আকৰ্ষণীয় স্থিতিত টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰঃ কিদৰে সুযোগ পাব ভাৰতে, চাওক অংকৰ খেল..

ৰোমাঞ্চকৰ হৈ পৰিছে টেষ্ট চেম্পিয়নশ্বিপৰ স্থিতি। দেওবাৰলৈকে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ দৌৰত আছিল ৫টা দল, ইয়াৰ ভিতৰত নিউজিলেণ্ড এই দৌৰৰ পৰা প্ৰায় বাহিৰ হৈছে। একে সময়তে ভাৰতৰ বাবে ফাইনেলৰ পথ কিছু সহজ হৈ পৰিছে। চাওঁ আহক টেষ্ট চেম্পিয়নশ্বিপৰ নতুন সমীকৰণ।

আকৰ্ষণীয় স্থিতিত টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰঃ কিদৰে সুযোগ পাব ভাৰতে, চাওক অংকৰ খেল..

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ আকৰ্ষণীয় স্থিতি

Published: 

02 Dec 2024 | 01:37 PM

ঘনে প্ৰতি সলনি হৈছে চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ হিচাপ। প্ৰতিখন টেষ্ট তথা শৃংখলাৰ পিছতে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলক কেন্দ্ৰ কৰি নতুন হিচাপ-নিকাচ সমুখলৈ আহিছে। এনে অৱস্থাত অধিক ৰোমাঞ্চকৰ হৈ পৰিছে টেষ্ট চেম্পিয়নশ্বিপৰ স্থিতি। দেওবাৰলৈকে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ দৌৰত আছিল ৫টা দল, ইয়াৰ ভিতৰত নিউজিলেণ্ড এই দৌৰৰ পৰা প্ৰায় বাহিৰ হৈছে। ইংলেণ্ডৰ হাতত ক্ৰাইষ্টচাৰ্চত পৰাস্ত হোৱাৰ পিছত কিৱি দলটোৰ বাবে ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা প্ৰায় নাইকিয়া হৈছে। একে সময়তে ভাৰতৰ বাবে ফাইনেলৰ পথ কিছু সহজ হৈ পৰিছে।

ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মেচৰ ফলাফলৰ লগতে দক্ষিণ আফিকা আৰু শ্ৰীলংকাৰ মেচৰ ফলাফলেও এই সমগ্ৰ হিচাপত নতুন সমীকৰণৰ সৃষ্টি কৰিছে। পাৰ্থ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত ভাৰতৰ স্থিতি এইক্ষেত্ৰত অধিক শক্তিশালী হৈ পৰিছে। বৰ্তমান ফাইনেলৰ আটাইতকৈ দাবীদাৰ হিচাপে পৰিগণিত হৈছে ভাৰত। বিগত দুবাৰৰ ৰাণাৰ্ছ আপ ভাৰতে এইপৰ্যন্ত ৬১.১১ শতাংশ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিছে।

চলিত টেষ্ট চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ এতিয়া ৪ খন মেচ বাকী আছে। যদিহে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা ৫-০, ৪-০, ৪-১ বা ৩-০ ব্যৱধানত দখল কৰে, তেন্তে ফাইনেলত স্থান নিশ্চিত হ’ব। শৃংখলাত অতি কমেও ৩-০ ব্যৱধানত জয়লাভ কৰিলে ভাৰতে ৬২.২৮ শতাংশ পইণ্ট লাভ কৰিব। আনহাতে ভাৰতীয় দল যদি এই শৃংখলাত পৰাস্ত হয়, তেতিয়াও ফাইনেললৈ যোৱাৰ সুযোগ থাকিব।

অৱশ্যে এই ক্ষেত্ৰত ভাৰতে আন দলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। যদিহে অষ্ট্ৰেলিয়াই ৩-২ ব্যৱধানত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জয় কৰে, তেন্তে ভাৰতক অতিক্ৰমি দলটোৱে তালিকাৰ শীৰ্ষস্থান লাভ কৰিব। আনহাতে ভাৰতৰ শতাংশ পইণ্ট হ’ব ৫৩.৫১। এনে পৰিস্থিতিত ফাইনেললৈ যাবলৈ হ’লে ভাৰতে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ শৃংখলা ড্ৰ’ ৰূপে সামৰণি পৰাৰ আশা কৰিব লাগিব।

তদুপৰি দক্ষিণ আফ্ৰিকা বাকী ৩খন মেচৰ ভিতৰত ২খনত পৰাস্ত হ’ব লাগিব। সমান্তৰালকৈ শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ দুয়োখন মেচ ড্ৰ’ হ’ব লাগিব। যদি এনে হয় নিউজিলেণ্ডে ৫২.৩৮, দক্ষিণ আফ্ৰিকাই ৫২.৭৭ আৰু শ্ৰীলংকাই ৫১.২৮ শতাংশ পইণ্ট লাভ কৰিব। অৰ্থাৎ ভাৰত আৰু অষ্ট্ৰেলিয়াই চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব। পাৰ্থত পৰাজয়ৰ পিছত অষ্ট্ৰেলিয়াৰ সমস্যা বৃদ্ধি পাইছে যদিও এতিয়াও ফাইনেললৈ যোৱাৰ সুযোগ আছে।

বৰ্তমান দলটো ৫৭.৬৯ শতাংশ পইণ্টেৰে তৃতীয় স্থানত আছে। এতিয়াও দলটোৰ ৬ খন মেচ বাকী আছে। যদি কেংগাৰু দলে ইয়াৰে ৫খন মেচত জয়ী হয় তেন্তে দলটোৱে ৬৫.৭৯ শতাংশ পইণ্ট লাভ কৰিব। আনহাতে যদি ৪ খনত জয় আৰু এখনত ড্ৰ হয় তেন্তে দলটোৰ মুঠ পইণ্ট হ’ব ৬২.২৮ শতাংশ। ইয়াৰ লগে লগে শীৰ্ষ ২ৰ দল হিচাপে অষ্ট্ৰেলিয়া পোনে পোনে ফাইনেললৈ যাব।

আনহাতে ফাইনেলৰ পথত দক্ষিণ আফ্ৰিকাই বাকী ৩খন মেচৰ ভিতৰত ২খনত জয়ী হ’ব লাগিব আৰু ১খনত ড্ৰ’ কৰিব লাগিব। তেতিয়া প্ৰটিয়াছ বাহিনীয়ে পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব। ইফালে শ্ৰীলংকাৰ এতিয়া ৩খন মেচ বাকী আছে আৰু পোনে পোনে ফাইনেললৈ যাবলৈ হ’লে দলটোৱে আটাইকেইখন মেচতে জয়লাভ কৰিব লাগিব। ইয়াৰ বিপৰীতে আশা ক্ষীণ যদিও এতিয়াও দৌৰ সমাপ্ত হোৱা নাই নিউজিলেণ্ডৰ।

কিৱি দলটো ফাইনেলত উপনীত হ’বলৈ পৰৱৰ্তী দুখন মেচত ইংলেণ্ডক পৰাস্ত কৰিব লাগিব। লগতে দক্ষিণ আফ্ৰিকা পৰৱৰ্তী ৩খন মেচৰ ভিতৰত ২খন খেলত পৰাস্ত হ’ব লাগিব। সমান্তৰালকৈ শ্ৰীলংকাই ঘৰুৱা টেষ্ট শৃংখলা ১-১ ব্যৱধানত ড্ৰ’ কৰিব লাগিব। কিন্তু এনে হোৱাৰ আশা কম, সেয়েহে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা নিউজিলেণ্ডৰ প্ৰস্থান নিশ্চিত বুলি বিবেচিত হৈছে।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে