দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঐতিহাসিক জয়, ২-১ ত ছিৰিজ দখল টিম ইণ্ডিয়াৰ…

কে এল ৰাহুলৰ অধিনায়কত্বত টিম ইণ্ডিয়াই একেৰাহে দ্বিতীয়বাৰৰ বাবে দক্ষিণ আফ্ৰিকাক ২-১ ত পৰাস্ত কৰে। এই শৃংখলাত ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লৈছিল।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঐতিহাসিক জয়, ২-১ ত ছিৰিজ দখল টিম ইণ্ডিয়াৰ...
Published: 

06 Dec 2025 | 11:18 PM

এদিনীয়া শৃংখলাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে টিম ইণ্ডিয়াই। বিশাখাপট্টনমত অনুষ্ঠিত হোৱা শৃংখলাৰ অন্তিমখন খেলত টিম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে কে এল ৰাহুলৰ অধিনায়কত্বত টিম ইণ্ডিয়াই একেৰাহে দ্বিতীয়বাৰৰ বাবে দক্ষিণ আফ্ৰিকাক ২-১ ত পৰাস্ত কৰে। এই শৃংখলাত ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লৈছিল।

ভাৰতে প্ৰথমে বলিং কৰি দক্ষিণ আফ্ৰিকাক মাত্ৰ ২৭০ ৰানত সীমাবদ্ধ কৰি ৰাখিছিল। কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণই ৪ টাকৈ উইকেট দখল কৰি মুখ্য ভূমিকা পালন কৰে। ইয়াৰ পিছতে যশস্বী জয়ছৱালে (১১৬ ৰান কৰি নট আউট) এদিনীয়া ক্ৰিকেটত প্ৰথমটো শতক অৰ্জন কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়।

প্ৰথম অভাৰত আর্শদীপ সিঙে ৰিয়ান ৰিকেলটনক আউট কৰে যদিও তাৰ পিছত কুইণ্টন ডি ককে আক্ৰমণ আৰম্ভ কৰি শতক অৰ্জন কৰে। যদিও প্ৰসিদ্ধ কৃষ্ণই ২৯ নং অভাৰত দুটা উইকেট দখল কৰি কামবেক কৰিছিল আৰু তাৰ পিছত ৩৩ অভাৰত ডি ককক ১০৬ ৰানত আউট কৰিছিল। তাৰ পৰাই দক্ষিণ আফ্ৰিকাৰ উইকেট খহিবলৈ ধৰে। এই ক্ষেত্ৰত কুলদীপ যাদৱে মুখ্য ভূমিকা পালন কৰে। ৩৯ নং অভাৰত কুলদীপে দুটা উইকেট দখল কৰি তাৰ পিছত আৰু দুটা উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাক ২৭০ ৰানত সীমাবদ্ধ কৰি ৰাখে।

বেটিঙত ৰোহিত শৰ্মা আৰু যশস্বী জয়ছৱালে টিম ইণ্ডিয়াৰ বাবে এক ভয়ংকৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। লাহে লাহে আৰম্ভণি কৰিছিল যদিও লাহে লাহে গতি বৃদ্ধি কৰিছিল আৰু ২৫.৫ অভাৰত ১৫৫ ৰানৰ বিশাল অংশীদাৰিত্বৰে মেচখনত জয়ৰ নিশ্চয়তা বৃদ্ধি কৰে। যদিও ৰোহিতে ৭ টা চাৰি আৰু ৩ টা ছয়েৰে ৭৫ ৰান সংগ্ৰহ কৰে, ইফালে জয়ছোৱালে এদিনীয়া ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে।

ৰোহিতৰ আউটৰ পিছত ক্ৰীজলৈ অহা বিৰাট কোহলীয়ে নিজৰ ফৰ্ম অব্যাহত ৰাখি অৰ্ধশতক অৰ্জন কৰি জয়ছোৱালৰ সৈতে ১১৬ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল আৰু মাত্ৰ ৩৯.৫ অভাৰত মেচখন আৰু ছিৰিজখন জয় কৰে ভাৰতে। কোহলীয়ে ৪৫ বলত অপৰাজিত ৬৫ ৰান (৬ টা চাৰি,৩ টা ছয়) কৰাৰ বিপৰীতে জয়ছৱালে ১২১ বলত অপৰাজিত ১১৬ ৰান(১২ টা চাৰি, ২ টা ছয়) সংগ্ৰহ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...