চেম্পিয়নৰ প্ৰতি যথোচিত সন্মান, ক্ৰিকেটপ্ৰেমীৰ মন জিনিলে জয় শ্বাহৰ এনে কামে…

প্ৰটিয়াছ বাহিনীক ৫২ ৰানত পৰাস্ত কৰাৰ পিছত অধিনায়ক হৰমনে আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ হাতৰ পৰা ট্ৰফী তুলি লোৱাৰ দৃশ্য হয়তো কোনোকালেই নাপাহৰিব ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে। এই সময়ছোৱাতে জয় শ্বাহে কৰা এক কাৰ্যয়ো ক্ৰিকেটপ্ৰেমীৰ মাজত লাভ কৰিছে ব্যাপক চৰ্চা।

চেম্পিয়নৰ প্ৰতি যথোচিত সন্মান, ক্ৰিকেটপ্ৰেমীৰ মন জিনিলে জয় শ্বাহৰ এনে কামে...

জয় শ্বাহৰ পৰা ট্ৰফী সংগ্ৰহ হৰমনৰ

Updated On: 

03 Nov 2025 | 04:48 PM

দেশবাসীক এক গৌৰৱময় ক্ষণৰ সাক্ষী কৰি দেওবাৰে এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ত শ্ৰেষ্ঠত্ব অৰ্জন কৰে ভাৰতীয় দলে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে। এইদৰে প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলে চুম্বন দিয়ে বিশ্বকাপৰ খিতাপত। প্ৰটিয়াছ বাহিনীক ৫২ ৰানত পৰাস্ত কৰাৰ পিছত অধিনায়ক হৰমনে আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ হাতৰ পৰা ট্ৰফী তুলি লোৱাৰ দৃশ্য হয়তো কোনোকালেই নাপাহৰিব ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে।

কাষতে থিয় দি থকা সতীৰ্থ খেলুৱৈসকলৰ অনুৰোধত নৃত্য কৰি ট্ৰফী সংগ্ৰহৰ বাবে পদিয়ামলৈ উঠি যায় হৰমনপ্ৰীত কৌৰ আৰু তাৰ পিছতে জয় শ্বাহৰ হাতৰ পৰা ট্ৰফী সংগ্ৰহ কৰে। এনে এক গৌৰৱময় ক্ষণত হৰ্ষোল্লাসেৰে আন্দোলিত হৈ উঠে সমগ্ৰ ষ্টেডিয়াম। এই সময়ছোৱাতে জয় শ্বাহে কৰা এক কাৰ্যয়ো ক্ৰিকেটপ্ৰেমীৰ মাজত লাভ কৰিছে ব্যাপক চৰ্চা।

আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ পৰা এদিনীয়া বিশ্বকাপৰ ট্ৰফী সংগ্ৰহৰ ক্ষণত হৰমনপ্ৰীতে তেওঁৰ ভৰি স্পৰ্শ কৰিবলৈ চেষ্টা কৰে। কিন্তু বিশ্ব চেম্পিয়ন ভাৰতীয় অধিনায়কগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি জয় শ্বাহে হৰমনক এনে কৰাৰ পৰা বিৰত ৰাখে। ইয়াৰ পিছতে ট্ৰফী সংগ্ৰহ কৰি সতীৰ্থ খেলুৱৈসকলৰ সৈতে বিশ্বজয়ৰ এই অনন্য সুখ উপভোগ কৰে হৰমনে।

উল্লেখ্য যে ভাৰতীয় মহিলা ক্ৰিকেটৰ উত্থানত জয় শ্বাহৰ এক বিশেষ ভূমিকা আছে। আইচিচিৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰাৰ পূৰ্বে বিচিচিআইৰ সচিব হিচাপে দায়িত্ব পালন কৰিছিল জয় শ্বাহে। এই সময়ছোৱাত জয় শ্বাহে মহিলা ক্ৰিকেটৰ উত্থানৰ বাবে বহু সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছিল।

পুৰুষ ক্ৰিকেটাৰৰ সমপৰ্যায়ৰ মেচ মাচুল প্ৰদানৰ সিদ্ধান্তৰ জৰিয়তে মহিলা ক্ৰিকেটাৰসকলক মৰ্যাদা প্ৰদান কৰিছিল শ্বাহে। তদুপৰি মহিলা ক্ৰিকেট প্ৰতিভা সন্ধানত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৱ’মেন প্ৰিমিয়াৰ লীগ আৰম্ভ কৰাৰ ক্ষেত্ৰতো বিচিচিআইৰ সচিব হিচাপে জয় শ্বাহৰ ভূমিকা আছিল লক্ষণীয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব