TV9 ASSAM
অভিজ্ঞজনে সদায়েই আমাক খাদ্যৰ সৈতে কেঁচা নিমখ কোৱাৰ পৰা বিৰত থাকিবলৈ কয়। ইয়াৰ আঁৰত বহু বিজ্ঞানসন্মত কাৰণ আছে।
কেঁচা নিমখ বেছিকৈ খালে হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে। বিশেষকৈ উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত কেঁচা নিমখ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে।
অতিৰিক্ত কেঁচা নিমখ খালে ছালৰো বহু সমস্যা হ’ব পাৰে। প্ৰধানতঃ নিমখে দেহত ছডিয়ামৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে বহু সমস্যাই দেখা দিয়ে।
নিৰ্দিষ্ট পৰিমাণৰ নিমখে ছাল হাইড্ৰেটেড কৰি ৰাখে। কিন্তু অধিক নিমখ খালে ছালৰ আৰ্দ্ৰতা নোহোৱা হয়, এনে অৱস্থাত ছালখন শুকান-নিৰ্জীৱ হৈ পৰে।
অধিক পৰিমাণে নিমখ খালে দেহত লগা ঘাঁ সহজে ভাল নহয়। তদুপৰি নিমখ বেছি খালে দেহত অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধ হ’ব পাৰে। এনে হ’লে ছালৰ উজ্বলতা কমে।
অধিক পৰিমাণে নিমখ খালে ছাল সংবেদনশীল হৈ পৰে। এনে পৰিস্থিতিত ছালৰ জ্বলা-পোৰা হোৱা, ৰঙা পৰা, খজুৱতি আদি সমস্যাই দেখা দিব পাৰে।
কেঁচা নিমখ বেছিকৈ খোৱা লোকৰ শালমনৰ সমস্যা অধিক হয়। নিমখে দেহত অধিক পানী ধৰি ৰাখে বাবে কোষত পানীৰ অভাৱ হয়। সেয়ে শালমনৰ সমস্যা বেছি হয়।
পঢ়িবলৈ ক্লিক কৰক
ৰ'দৰ পৰা ভিতৰলৈ আহি নকৰিব এনে কাম