আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আন কোনোৱে উলিয়াইছে নেকি ছিম কাৰ্ড! কিদৰে জানিব পাৰিব?

সম্প্ৰতি অধিকাংশ লোকৰে ফোন নম্বৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকে। কিন্তু যদি আন কোনো লোকে প্ৰৱঞ্চনাৰ আশ্ৰয় লৈ আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি ছিম কাৰ্ড উলিয়াইছে, তেতিয়া কি কৰিব? পিছে চিন্তা নকৰিব, সেই সমস্যাৰ সমাধান আছে। চৰকাৰী পৰ্টেলৰ সহায়ত এতিয়া সহজেই জানিব পাৰিব যে আপোনাৰ নামত কেইখন মোবাইল ছিম সক্ৰিয় হৈ আছে।

আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আন কোনোৱে উলিয়াইছে নেকি ছিম কাৰ্ড! কিদৰে জানিব পাৰিব?

প্ৰতিনিধিত্বমূলক ছবি

Published: 

28 Jun 2025 12:01 PM

বৰ্তমান সময়ত প্ৰতিজন লোকৰ বাবে অপৰিহাৰ্য হৈ পৰিছে হাতৰ মোবাইলটো আৰু আধাৰ কাৰ্ডখন। পিছে কেৱল মোবাইলটো থাকিলেই নহ’ব, মোবাইলৰ সেৱাৰ সুবিধা লাভ কৰিবলৈ এখন ছিম কাৰ্ডৰো প্ৰয়োজন। সম্প্ৰতি অধিকাংশ লোকৰে ফোন নম্বৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকে। কিন্তু যদি আন কোনো লোকে প্ৰৱঞ্চনাৰ আশ্ৰয় লৈ আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি ছিম কাৰ্ড উলিয়াইছে, তেতিয়া কি কৰিব? এনে ঘটনা হ’লে আপুনি কেতিয়াবা আইনী প্ৰক্ৰিয়াৰ আওতালৈ অহাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

যদি আন কোনো লোকে আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি ছিম কাৰ্ড উলিয়ায় আৰু এই নম্বৰৰ অপব্যৱহাৰ হয়, তেতিয়া আপুনি প্ৰথমে আৰক্ষীৰ চমন লাভ কৰিব। চাইবাৰ জালিয়াতি, অ’টিপি হেক, আৰ্থিক জালিয়াতিৰ দৰে ঘটনাত ভুৱা ছিম কাৰ্ড ব্যৱহাৰ সম্প্ৰতি দেখিবলৈ পোৱা যায়। এই চক্ৰসমূহে সততে আন লোকৰ নামত ছিম কাৰ্ড ব্যৱহাৰ কৰে, অথচ সেই লোকসকলে তেওঁলোকৰ নামত ছিম কাৰ্ড সক্ৰিয় হৈ থকাৰ কথা উমানেই নাপায়।

পিছে চিন্তা নকৰিব, সেই সমস্যাৰ সমাধান আছে। চৰকাৰী পৰ্টেলৰ সহায়ত এতিয়া সহজেই জানিব পাৰিব যে আপোনাৰ নামত কেইখন মোবাইল ছিম সক্ৰিয় হৈ আছে। ইয়াৰ বাবে আপুনি চৰকাৰী ৱেবছাইট https://sancharsaathi.gov.in/ লৈ যাওক। এই ৱেবচাইটৰ জৰিয়তে আপুনি হেৰুওৱা বা চুৰি হোৱা ফোন ব্লক কৰিব পাৰে। ইয়াৰ উপৰিও এই ৱেবচাইটৰ জৰিয়তে আপোনাৰ নামত কিমান ছিম কাৰ্ড সক্ৰিয় হৈ আছে, সেয়াও চাব পাৰিব।

এই তথ্য লাভৰ বাবে sancharsaathi পৰ্টেলত ‘Citizen Centric Service’ শিতানলৈ যাওক। তাৰ পিছত ফোন নম্বৰেৰে লগইন কৰিব লাগিব। ইয়াৰ পিছতে আপোনাৰ নামত কিমান ছিম কাৰ্ড সক্ৰিয় হৈ আছে, সেয়া জানিব পাৰিব। আৰু যদি আপুনি ব্যৱহাৰ নকৰা কোনো নম্বৰ দেখা পায়, তেতিয়া ‘Not My Number’ চিলেক্ট কৰি চাবমিট কৰক।

টেলিকমিউনিকেচন বিভাগ বা DOT- ৰ মতে, এগৰাকী ব্যক্তিয়ে নিজৰ নামত সৰ্বাধিক ৯ খন চিম কাৰ্ড ল’ব পাৰে। এই সীমাতকৈ অধিক ছিম কাৰ্ড থাকিলে ব্যক্তিজন আইনী সমস্যাৰ সন্মুখীন হ’ব পাৰে।  এনে কাৰণতে আপোনাৰ নামত কিমান ছিম কাৰ্ড আছে সেয়া জনাটো অত্যন্ত প্ৰয়োজনীয়।

বাৰে বাৰে আপোনাৰ শৰীৰটো ভাগৰুৱা যেন লাগে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
কিনা পানীৰ বটলৰ সাঁফৰৰ ৰং কিয় বেলেগ বেলেগ হয় জানেনে?
গোৰোহাৰ বিষ বা ফুলাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক
আহিব নতুন ভাইৰাছ, দ্ৰুতগতিত বৃদ্ধ হ'ব মানুহ! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী