নেপালত Gen-Z ৰ প্ৰতিবাদ ! প্ৰতিদিনে ফেচবুক আৰু ইনষ্টাগ্ৰামত এইসকল যুৱক-যুৱতীয়ে কিমান সময় কটায়?

১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰৰ শিশুসকলক Gen-Z হিচাপে হিচাপে ধৰা হয়। এই সময়ত প্ৰযুক্তিৰ দ্ৰুত বিকাশ আৰম্ভ হৈছিল, যাৰ প্ৰভাৱ এতিয়া তেওঁলোকৰ ওপৰত স্পষ্টকৈ দেখা গৈছে।

নেপালত Gen-Z ৰ প্ৰতিবাদ ! প্ৰতিদিনে ফেচবুক আৰু ইনষ্টাগ্ৰামত এইসকল যুৱক-যুৱতীয়ে কিমান সময় কটায়?
Published: 

08 Sep 2025 23:41 PM

১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা শিশুসকলক Gen-Z হিচাপে চিহ্নিত কৰা হয়। এই সময়ত প্ৰযুক্তিৰ দ্ৰুত বিকাশ আৰম্ভ হৈছিল, যাৰ প্ৰভাৱ এতিয়া তেওঁলোকৰ ওপৰত স্পষ্টকৈ দেখা গৈছে। তেওঁলোকে আন সহস্ৰাব্দ(millennium) লোকসকলতকৈ বহু বিষয়ত বেছি টেক জানে, কিন্তু এই একে প্ৰজন্মৰ ল’ৰা-ছোৱালী এতিয়া নেপালৰ ৰাজপথলৈ আহিছে। বিষয়টো প্ৰজন্মৰ সৈতে জড়িত নহয় যদিও ই ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে জড়িত। নেপাল চৰকাৰে ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাস্তালৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱক-যুৱতীসকলে।

শেহতীয়াকৈ নেপাল চৰকাৰে দেশখনত ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰিছিল। কিন্তু চৰকাৰৰ এই সিদ্ধান্ত Gen-Z যুৱক-যুৱতীসকলে মানি নলয় আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজধানী কাঠমাণ্ডুত সমবেত হয় যুৱক-যুৱতীসকল। শেষত এই প্ৰতিবাদে হিংসাত্মক ৰূপ লয়।

নিষেধাজ্ঞা আৰোপ কৰি নেপাল চৰকাৰে ছ’চিয়েল মিডিয়া কোম্পানীসমূহক নেপালত ব্যৱসায় চলোৱাৰ ক্ষেত্ৰত কেইবাটাও চৰ্ত বান্ধি দিছিল। চৰকাৰৰ চৰ্ত আছিল যে, কোম্পানীসমূহে নেপালত কাৰ্যালয় খুলি চৰকাৰী পঞ্জীয়ন কৰিব লাগিব, অভিযোগ গ্ৰহণ তথা নিষ্পত্তিৰ বাবে নেপালত কৰ্মচাৰী নিযুক্তি দিব লাগিব আৰু যিকোনো পৰ্যায়ৰ অশান্তি ৰোধৰ ব্যৱস্থা গঢ়ি তুলিব লাগিব। এই চৰ্ত মানি ল’লে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব বুলি স্পষ্ট কৰি দিছিল নেপাল চৰকাৰে। চৰকাৰে কয় যে, টিকটক, ভাইবাৰৰ দৰে কোম্পানীয়ে চৰকাৰৰ কথা মানি লৈছিল, গতিকে এই প্লেটফৰ্ম নিষিদ্ধ কৰা হোৱা নাছিল।

Vicinotech ৰ প্ৰতিবেদন অনুসৰি Gen-Z প্ৰজন্মৰ লোকে দিনটোত ৪ৰ পৰা ৬ ঘণ্টা ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। Gen-Z ৰ লোকে ষ্টৰিজ, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব, ৰিল, চৰ্ট ভিডিঅ’ চাই সময় কটায়।

যদি আমি ভাৰতৰ আটাইতকৈ জনপ্ৰিয় এপটোৰ কথা কওঁ, তেন্তে প্ৰতিবেদন অনুসৰি, দেশৰ ভিতৰতে সৰ্বাধিক ব্যৱহৃত ছ’চিয়েল মিডিয়া এপৰ ভিতৰত ইনষ্টাগ্ৰাম এতিয়া শীৰ্ষত আছে। ইয়াৰ পিছত Gen-Z য়ে ইউটিউব, স্নেপচ্যাট আৰু ৰেডিট ব্যৱহাৰ কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত Gen-Z ব্যৱহাৰকাৰীয়ে বেছিভাগ সময় চৰ্ট ভিডিঅ’ আৰু মিম চাইয়েই সময় কটায়। ১৫ ছেকেণ্ডৰ ৰিল হওক, ৩০ ছেকেণ্ডৰ ইউটিউব শ্বৰ্ট হওক, Gen-Z য়ে এনে কন্টেন্ট বেছি পছন্দ কৰে। প্ৰথম কেইছেকেণ্ডত যদি ই দৃষ্টি আকৰ্ষণ নকৰে তেন্তে তেওঁলোকে ইয়াক চুইপ কৰি আঁতৰাই পেলায়।

একেদৰে মিম Gen-Z য়ে ভাল পায়। তেওঁলোকে মিম যেনে- ৰাজনীতি বা দৈনন্দিন জীৱনৰ ওপৰত কমেডী, ব্যংগ আৰু স্মাৰ্ট মন্তব্য ভাল পায়। মিম কেৱল কৌতুক নহয়। প্ৰতিবেদন অনুসৰি তেওঁলোকে প্ৰকৃত মানুহক বিশ্বাস কৰে। বন্ধু, ক্ৰিয়েটৰ বা আনকি অচিনাকি মানুহে সৃষ্টি কৰা বাস্তৱ সময়ৰ বিষয়বস্তু প্ৰায়ে ব্ৰেণ্ডেড বিজ্ঞাপন ভিডিঅ’তকৈ বেছি পছন্দ কৰে।

আজিৰ পৰা এছিয়া কাপ ২০২৫, এতিয়ালৈকে কেইবাৰ এই প্ৰতিযোগিতা জয় কৰিছে ভাৰতে!
পাকঘৰত ব্যৱহাৰ হোৱা এইসমূহ বস্তু হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ...
এই ৪ ৰাশিৰ ওপৰত থাকে হনুমানৰ বিশেষ কৃপা, কেতিয়াও নহয় সুখ- সমৃদ্ধিৰ অভাৱ!
৯-৯-৯ দুৰ্লভ সংযোগ! মনৰ কামনা পূৰণ কৰিবলৈ কৰক এই কাম...