লৰ্ডছৰ ভূমিতে আজি সুৱৰ্ণ সুযোগঃ চ’কাৰ্ছ অভিধা দূৰ কৰিব পাৰিবনে প্ৰটিয়াছ বাহিনীয়ে!

আইচিচি বিশ্ব টেষ্ট টেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে অৱতীৰ্ণ হৈছে দক্ষিণ আফ্ৰিকা। মেচখনত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া প্ৰথম অৱস্থাত শক্তিশালী স্থিতিত আছিল যদিও দক্ষিণ আফ্ৰিকাই শক্তিশালী প্ৰত্যাৱৰ্তনেৰে মেচখন নিজৰ হাতলৈ আনিছে। কেৱল সিমানেই নহয়, একপ্ৰকাৰে প্ৰায় টেষ্ট চেম্পিয়নশ্বিপ জয়ৰ দিশতে আগবাঢ়িছে দলটো।

লৰ্ডছৰ ভূমিতে আজি সুৱৰ্ণ সুযোগঃ চ’কাৰ্ছ অভিধা দূৰ কৰিব পাৰিবনে প্ৰটিয়াছ বাহিনীয়ে!

স্বপ্ন পূৰ হ’বনে দক্ষিণ আফ্ৰিকাৰ!

Updated On: 

14 Jun 2025 | 02:38 PM

ক্ৰিকেট বিশ্বত এক শক্তিশালী দল হিচাপে সৰ্বদা পৰিচিত দক্ষিণ আফ্ৰিকা। বিশ্বৰ যিকোনো স্থানতে, যিকোনো দলৰ বিপক্ষেই ক্ৰিকেটৰ প্ৰতিটো ইভেণ্টত শক্তি প্ৰদৰ্শন কৰিব পৰাকৈ সক্ষম দলটো। পিছে এই পৰিচিত শক্তিৰ পিছতো দুৰ্ভাগ্যই লগ এৰা নাই দক্ষিণ আফ্ৰিকাক। এই দুৰ্ভাগ্যৰ পৰিণাম আইচিচি প্ৰতিযোগিতাত খিতাপ জয়ৰ ব্যৰ্থতা। খিতাপ জয়ৰ এই ব্যৰ্থতাৰ বাবেই ক্ৰিকেট বিশ্বত চ’কাৰ্ছ ৰূপে আখ্যায়িত প্ৰটিয়াছ বাহিনী। বাৰে বাৰে আইচিচি প্ৰতিযোগিতাত দেখি অহা এই ব্যৰ্থতাৰ ধাৰা আজি অৱসান ঘটোৱাৰ সুযোগ লাভ কৰিছে দলটোৱে।

আইচিচি বিশ্ব টেষ্ট টেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে অৱতীৰ্ণ হৈছে দক্ষিণ আফ্ৰিকা। মেচখনত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া প্ৰথম অৱস্থাত শক্তিশালী স্থিতিত আছিল যদিও দক্ষিণ আফ্ৰিকাই শক্তিশালী প্ৰত্যাৱৰ্তনেৰে মেচখন নিজৰ হাতলৈ আনিছে। কেৱল সিমানেই নহয়, একপ্ৰকাৰে প্ৰায় টেষ্ট চেম্পিয়নশ্বিপ জয়ৰ দিশতে আগবাঢ়িছে দলটো। অষ্ট্ৰেলিয়াই বান্ধি দিয়া ২৮২ ৰানৰ জয়ৰ লক্ষ্যৰ প্ৰায় কাষ চাপিছে প্ৰটিয়াছ বাহিনী।

কালি মেচৰ তৃতীয় দিনাৰ খেল সামৰণিৰ পৰলৈ দক্ষিণ আফ্ৰিকাই ২ উইকেটত ২১৩ ৰান সংগ্ৰহ কৰিছে। মেচখনৰ দুটা দিন সম্পূৰ্ণ বাকী থকা অৱস্থাত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে প্ৰয়োজন মাত্ৰ ৬৯ ৰানৰ। এতিয়াও দক্ষিণ আফ্ৰিকাৰ হাতত আছে ৮টা উইকেট। তাতোকৈ গুৰুত্বপূৰ্ণ, দলটোৰ এই শক্তিশালী স্থিতিৰ দুই প্ৰধান কাণ্ডাৰী এইডেন মাৰ্ক্ৰাম আৰু অধিনায়ক টেম্বা বাভুমা এতিয়াও নট আউট হৈ আছে।

মাৰ্ক্ৰামে নিজ কেৰিয়াৰৰে হয়তো এক ঐতিহাসিক ইনিংছে খেলি ১০২ ৰানত অপৰাজিত হৈ থকাৰ বিপৰীতে বাভুমাই সংগ্ৰহ কৰিছে অপৰাজিত ৬৫ ৰান। বিজয় লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আজিও এই দুই তাৰকাৰ ভূমিকা হ’ব লক্ষণীয়। ইয়াৰ পিছতো অৱশ্যে প্ৰয়োজনীয় ৬৯ ৰান সংগ্ৰহ কৰিব পৰাকৈ শক্তিশালী প্ৰটিয়াছ বেটিং বিভাগ। কিন্তু প্ৰয়োজনীয় লক্ষ্য সহজ যদিও অষ্ট্ৰেলিয়াৰ বলিং আক্ৰমণৰ শক্তি উলাই কৰিলে ভুল হ’ব দক্ষিণ আফ্ৰিকাৰ।

কামিন্স, ষ্টাৰ্ক আৰু হেজেলউডৰ দ্বাৰা গঠিত শক্তিশালী বলিং আক্ৰমণে যিকোনো মুহূৰ্ততে মেচৰ গতি সলনি কৰিব পাৰে। ইফালে লৰ্ডছৰ পিটছত কালি নাথান লিয়নৰ বলত চুইং হোৱাও পৰিলক্ষিত হৈছে। তেনে অৱস্থাত অষ্ট্ৰেলিয়াৰ বলিং আক্ৰমণক সন্তপৰ্ণে প্ৰত্যাহ্বান জনাব লাগিব প্ৰটিয়াছ বেটাৰে। আৰু যদি এই আক্ৰমণ নেওচি প্ৰটিয়াছ বাহিনী আজি সফল হয়, লৰ্ডছৰ বুকুত এয়া হ’ব হৈ পৰিব ঐতিহাসিক ক্ষণ।

ধাৰাবাহিক ব্যৰ্থতাৰ অৱসান ঘটাই দক্ষিণ আফ্ৰিকাই এইদৰে নিজৰ দখললৈ আনিব এক আইচিচি খিতাপ। ইয়াৰ পূৰ্বে ১৯৯৮ চনত দলটোৱে আইচিচি নক আউট ট্ৰফী জয় কৰিছিল। এই প্ৰতিযোগিতাই পিছলৈ আইচিচি চেম্পিয়নছ ট্ৰফী হিচাপে নামাংকৃত হৈছিল। ইয়াৰ পিছত ২৭ বছৰীয়া খৰাং। অৱশেষত আজি ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছত এই খৰাং দূৰ কৰাৰ স্বৰ্ণিল সুযোগ প্ৰটিয়াছ বাহিনীৰ সমুখত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...