সম্ভাৱনাপূৰ্ণ কেৰিয়াৰৰ যৱনিকা! ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে দেশৰ এইগৰাকী উদীয়মান ক্ৰিকেটাৰৰ

এগৰাকী যুৱতীয়ে উত্থাপন কৰা গুৰুতৰ অভিযোগৰ পিছত এতিয়া বিপদত পৰিছে এগৰাকী উদীয়মান ক্ৰিকেটাৰ। যুৱ তাৰকাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন শোষণৰ গুৰুতৰ অভিযোগ। এগৰাকী যুৱতীয়ে উত্থাপন কৰা অভিযোগৰ পিছত ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৬৯ ধাৰাত এফআইআৰ ৰুজু কৰা হৈছে।

সম্ভাৱনাপূৰ্ণ কেৰিয়াৰৰ যৱনিকা! ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে দেশৰ এইগৰাকী উদীয়মান ক্ৰিকেটাৰৰ

য়শ দয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

Published: 

08 Jul 2025 | 02:07 PM

যৌন শোষণৰ গোচৰে জোকাৰিছে ভাৰতীয় ক্ৰিকেটক এগৰাকী যুৱতীয়ে উত্থাপন কৰা গুৰুতৰ অভিযোগৰ পিছত এতিয়া বিপদত পৰিছে এগৰাকী উদীয়মান ক্ৰিকেটাৰ এক কঠিন পৰিস্থিতিৰ পৰা উত্থান ঘটাই নিজৰ প্ৰদৰ্শনৰ সুবাদত এই খেলুৱৈগৰাকীয়ে ৰচিছিল এক সম্ভাৱনাপূৰ্ণ কেৰিয়াৰৰ স্বপ্ন ভাৰতীয় দলতো লাভ কৰিছিল স্থান কিন্তু এই সকলো সম্ভাৱনা এতিয়া মষিমূৰ হোৱাৰ পথত যুৱ তাৰকাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন শোষণৰ গুৰুতৰ অভিযোগ এগৰাকী যুৱতীয়ে উত্থাপন কৰা অভিযোগৰ পিছত ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৬৯ ধাৰাত এফআইআৰ ৰুজু কৰা হৈছে।

যদি অপৰাধ প্ৰমাণ হয়, এই জামিনহীন ধাৰাৰ অধীনত খেলুৱৈগৰাকীৰ ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে। এই ক্ৰিকেটাৰগৰাকী আন কোনো নহয়, তেওঁ হৈছে ভাৰতীয় যুৱ পেচাৰ যশ দয়াল আই পি এলত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ পিছত য়শ দয়ালে ভাৰতীয় দললৈও আমন্ত্ৰণ লাভ কৰিছিল অৱশ্যে জাতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ নকৰিলেও দয়ালে আই পি এলত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল

শেহতীয়াকৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ প্ৰথমটো আই পি এল খিতাপ জয়তো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এনে প্ৰদৰ্শনৰ পিছত দয়ালৰ কেৰিয়াৰত দেখা দিছিল কিছু আশাই কিন্তু এতিয়া উত্থাপিত যৌন আতিশয্যৰ অভিযোগে বিপদত পেলাই দয়ালকআৰক্ষী সূত্ৰই জনোৱা মতে, এগৰাকী যুৱতীয়ে যশ দয়ালৰ বিৰুদ্ধে বিবাহৰ প্ৰলোভনেৰে আৰ্থিক, মানসিক আৰু শাৰীৰিকভাৱে শোষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

যশ দয়ালে বিবাহৰ প্ৰলোভনেৰে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বুলিও যুৱতীগৰাকীয়ে অভিযোগ তুলিছে সূত্ৰ অনুসৰি, ভুক্তভোগী যুৱতীগৰাকীয়ে নিজৰ অভিযোগৰ সম্পৰ্কত হোৱাটছএপ চাট, ভিডিঅ’ কলৰ স্ক্ৰীণশ্বট আৰু ফটোৰ দৰে কিছু প্ৰমাণো দাখিল কৰিছে ইয়াৰ পিছতে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি কৰিছে। অৱশ্যে যশ দয়ালৰ বিৰুদ্ধে ভুক্তভোগীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও তদন্ত আৰম্ভ কৰা নাই বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ভুক্তভোগী যুৱতীগৰাকীৰ চিকিৎসা পৰীক্ষা আৰু দণ্ডাধীশৰ সন্মুখত তেওঁৰ বক্তব্য আইনীভাৱে লিপিবদ্ধ কৰাৰ পিছতহে আৰক্ষীৰ ব্যৱস্থা আৰম্ভ হ’ব। যদি তদন্তত যশ দয়ালৰ বিৰুদ্ধে উত্থাপিত অভিযোগ শুদ্ধ বুলি প্ৰমাণিত হয় আৰু তেওঁক দোষী সাব্যস্ত কৰা হয়, তেতিয়া তেওঁক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব পাৰে। ভুক্তভোগী যুৱতীগৰাকী গাজিয়াবাদৰ ইন্দিৰাপুৰমৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

যশ দয়ালৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এফআইআৰ পঞ্জীয়ন কৰি যুৱতীগৰাকীয়ে দাবী কৰা মতে যোৱা ৫ বছৰ ধৰি ক্ৰিকেটাৰগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। সূত্ৰ মতে, যশ দয়ালৰ পৰিয়ালেও বিবাহৰ আশ্বাস দিয়া বুলি যুৱতীগৰাকীয়ে দাবী কৰিছে। অৱশ্যে এতিয়ালৈকে যশ দয়াল বা তেওঁৰ পৰিয়ালে এই বিষয়ত কোনো বক্তব্য দিয়া নাই। আনকি ছ’চিয়েল মিডিয়াতো এই বিষয়ত কোনো প্ৰতিক্ৰিয়া দেখা পোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...