15 September 2025
TV9 ASSAM
দিনত দীঘলীয়া টোপনিৰ ফলত ৰাতি টোপনি অহাটো কঠিন হৈ পৰে আৰু অনিদ্ৰা হ’ব পাৰে। ই আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলায় ।
অধ্যয়নত দেখা গৈছে যে, দিনত দীঘলীয়া বা সঘনাই টোপনিৰ যোৱা লোকৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰোগ, আনকি মৃত্যুৰ আশংকা বৃদ্ধি পাব পাৰে।
দিনত অত্যধিক টোপনি যোৱাটো ৰাতি টোপনিৰ মানদণ্ড বেয়া বা ৰোগ নিৰ্ণয় নোহোৱা স্বাস্থ্যজনিত অৱস্থাৰ লক্ষণ হ’ব পাৰে।
ৰাতি পৰ্যাপ্ত টোপনিৰ অভাৱ হোৱা লোকসকলে সাধাৰণতে দিনত টোপনি যায়। ফলত বিশেষকৈ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
এই ক্ষেত্ৰত দিনৰ ভাগত ২০-৩০ মিনিটতকৈ বেছি টোপনি যোৱাৰ অভ্যাস পৰিহাৰ কৰক । পাৰিলে দিনটোৰ শেষৰ ফালে টোপনি যোৱাৰ পৰা বিৰত থাকক।
দিনত টোপনিৰ প্ৰয়োজন কম কৰিবলৈ ৰাতিৰ টোপনি সম্পূৰ্ণ আৰু ভাল হ’ব লাগে। এই ক্ষেত্ৰত গুৰুত্ব দিয়ক।
ৰাতি ভাল টোপনি যোৱাৰ পিছতো যদি দিনত টোপনিৰ প্ৰয়োজন অনুভৱ কৰে, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব আৰু পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিব।
পঢ়িবলৈ ক্লিক কৰক