আজি মুকলি হ’ব এপ’লৰ iPhone 17, প্ৰতীক্ষাৰ পৰিব অন্তঃ এইদৰে চাব পাৰিব লাইভ ষ্ট্ৰীমিং
এপ’ল ইভেণ্টৰ সময়ত আইফোন ১৭ সংস্কৰণৰ চাৰিটা নতুন মডেল মুকলি কৰাৰ সম্ভাৱনা আছে। এইবাৰ আইফোন ১৭, আইফোন ১৭ প্ৰ’, আইফোন ১৭ প্ৰ’ মেক্সৰ উপৰিও নতুন আইফোন ১৭ এয়াৰো মুকলি কৰা হ’ব পাৰে।

আজি মুকলি হ’ব আইফোন ১৭
বিশ্বৰ প্ৰসিদ্ধ কোম্পানী এপ’লৰ মোবাইলৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণৰ কথা পুনৰাই নক’লেও হ’ব। কোম্পানীটোৰ জনপ্ৰিয় মোবাইল আইফোনৰ প্ৰতিটো সংস্কৰণ গ্ৰাহকৰ দ্বাৰা সমাদৃত হৈছে। এপ’লৰ আইফোন ১৭ সংস্কৰণৰ বাবে গ্ৰাহকসকলে দীৰ্ঘদিন ধৰি কৰি আহিছে অপেক্ষা। গ্ৰাহকৰ এই অপেক্ষাৰ আজি অন্ত পেলাব কোম্পানীটোৱে। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে এপ’লে মুকলি কৰিব বহু প্ৰতীক্ষিত আইফোন ১৭ সংস্কৰণ। এপ’লৰ এই বিশেষ অনুষ্ঠানৰ সময়ত কেৱল আইফোন ১৭– এই নহয়, আন বহু নতুন সামগ্ৰীও মুকলি কৰা হ’ব।
এই অনুষ্ঠানৰ সময়তে এপ’লে iOS 26, iPadOS 26 ইত্যাদি মুকলি কৰাৰ সম্ভাৱনা সম্ভাৱনা আছে। ভাৰতীয় সময় অনুসৰি নিশা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব এপ’লৰ এই বিশেষ অনুষ্ঠান। এপ’লৰ এই নতুন সামগ্ৰীসমূহৰ বাবে যদি আপুনিও অপেক্ষা কৰি আছে, ঘৰতে বহি এই ‘Apple Event 2025’ চাব পাৰে।
এপ’লৰ অফিচিয়েল চাইটৰ বাহিৰেও কোম্পানীটোৰ অফিচিয়েল ইউটিউব চেনেলত এই অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং চাব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে এই লেখাৰ তলত লাইভ ষ্ট্ৰীমিংৰ লিংক সংযোগ কৰা হৈছে, নিশা ১০:৩০ বজাৰ পৰা অনুষ্ঠান আৰম্ভ হোৱাৰ পিছতে এই লিংকত আপুনি পোনপটীয়াকৈ অনুষ্ঠানটো লাইভ চাব পাৰিব।
এপ’ল ইভেণ্টৰ সময়ত আইফোন ১৭ সংস্কৰণৰ চাৰিটা নতুন মডেল মুকলি কৰাৰ সম্ভাৱনা আছে। এইবাৰ আইফোন ১৭, আইফোন ১৭ প্ৰ’, আইফোন ১৭ প্ৰ’ মেক্সৰ উপৰিও নতুন আইফোন ১৭ এয়াৰো মুকলি কৰা হ’ব পাৰে। এয়াৰ ভেৰিয়েণ্টে প্লাছ ভেৰিয়েণ্টৰ ঠাই ল’ব।
নতুন আইফোন ১৭ সংস্কৰণৰ উপৰিও এপ’ল ইভেণ্টৰ সময়ত কোম্পানীটোৱে তিনিটা নতুন স্মাৰ্টৱাচ ক্ৰমে এপল ৱাচ ছিৰিজ ১১, ৱাচ আল্ট্ৰা ৩ আৰু ৱাচ এছ ই ৩ মুকলি কৰিব পাৰে। নতুন আইফোন আৰু নতুন স্মাৰ্টৱাচৰ উপৰিও তৃতীয় প্ৰজন্মৰ এয়াৰপডছ প্ৰ’ও মুকলি কৰাৰ সম্ভাৱনা আছে।
কোম্পানীটোৱে তিনি বছৰ পূৰ্বে দ্বিতীয় প্ৰজন্মৰ মডেলটো মুকলি কৰিছিল, এইবাৰ তৃতীয় প্ৰজন্মৰ মডেলৰ বৈশিষ্ট্যসমূহ কিছু উন্নত ৰূপত সংযোজিত কৰা হ’ব পাৰে। যদি আপুনিও এপ’লৰ এই সামগ্ৰীসমূহৰ বিষয়ে জানিব বিচাৰে, তলৰ লিংকত ক্লিক কৰি এপ’লৰ আজিৰ বিশেষ অনুষ্ঠান চাব পাৰে–