জুবিনলৈ শ্ৰদ্ধাঞ্জলিৰে গুৱাহাটীত আজি মহিলা বিশ্বকাপৰ শুভাৰম্ভঃ প্ৰথম মেচত ভাৰত-শ্ৰীলংকাৰ যুঁজ
আজি বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত সদ্যপ্ৰয়াত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিচিচিআই আৰু অসম ক্ৰিকেট সন্থা। এই উদ্বোধনী অনুষ্ঠানত পাপন আৰু জয় বৰুৱাৰ লগতে বলীউডৰ জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালে সংগীতেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাব।

আজি গুৱাহাটীত মহিলা বিশ্বকাপৰ প্ৰথম মেচ
ইউ এ ইত অনুষ্ঠিত হোৱা এছিয়া কাপ ২০২৫ৰ খিতাপ জয়েৰে দেশৰ ক্ৰিকেটপ্ৰেমীক দুৰ্গোৎসৱৰ উপহাৰ দিছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলে। পুৰুষ দলৰ এই সাফল্যৰ পিছত এতিয়া দেশক আনন্দ উপভোগৰ সুযোগ লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষাৰ অন্তত আজিৰ পৰা আৰম্ভ হ’ব মহিলাৰ এদিনীয়া বিশ্বকাপ। ঘৰৰ মাটিত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ভাৰতীয় দলে এইবাৰ লাভ কৰিছে খিতাপৰ খৰাং দূৰ কৰাৰ সুৱৰ্ণ সুযোগ।
এই সুযোগ কাৰ্যকৰী কৰাৰ লক্ষ্যৰে আজি বিশ্বকাপত অভিযান আৰম্ভ কৰিব হৰমনপ্ৰীত বাহিনীয়ে। প্ৰতিযোগিতাৰ এয়া ১৩ সংখ্যক সংস্কৰণ। অৱশ্যে ভাৰতীয় দলে এইপৰ্যন্ত প্ৰতিযোগিতাত এবাৰো জয় কৰিব পৰা নাই। সফলতাৰ দিশৰ পৰা কেৱল মাত্ৰ দুবাৰ ফাইনেলত উপনীত হৈছে আৰু দুয়োবাৰেই ভাৰতীয় দল ৰাণাৰ্ছ আপত ক্ষান্ত হৈছে।
এইবাৰ ঘৰুৱা মাটিত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰথমবাৰ খিতাপ জয়ৰ চেষ্টা চলাব। এইক্ষেত্ৰত অধিনায়ক হৰমনৰ লগতে অভিজ্ঞ স্মৃতি মান্ধানা, জেমিমা ৰড্ৰিগুৱেজ, দীপ্তি শৰ্মা, স্নেহ ৰাণাৰ ওপৰত থাকিব গধূৰ দায়িত্ব। একেদৰে ৰিচা ঘোষ, ৰেণুকা সিং ঠাকুৰো হ’ব দলৰ সফলতাৰ ক্ষেত্ৰত দুই প্ৰধান অস্ত্ৰ।
বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ উমা ছেত্ৰীয়েও স্থান লাভ কৰিছে। অৱশ্যে আজিৰ মেচত তেওঁৰ অন্তৰ্ভুক্তি সন্দৰ্ভত এইপৰ্যন্ত কোনো নিশ্চয়তা দিয়া নাই অধিনায়ক হৰমনে। উমাৰ লগতে ভাৰতীয় দলৰ বহুকেইগৰাকী সদস্যৰ বাবে এয়া হ’ব প্ৰথম বিশ্বকাপ।
উল্লেখ্য যে আজি বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত সদ্যপ্ৰয়াত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিচিচিআই আৰু অসম ক্ৰিকেট সন্থা। এই উদ্বোধনী অনুষ্ঠানত পাপন আৰু জয় বৰুৱাৰ লগতে বলীউডৰ জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালে সংগীতেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাব।
ইফালে জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবে ৫ হাজাৰ বিনামূলীয়া টিকটৰো ব্যৱস্থা কৰিছে বিচিচিআইয়ে। উদ্বোধনী অনুষ্ঠানৰ সময়ত জুবিন গাৰ্গৰ পূৰ্বৰ অনুষ্ঠানৰ স্ক্ৰীণিঙৰো ব্যৱস্থা কৰা হৈছে। এই প্ৰতিযোগিতাত ৮টা দলে খিতাপৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব। আয়োজক হিচাপে ভাৰতে প্ৰতিযোগিতাত প্ৰত্যক্ষভাৱে প্ৰৱেশ লাভ কৰিছে।
ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইংলেণ্ড, শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাই ৰেংকিঙৰ শীৰ্ষ পাঁচটা দল হোৱাৰ সূত্ৰে যোগ্যতা অৰ্জন কৰিছে। আনহাতে লাহোৰত অনুষ্ঠিত হোৱা কোৱালিফায়াৰৰ জৰিয়তে পাকিস্তান আৰু বাংলাদেশে এই প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই প্ৰতিযোগিতাখন ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হ’ব।
প্ৰতিটো দলে গ্ৰুপ পৰ্যায়ত সাতখন মেচ খেলিব, শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। এইবাৰ কেৱল মহিলা মেচ বিষয়াৰ পেনেলৰ সৈতে বিশ্বকাপ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ বাবে আইচিচিয়ে ৯ খন দেশৰ চাৰিগৰাকী মেচ ৰেফাৰী আৰু ১৪ গৰাকী আম্পায়াৰক নিৰ্বাচিত কৰিছে। এই আটাইকেইগৰাকী মেচ ৰেফাৰী তথা আম্পায়াৰেই হৈছে মহিলা।