অপেক্ষাৰ অন্ত পৰিল, প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হ’ল দক্ষিণ আফ্ৰিকা…

লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাই। দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে ছিনিয়ৰ ক্ৰিকেটত বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে।

অপেক্ষাৰ অন্ত পৰিল, প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হ’ল দক্ষিণ আফ্ৰিকা...

বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিলে দক্ষিণ আফ্ৰিকাই

Published: 

14 Jun 2025 | 06:24 PM

ইতিহাস সৃষ্টি কৰিলে টেম্বা বাভুমাৰ অধিনায়কত্বত দক্ষিণ আফ্ৰিকাই । লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাই। দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে ছিনিয়ৰ ক্ৰিকেটত বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে। দক্ষিণ আফ্ৰিকাৰ এই জয়ৰ তাৰকা আছিল বেগী বলাৰ কাগিছ’ ৰাবাডা আৰু অ’পেনাৰ এইডেন মাৰ্ক্ৰাম। খেলখনত ৰাবাদাই ৯ টা উইকেট দখল কৰাৰ লগতে চতুৰ্থ ইনিংছত মাৰ্ক্ৰামে ১৩৬ ৰান সংগ্ৰহ কৰে। একে সময়তে অধিনায়ক টেম্বা বাভুমাইও হামষ্ট্ৰিঙৰ আঘাতৰ সৈতে যুঁজি ৬৬ ৰান সংগ্ৰহ কৰে।

মেচৰ চতুৰ্থ দিনা কাইল ভেৰেইনৰ বেটৰ পৰা বিজয়ী ৰান ওলোৱাৰ লগে লগে লৰ্ডছৰ ড্ৰেছিং ৰুমত থকা দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ লগতে ষ্টেডিয়ামত উপস্থিত থকা প্ৰতিজন দক্ষিণ আফ্ৰিকান অনুৰাগী আৰু সাধাৰণ ক্ৰিকেট অনুৰাগীয়েও আনন্দত জপিয়াই উঠিল। অৱশেষত বছৰ বছৰ ধৰি পৰাজয়ৰ অন্তত এই দেশখনে ক্ৰিকেটত সফলতা লাভ কৰিলে। দক্ষিণ আফ্ৰিকাই ২৭ বছৰ পূৰ্বে ১৯৯৮ চনত চেম্পিয়নছ ট্ৰফীৰ ৰূপত শেষবাৰৰ বাবে আইচিচি খিতাপ দখল কৰিছিল।

দক্ষিণ আফ্ৰিকাৰ বাবে অষ্ট্ৰেলিয়াই ২৮২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ২৮২ ৰান খেদি খেদি দক্ষিণ আফ্ৰিকাই তৃতীয় দিনটোতে ২ উইকেটত ২১৩ ৰান সংগ্ৰহ কৰে, য’ত তৃতীয় উইকেটৰ বাবে টেম্বা বাভুমা আৰু এইডেন মাৰ্ক্ৰামৰ মাজত শতকীয় অংশীদাৰিত্বই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু চতুৰ্থ দিনৰ খেল আৰম্ভ হোৱাৰ সময়ত সেই অংশীদাৰিত্বৰ বিশেষ বৃদ্ধি হোৱা নাছিল। তৃতীয় দিনা ৬৫ ৰানত অপৰাজিত হৈ থকা টেম্বা বাভুমাই চতুৰ্থ দিনটোত নিজৰ স্ক’ৰত আৰু মাত্ৰ এটা ৰান সংযোজন কৰিব পাৰিলে । পেট কামিন্সে আউট কৰে বাভুমাক । তৃতীয় উইকেটৰ বাবে বাভুমা আৰু এইডেন মাৰ্ক্ৰাম মাজত মুঠ ১৪৭ ৰানৰ অংশীদাৰিত্ব আছিল।

বাভুমা আউট হোৱাৰ পিছত মাৰ্ক্ৰামে এটা মূৰত থিয় হৈ দলটোক জয়ৰ ওচৰলৈ লৈ গ’ল। দক্ষিণ আফ্ৰিকাৰ প্ৰতিজন অনুৰাগীয়ে তেওঁৰ বেটৰ পৰা বিজয়ী ৰানটো চাবলৈ আশা কৰিছিল যদিও সেয়া নহ’ল কাৰণ মাৰ্ক্ৰামৰ উজ্জ্বল ইনিংছটো জয়ৰ ৭ ৰান পূৰ্বে শেষ হৈছিল যদিও তেতিয়ালৈকে কামটো সম্পূৰ্ণ হৈ উঠিছিল। মাৰ্ক্ৰামে ১৩৬ ৰান সংগ্ৰহ কৰে, যিটো চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...