BSNLৰ ১৮০ দিনীয়া আকৰ্ষণীয় ৰিচাৰ্জ প্লেন, ডাটা লিমিট শেষ হ’লেও ব্যৱহাৰ কৰিব পাৰিব ইণ্টাৰনেট

বিএছএনএলৰ বহু দীৰ্ঘম্যাদী প্লেন আছে। ইয়াৰ ভিতৰত আছে ৭০ দিন, ৯০ দিন, ১৫০ দিন, ১৬০ দিন, ৩৩৬ দিন, ৩৬৫ দিন আৰু ৪২৫ দিনৰ একাধিক সস্তা প্লেন। ইয়াৰ মাজতে এইবাৰ বিএছ এনএলৰ ১৮০ দিনৰ নতুন প্লেনে লাভ কৰিছে ব্যাপক চৰ্চা।

BSNLৰ ১৮০ দিনীয়া আকৰ্ষণীয় ৰিচাৰ্জ প্লেন, ডাটা লিমিট শেষ হ’লেও ব্যৱহাৰ কৰিব পাৰিব ইণ্টাৰনেট

BSNLৰ আকৰ্ষণীয় ৰিচাৰ্জ প্লেন

Published: 

05 Mar 2025 14:46 PM

মোবাইল ব্যৱহাৰকাৰীসকলে প্ৰায়ে সস্তীয়া ৰিচাৰ্জ প্লেনৰ সন্ধানত থকা দেখা যায়। এই ক্ষেত্ৰত চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ BSNL-এ গ্ৰাহকৰ বাবে আনিছে এটাৰ পাছত আনটো নতুন আকৰ্ষণীয় প্লেন । যাৰ বাবে বহুতে Jio-Airtel-VI ত্যাগ কৰি বৰ্তমান BSNLৰ দিশে ধাৱমান হৈছে । ব্যক্তিগত কোম্পানীৰ ব্যয়বহুল ৰিচাৰ্জ প্লেনৰ পৰা গ্ৰাহকক সকাহ দিবলৈ অহৰহ নতুন প্লেন প্ৰৱৰ্তন কৰি আহিছে বিএছএনএলে ।

জিঅ’, এয়াৰটেল আৰু ভিআইৰ মূল্যবৃদ্ধিৰ পিছত অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আছে BSNL এ । এতিয়া কম দামত দীৰ্ঘম্যাদী প্লেনৰ প্ৰৱৰ্তনেই হৈ পৰিছে BSNLৰ পৰিচয় । শেহতীয়াকৈ BSNLএ অনা ১৮০ দিনীয়া প্লেনে নতুন আলোড়নৰ সৃষ্টি কৰিছে বজাৰত ।

বিএছএনএলৰ বহু দীৰ্ঘম্যাদী প্লেন আছে । ইয়াৰ ভিতৰত আছে ৭০ দিন, ৯০ দিন, ১৫০ দিন, ১৬০ দিন, ৩৩৬ দিন, ৩৬৫ দিন আৰু ৪২৫ দিনৰ একাধিক সস্তা প্লেন । ইয়াৰ মাজতে এইবাৰ বিএছ এনএলৰ ১৮০ দিনৰ নতুন প্লেনে লাভ কৰিছে ব্যাপক চৰ্চা ।

এই প্লেনৰ অধীনত মাত্ৰ এবাৰ ৰিচাৰ্জ কৰিলে আপুনি ১৮০ দিনৰ বাবে এই চিন্তাৰ পৰা মুক্ত হ’ব পাৰিব । BSNLৰ এই প্লেনে স্থানীয় আৰু এছটিডি নেটৱৰ্কত সীমাহীন কলিঙৰ সুবিধা প্ৰদান কৰে । য’ত হাই স্পীড ডাটাৰ লগতে প্ৰতিদিনে  গ্ৰাহকে লাভ কৰিব ১০০টা বিনামূলীয়া এছএমএছ । ইয়াৰ লগতে পাব ৯০ জিবি ডাটা । ডাটা লিমিট শেষ হ’লেও আপুনি ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব । কিন্তু সেই সময়ত আপুনি হাই স্পীড ডাটা নাপাব । ১৮০ দিনৰ বাবে এই বিশেষ প্লেনৰ মূল্য মাত্ৰ ৮৯৭ টকা । BSNL ৰ বাহিৰে আন কোনো কোম্পানীৰ ইমান সস্তা প্লেন নাই ।

প্ৰতি মঙলবাৰে হনুমান চালিছা পাঠ কৰিলে কি হয়? সকলো জানক
পাকিস্তানত ১০০ গ্ৰাম সেন্দূৰৰ দাম কিমান জানেনে? জানক...
ভাৰতৰ কোনখন ৰাজ্যত অপৰাধৰ হাৰ সৰ্বাধিক, অসমত কিমান জানেনে?
ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কিমান হয়? জানক সকলো...