World Test Championship Points Table: চেম্পিয়ন দলক হৰুৱাই তালিকাৰ তৃতীয় স্থান দখল কৰিলে শ্ৰীলংকাই, প্ৰথন স্থানত ভাৰত…

বৰ্তমান বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট ছিৰিজ খেলি আছে টিম ইণ্ডিয়াই। শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰাৰ পিছত বৰ্তমান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে টিম ইণ্ডিয়া। একে সময়তে শ্ৰীলংকাৰ দলটোৱে ঘৰুৱা খেলপথাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলি আছে।

World Test Championship Points Table: চেম্পিয়ন দলক হৰুৱাই তালিকাৰ তৃতীয় স্থান দখল কৰিলে শ্ৰীলংকাই, প্ৰথন স্থানত ভাৰত...

শ্ৰীলংকা ক্ৰিকেট দল

Published: 

23 Sep 2024 | 04:59 PM

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ৰ খিতাপৰ বাবে ৯টা দলৰ মাজত প্ৰতিযোগিতা চলি আছে । বৰ্তমান বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট ছিৰিজ খেলি আছে টিম ইণ্ডিয়াই। শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰাৰ পিছত বৰ্তমান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে টিম ইণ্ডিয়া। একে সময়তে শ্ৰীলংকাৰ দলটোৱে ঘৰুৱা খেলপথাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলি আছে। এই শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰি শ্ৰীলংকাৰ দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুলত বিশেষ অগ্ৰগতি লাভ কৰিছে ।

শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ মাজত ২ মেচৰ টেষ্ট ছিৰিজ অনুষ্ঠিত হৈছে । প্ৰথমখন টেষ্টত নিউজিলেণ্ডক ৬৩ ৰানত পৰাস্ত কৰি শৃংখলাত ১-০ ত অগ্ৰগতি লাভ কৰিছে শ্ৰীলংকাই। প্ৰথমখন টেষ্টত শ্ৰীলংকাই নিউজিলেণ্ডক জয়ৰ বাবে ২৭৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও নিউজিলেণ্ডে ২১১ ৰানহে কৰিবলৈ সক্ষম হৈছিল। এই জয় লাভ কৰি শ্ৰীলংকাৰ ক্ৰিকেট দলটোৱে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুলত অগ্ৰগতি লাভ কৰিছে ।

শ্ৰীলংকাৰ দলটোৱে এতিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষ ৩ নম্বৰ স্থান দখল কৰিছে। শ্ৰীলংকাৰ বিজয়ৰ শতকৰা হাৰ এতিয়া ৫০ শতাংশ হৈছেগৈ আৰু চতুৰ্থ স্থানৰ পৰা তৃতীয় স্থানলৈ অগ্ৰগতি লাভ কৰিছে শ্ৰীলংকাই । একে সময়তে শ্ৰীলংকাৰ এই জয়ৰ পিছত নিউজিলেণ্ডৰ দলটো শীৰ্ষ তিনিটা স্থানৰ পৰা বাহিৰ হৈছে । নিউজিলেণ্ড দলটোৰ জয়ৰ শতকৰা হাৰ আছিল ৫০ শতাংশ, যিটো এতিয়া ৪২.৮৬ শতাংশ লৈ হ্ৰাস পাইছে। ইফালে তালিকাৰ প্ৰথম স্থানত আছে টিম ইণ্ডিয়া, আনহাতে অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত আছে।

বৰ্তমান টিম ইণ্ডিয়াৰ জয়ৰ শতকৰা হাৰ ৭১.৬৭ শতাংশ । ১০ খন টেষ্ট মেচ খেলি ৭ খন মেচত জয়ী হৈছে টীম ইণ্ডিয়াই । একে সময়তে ২খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে আৰু ১খন মেচ ড্ৰ’ত সমাপ্ত হৈছে। টিম ইণ্ডিয়াই এতিয়াও ৯ খন টেষ্ট মেচ খেলিবলৈ বাকী আছে, ইয়াৰে ৪ খন মেচ ঘৰুৱা খেলপথাৰত খেলিব লাগিব। এনে পৰিস্থিতিত টিম ইণ্ডিয়াই একেৰাহে তৃতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰাৰ ডাঙৰ সুযোগ আছে। ইফালে, অষ্ট্ৰেলিয়াৰ দলৰ জয়ৰ শতকৰা হাৰ ৬২.৫০ শতাংশ । ১২খন খেলৰ ভিতৰত ৮খন খেলত জয়লাভ কৰিছে অষ্ট্ৰেলিয়াই ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...