ্য আৰু চাকৰি বিচৰাত সহায় কৰাৰ আশ্বাস দিছে।
উল্লেখ্য যে, সমগ্ৰ বিশ্বতে টিচিএছৰ প্ৰায় ৬ লাখ কৰ্মচাৰী আছে। দেশৰ সৰ্ববৃহৎ ব্যক্তিগত তথ্য প্ৰযুক্তি সংস্থা টি চি এছ। ইয়াৰ পৰাই ১২ হাজাৰ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰা হৈছে। কোম্পানীয়ে কামৰ ক্ষেত্ৰত AI, ডিজিটেল ট্ৰান্সফাৰ, ক্লাউডৰ প্ৰয়োগ কৰাৰ প্ৰস্তুতি চলাই থকাৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে দেশৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰতিবাদৰ পাছত কৰ্ণাটক চৰকাৰ আৰু কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে টিচিএছৰ পৰা প্ৰতিবেদন বিচাৰিছে।
অন্য খবৰ পঢ়কঃ BTR নিৰ্বাচনঃ ২ গৰাকী বিধায়কসহ ১৮জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ UPPL ৰ…