শচীন-কোহলীক অতিক্ৰমি জয়ছোৱালৰ অনন্য অভিলেখ

5 July 2025

TV9 ASSAM

ইংলেণ্ডৰ বিপক্ষে এডজবাষ্টনত চলি থকা টেষ্টত ভাৰতে প্ৰথম ইনিংছত ৫৮৭ ৰান সংগ্ৰহ কৰাৰ সুবাদত বৃহৎ অগ্ৰগতি লাভ কৰিছে।

এডজবাষ্টন টেষ্ট

প্ৰথম ইনিংছত অধিনায়ক গিলে ২৬৯ ৰান সংগ্ৰহ কৰাৰ লগতে জয়ছোৱালে ৮৭ আৰু জাদেজাই ৮৯ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে।

প্ৰদৰ্শন

ভাৰতীয় দলৰ দ্বিতীয় ইনিংছত জয়ছোৱালে এক দৃঢ় আৰম্ভণি কৰিছিল যদিও ২৮ ৰান সংগ্ৰহ কৰা অৱস্থাত জ’ছ টংগুৰ বলত আউট হয়।

জয়ছোৱাল

অৱশ্যে এই ইনিংছটোৰ সময়তে জয়ছোৱালে এক অনন্য অভিলেখ ৰচে। এই দিশত তেওঁ প্ৰাক্তন তাৰকাদ্বয় শচীন আৰু কোহলীকো অতিক্ৰমো কৰে।

অভিলেখ

টেষ্টত জয়ছোৱালে এতিয়া আটাইতকৈ কম ইনিংছত ২০০০ ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যৌথভাৱে দ্ৰুততম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে।

২০০০ ৰান

এই ক্ষেত্ৰত জয়ছোৱালে প্ৰাক্তন তাৰকাদ্বয় ৰাহুল দ্ৰাবিড় আৰু বীৰেন্দ্ৰ সেহৱাগৰ অভিলেখ স্পৰ্শ কৰে। দুয়ো সমসংখ্যক ইনিংছত টেষ্টত ২০০০ ৰান সম্পূৰ্ণ কৰিছিল।

সমতা

জয়ছোৱালে এইপৰ্যন্ত ২১খন টেষ্টৰ ৪০ ইনিংছত ৫৩.১০ গড়ে ২০১৮ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা আহিছে ৫টা শতক আৰু ১১টা অৰ্ধশতক।

সংগ্ৰহ

তেওঁ লগতে দুই হাজাৰ ৰান সংগ্ৰহ কৰা দেশৰ দ্বিতীয় কনিষ্ঠতম খেলুৱৈৰ (২৩ বছৰ ১৮৮ দিন বয়সত) কৃতিত্ব অৰ্জন কৰিছে। এইক্ষেত্ৰত শীৰ্ষত আছে শচীন (২০ বছৰ ৩৩০ দিন বয়স)।

কৃতিত্ব

পঢ়িবলৈ ক্লিক কৰক 

প্ৰথমজন খেলুৱৈ ৰূপে এনে অভিলেখ জাদেজাৰ