সলনি হ’ব প্ৰশিক্ষক, যুৱৰাজৰ কান্ধত পৰিব পাৰে দলৰ দায়িত্ব! পোহৰলৈ ডাঙৰ খবৰ

ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা তথা ২০১১ চনৰ ভাৰতৰ বিশ্বকাপ জয়ৰ নায়ক যুৱৰাজ সিঙকো হয়তো আগন্তুক আই পি এলত দেখা যাব প্ৰশিক্ষকৰ ভূমিকাত। নিজৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে খেলুৱৈ জীৱনত অপাৰ সাফল্য লাভ কৰা যুৱৰাজে হয়তো আগন্তুক আই পি এলত এটা ফ্ৰেন্সাইজিক মাগদৰ্শন কৰাব পাৰে।

সলনি হ’ব প্ৰশিক্ষক, যুৱৰাজৰ কান্ধত পৰিব পাৰে দলৰ দায়িত্ব! পোহৰলৈ ডাঙৰ খবৰ

প্ৰশিক্ষকৰ ভূমিকাত দেখা যাব পাৰে যুৱৰাজক!

Updated On: 

30 Oct 2025 | 05:28 PM

ভাৰতীয় ক্ৰিকেট ক্ষেত্ৰত মহিলা বিশ্বকাপ আৰু ভাৰতীয় দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সমান্তৰালকৈ এতিয়া ৰঞ্জী ট্ৰফীৰ চৰ্চা। তাৰ মাজে মাজে আলোচনাৰ আধাৰ হৈ পৰিছে ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, আই পি এল। বিশেষকৈ কেইসপ্তাহমানৰ পিছত হ’বলগা খেলুৱৈৰ নিলাম আৰু ফ্ৰেন্সাইজিসমূহে খেলুৱৈৰ ৰিটেইন সন্দৰ্ভত ল’বলগা সিদ্ধান্তক লৈ চৰ্চা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ ফ্ৰেন্সাইজিসমূহৰ প্ৰশিক্ষক সম্পৰ্কীয় সিদ্ধান্তৰ ওপৰতো চকু ৰাখিছে অনুৰাগীয়ে।

ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা তথা ২০১১ চনৰ ভাৰতৰ বিশ্বকাপ জয়ৰ নায়ক যুৱৰাজ সিঙকো হয়তো আগন্তুক আই পি এলত দেখা যাব প্ৰশিক্ষকৰ ভূমিকাত। নিজৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে খেলুৱৈ জীৱনত অপাৰ সাফল্য লাভ কৰা যুৱৰাজে হয়তো আগন্তুক আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক মাগদৰ্শন কৰাব পাৰে।

লেংগাৰৰ স্থানত যুৱৰাজ!

ইনছাইড স্প’ৰ্টৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ফ্ৰেঞ্চাইজিটোৱে বৰ্তমান যুৱৰাজ সিঙৰ সৈতে মুখ্য প্ৰশিক্ষকৰ দায়িত্বৰ বাবে আলোচনা কৰি আছে। এই আলোচনা এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে যদিও ফ্ৰেঞ্চাইজিটোৱে বৰ্তমানৰ প্ৰশিক্ষক জাষ্টিন লেংগাৰৰ স্থানত যুৱৰাজ সিঙক নিযুক্তি দিব বিচাৰিছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

এই প্ৰতিবেদন মতে, লেংগাৰে স্থানীয় খেলুৱৈসকলৰ সৈতে প্ৰয়োজনীয় সংযোগ গঢ়ি তুলিব পৰা নাই। সেয়ে একেৰাহে দুগৰাকী বিদেশী প্ৰশিক্ষকৰ পিছত এতিয়া ফ্ৰেঞ্চাইজিটোৱে এজন ভাৰতীয়ক নিযুক্তি দিব বিচাৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এনে উদ্দেশ্যৰে এতিয়া ফ্ৰেন্সাইজিটোৱে যুৱৰাজ সিঙৰ সৈতে আলোচনাত মিলিত হৈছে।

‘অনভিজ্ঞ’ যুৱৰাজ

লক্ষণীয়ভাৱে যুৱৰাজৰ এইপৰ্যন্ত কোনো দলৰ সৈতে প্ৰশিক্ষক বা মেণ্টৰ হিচাপে কাম কৰাৰ অভিজ্ঞতা নাই। অৱশ্যে যুৱৰাজে ব্যক্তিগতভাৱে প্ৰশিক্ষক হিচাপে কাম কৰি আহিছে, বিশেষকৈ ভাৰতীয় দলৰ বৰ্তমানৰ টেষ্ট তথা এদিনীয়া দলৰ অধিনায়ক শুভমন গিল আৰু যুৱ অপেনাৰ অভিষেক শৰ্মাক যুৱৰাজে বিগত কেইবছৰমানত যথেষ্ট সহায় কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...