‘শিষ্য’ৰ প্ৰশংসাত পঞ্চমুখ গুৰু যুৱৰাজঃ স্বপ্ন পূৰ কৰি গুৰু সন্দৰ্ভত এয়া কি ক’লে অভিষেকে!

মুম্বাইত কালি অভিষেকে মাত্ৰ ৫৪টা বলত ৭টা চাৰি আৰু ১৩টা ছয়ৰ সহায়ত ১৩৫ ৰান সংগ্ৰহ কৰে। এই ইনিংছটোৰে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয়ত এটা ইনিংছত সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ ভাৰতীয় অভিলেখ স্থাপন কৰে। শিষ্য অভিষেকৰ এনে দুৰন্ত শৈলীৰ বেটিং প্ৰদৰ্শন কৰি গুৰু যুৱৰাজো উৎফুল্লিত হৈ পৰে।

‘শিষ্য’ৰ প্ৰশংসাত পঞ্চমুখ গুৰু যুৱৰাজঃ স্বপ্ন পূৰ কৰি গুৰু সন্দৰ্ভত এয়া কি ক’লে অভিষেকে!

শিষ্য অভিষেকক প্ৰশংসা গুৰু যুৱৰাজৰ

Updated On: 

03 Feb 2025 | 01:55 PM

দেওবাৰে সামৰণি পৰিল ইংলেণ্ডৰ বিপক্ষে ভাৰতৰ পাঁচখনীয়া মেচৰ টি-২০ শৃংখলা। দুৰন্ত প্ৰদৰ্শনেৰে ভাৰতীয় দলে এই শৃংখলাত ৪-১ ব্যৱধানত জয়লাভ কৰে। কালি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা শৃংখলাৰ অন্তিমখন মেচত ভাৰতীয় দলে ১৫০ ৰানৰ বৃ্হৎ ব্যৱধানত ইংলেণ্ডক বিধ্বস্ত কৰি তোলে। মেচখনত বিধ্বংসী বেটিঙেৰে এক প্ৰকাৰে ইংৰাজ বাহিনীক দিশহাৰা কৰে অভিষেক শৰ্মাই। ইনিংছৰ আৰম্ভণিৰ পৰাই স্বভাৱসিদ্ধ আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰি মাৰমুখী বেটিঙেৰে এক চমকপ্ৰদ শতকীয় ইনিংছ খেলে।

মেচখনত অভিষেকে মাত্ৰ ৫৪টা বলত ৭টা চাৰি আৰু ১৩টা ছয়ৰ সহায়ত ১৩৫ ৰান সংগ্ৰহ কৰে। এই ইনিংছটোৰে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয়ত এটা ইনিংছত সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ ভাৰতীয় অভিলেখ স্থাপন কৰে। ভাৰতীয় দলক এক বৃ্হৎ স্ক’ৰৰ মঞ্চ প্ৰদান কৰি ইনিংছৰ ১৮ সংখ্যক অভাৰত পেভিলিয়নমুখী হয় অভিষেক। এইদৰে যুৱ তাৰকাগৰাকীয়ে তেওঁৰ গুৰু তথা ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা যুৱৰাজ সিঙৰ এক বিশেষ স্বপ্ন পূৰণ কৰে।

অভিষেকে মেচৰ পিছত জানিবলৈ দিয়া মতে যুৱৰাজে সদায়েই তেওঁ ১৫ৰ পৰা ২০ অভাৰলৈকে বেটিং কৰাটো বিচাৰিছিল। আজিৰ মেচখনত তেওঁ ১৮ সংখ্যক অভাৰলৈ বেটিং কৰা দেখি যুৱৰাজ সিং নিশ্চয় আনন্দিত হ’ব বুলি মন্তব্য কৰে অভিষেকে। যুৱ তাৰকাগৰাকীয়ে লগতে তেওঁ কেৱল গুৰু যুৱৰাজক অনুসৰণ কৰি তেওঁ দিয়া শিক্ষা প্ৰয়োগৰ চেষ্টা কৰিছিল আৰু ইয়াৰ বাবেই সফলতা লাভ কৰিছিল বুলি উল্লেখ কৰে।

ইফালে শিষ্য অভিষেকৰ এনে দুৰন্ত শৈলীৰ বেটিং প্ৰদৰ্শন কৰি যুৱৰাজো উৎফুল্লিত হৈ পৰে। নিজা চ’ছিয়েল মিডিয়া একাউণ্ট যোগে অভিষেকক প্ৰশংসা কৰি যুৱৰাজে যুৱ তাৰকাগৰাকীক এই পৰ্যায়্তে চাব বিচাৰিছিল বুলি উল্লেখ কৰে। লগতে অভিষেকক লৈ গৌৰৱ অনুভৱ কৰা বুলিও যুৱৰাজে পোষ্টটোত কয়। গুৰু যুৱৰাজৰ পৰা এনে প্ৰশংসা লাভ কৰাৰ পিছত অভিষেকে এক বিশেষ মন্তব্য কৰিছে।

ৰসাত্মকভাৱে গুৰু যুৱৰাজে প্ৰথমবাৰৰ বাবে চেণ্ডেলৰ ভাবুকি নিদিয়াকৈ কিবা এটা কৈছে বুলি মন্তব্য কৰে অভিষেক শৰ্মাই। যুৱৰাজে তেওঁক লৈ গৌৰৱ কৰা বুলি জানি সুখ প্ৰকাশো কৰে অভিষেকে। বাওঁহতীয়া যুৱ অপেনাৰগৰাকীয়ে কয় যে তেওঁ যুৱৰাজৰ ওচৰত ৩ বছৰ ধৰি প্ৰশিক্ষণ লৈছে। অভিষেকে উল্লেখ কৰা মতে তেতিয়াৰ পৰাই যুৱৰাজে তেওঁৰ ওপৰত বিশ্বাস প্ৰকাশ কৰি এগৰাকী খেলুৱৈ হিচাপে সফলতাত সন্দেহ থাকিব যদিও এদিন ভাৰতক মেচ জিকাব বুলি আশা প্ৰকাশ কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...