নিমিষতে এখন ফটো 3D লৈ ৰূপান্তৰ, চলিছে শাৰী পিন্ধা ৰেট্ৰ’ ফটোৰ ট্ৰেণ্ড ! ই কেনেকৈ সম্ভৱ জানেনে?
"Nano Banana" আচলতে গুগলৰ Gemini 2.5 Flash Image ৰ এটা মডেল। এই AI মডেলে কেইটামান মুহূৰ্তৰ ভিতৰতে সাধাৰণ এখন ফটোক অসাধাৰণ কৰি তুলিছে। এই মুহূৰ্তত দুটা ট্ৰেণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাইৰেল হৈ পৰিছে এই AI ইমেজ জেনেৰেচন টুলছ।

গুগলৰ ইমেজ জেনেৰেচন AI য়ে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। এই কৃত্ৰিম বুদ্ধিমত্তাৰ মডেলটোক “Nano Banana” বুলি কোৱা হৈছে। এই “Nano Banana” আচলতে গুগলৰ Gemini 2.5 Flash Image ৰ এটা মডেল। এই AI মডেলে কেইটামান মুহূৰ্তৰ ভিতৰতে সাধাৰণ এখন ফটোক অসাধাৰণ কৰি তুলিছে। এই মুহূৰ্তত দুটা ট্ৰেণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাইৰেল হৈ পৰিছে এই AI ইমেজ জেনেৰেচন টুলছ। এটা ট্ৰেণ্ড হৈছে সাধাৰণ ফটো 3D লৈ ৰূপান্তৰিত কৰা বা তৈয়াৰ কৰা আৰু আনটো আশীৰ দশকৰ শাৰী পিন্ধা ৰেট্ৰ’ ফটো প্ৰস্তুত কৰা।
ব্যৱহাৰকাৰীসকলে নিজৰ সাধাৰণ ফটো “Nano Banana” ত আপলোড কৰি ইয়াক 3D লৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ বাবে কোনো ক’ড বা জটিল চফ্টৱেৰৰ প্ৰয়োজন নাই। কেৱল এখন ভাল ফটো আৰু নিৰ্দিষ্ট প্ৰমপ্ট দিলেই, কৃত্ৰিম বুদ্ধিমত্তাই আপোনাৰ মুখৰ গঠন, ভংগীমা আৰু ছালৰ টেক্সচাৰ বিশ্লেষণ কৰি এখন 3D মডেলৰ ছবি সৃষ্টি কৰিব পাৰে। এই ফটোবোৰ প্ৰফাইল ছবিৰ পৰা গেমিং অৱতাৰলৈকে ব্যৱহাৰ কৰা হৈছে।
আনহাতে ইনষ্টাগ্ৰামত ‘ভিনটেজ শাৰী’ৰ ট্ৰেণ্ড দেখা গৈছে । “Nano Banana” টুলছৰ সহায়ত সাধাৰণ ফটোবোৰক আশী-নব্বৈৰ দশকৰ বলীউডৰ চিনেমাৰ পোষ্টাৰৰ দৰে ৰূপ দিয়া হৈছে। ৰেট্ৰ’ শাৰী, চিনেমাৰ দৰে পোহৰ আৰু ছাঁ আৰু নষ্টালজিক ফিল্টাৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এই ফটোবোৰত ফেশ্বন আৰু প্ৰযুক্তিৰ এক নিখুঁত সংমিশ্ৰণ দেখা গৈছে।
এই এআইয়ে কম্পিউটাৰ দৃষ্টি আৰু স্নায়ু ৰেণ্ডাৰ ব্যৱহাৰ কৰি কাম কৰে। এতিয়াৰ বাবে গুগলে এই “Nano Banana” টুলছটো বিনামূলীয়াকৈ ব্যৱহাৰৰ অনুমতি দিছে। “Nano Banana”ই সাধাৰণ মানুহক প্ৰতিদিনে নতুন নতুন ছবি সৃষ্টিৰ অভিজ্ঞতা প্ৰদান কৰিছে। যিয়ে কল্পনা আৰু বাস্তৱৰ মাজৰ সীমা অস্পষ্ট কৰি তুলিছে।