আজি WPLৰ ফাইনেলঃ খিতাপ যুঁজত দিল্লী-মুম্বাই, পুনৰাবৃত্তি হ’ব নেকি ২০২৩ৰ!

আজি অনুষ্ঠিত হ’ব ৱ’মেন প্ৰিমিয়াৰ লীগ, চমুকৈ WPLৰ তৃতীয় সংস্কৰণৰ ফাইনেল মেচ। মুম্বাইৰ ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খিতাপ যুঁজত আজি মুখামুখি হ’ব দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ।

আজি WPLৰ ফাইনেলঃ খিতাপ যুঁজত দিল্লী-মুম্বাই, পুনৰাবৃত্তি হ’ব নেকি ২০২৩ৰ!

আজি WPLৰ ফাইনেল

Published: 

15 Mar 2025 17:16 PM

আজি অনুষ্ঠিত হ’ব ৱ’মেন প্ৰিমিয়াৰ লীগ, চমুকৈ WPLৰ তৃতীয় সংস্কৰণৰ ফাইনেল মেচ। মুম্বাইৰ ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খিতাপ যুঁজত আজি মুখামুখি হ’ব দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ। দুয়োটা দলে লীগ পৰ্যায়ত দৰ্শনীয় প্ৰদৰ্শনেৰে ৫ খনকৈ মেচত জয়লাভ কৰি শীৰ্ষ দুটা স্থান দখল কৰিছিল। উন্নত ৰান ৰেটৰ ভিত্তিত দিল্লী পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছিল মুম্বাই। শীৰ্ষস্থানৰ দল হিচাপে দিল্লী পোনে পোনে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মুম্বাইয়ে এলিমিনেটৰ মেচত গুজৰাট জায়েন্টছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

লক্ষণীয়ভাৱে দিল্লীয়ে এইবাৰৰ সৈতে প্ৰতিবাৰেই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশৰ কৃতিত্ব অৰ্জন কৰিছে। বিগত দুটা ছিজনতো দলটো ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ৰাণাৰ্ছ আপতে ক্ষান্ত থাকিবলগা হৈছিল। আনহাতে মুম্বাই ইণ্ডিয়ানছে ৱ’মেন প্ৰিমিয়াৰ লীগৰ উদ্বোধনী বৰ্ষৰ খিতাপ জয় কৰিছিল। দিল্লী কেপিটেলছক পৰাস্ত কৰিয়েই প্ৰথমটো ছিজনৰ খিতাপ জয় কৰিছিল মুম্বাইয়ে। গতিকে আজি মুম্বাইত পুনৰ দেখা যাব ২০২৩ৰ অনুৰূপ ফাইনেল মেচ।

অৱশ্যে এইবাৰ ফাইনেলৰ ফলাফলো পূৰ্বৰ দৰেই হ’ব নে, দিল্লীয়ে উক্ত পৰাজয়ৰ পোটক তুলিব পাৰে, সেয়া হ’ব লক্ষণীয়। চলিত ছিজনত পিছে মুম্বাইৰ বিপক্ষে শক্তিৰ উমান দিছে দিল্লীয়ে। লীগত সন্মুখীন হোৱা দুয়োবাৰৰ মুখামুখিত মেগ লেনিং নেতৃত্বাধীন দিল্লীয়ে পৰাস্ত কৰিছে হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন মুম্বাইক। এই ধাৰা দিল্লীয়ে আজি ফাইনেলতো অব্যাহত ৰাখিলে প্ৰথমবাৰৰ বাবে দলটোৱে খিতাপত চুম্বন দিবলৈ সক্ষম হ’ব।

দিল্লীৰ এই আশা পিছে সহজ হ’বলৈ নিদিব মুম্বাইয়ে। হৰমনপ্ৰীতৰ নেতৃত্বত দলটোৱে প্ৰথমখন মেচত পৰাজয়ৰ পিছত শক্তিশালী প্ৰত্যাৱৰ্তনেৰে ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৰ দুই বিদেশী সদস্য নাট চাইভাৰ-ব্ৰাণ্ট আৰু হেইলী মেথিউজ মুম্বাইৰ সাফল্যৰ প্ৰধান আধাৰ ৰূপে থিয় দিছে। এইপৰ্যন্ত ব্ৰাণ্ট প্ৰতিযোগিতাৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে মেথিউজে দখল কৰিছে সৰ্বাধিক উইকেট। আজি ফাইনেলতো দুয়ো মুম্বাইৰ অন্যতম শক্তি হ’ব।

আনহাতে অভিজ্ঞ লেনিং আৰু ভাৰতীয় দলৰ তাৰকা শ্বেফালী দিল্লীৰ প্ৰধান ভৰসা হ’ব। জেমিমাৰ ফৰ্ম কিছু চিন্তাৰ কাৰণ হৈ আছে যদিও আজি ফাইনেলত তেওঁ ফৰ্মলৈ উভতিব বুলি আশা কৰিছে দলটোৱে। বেটিং সহায়ক মুম্বাইৰ ব্ৰাবৰ্ণ ষ্টেডিয়ামৰ পিটছত আজি এখন হাই স্ক’ৰিং ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে অনুৰাগীসকলে। ব্ৰাবৰ্ণত এইপৰ্যন্ত প্ৰথমে বেটিং কৰা দলসমূহেই জয় লাভ কৰাৰ ফালে চাই আজি ফাইনেলতো টছ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে ২০২৩ চনত আৰম্ভ হোৱা WPLৰ প্ৰথম ছিজনত মুম্বাই ইণ্ডিয়ানছে খিতাপ দখল কৰাৰ বিপৰীতে দ্বিতীয় ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে খিতাপ দখল কৰে। প্ৰতিযোগিতাৰ বিজয়ী দলটোৱে ৬ কোটি টকা লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলটোৱে লাভ কৰিছিল ৩ কোটি টকা। আনহাতে অৰেঞ্জ আৰু পাৰ্পল কেপ বিজয়ী খেলুৱৈসকলে ৫ লাখ টকাকৈ লাভ কৰিছিল। এইবাৰো পুৰস্কাৰৰ ধনৰাশি অপৰিৱৰ্তিত ধন ৰখা হৈছে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension