Womens World Cup 2025: ৮ বছৰ পূৰ্বৰ ইতিহাসৰ পুনৰাবৃত্তি ঘটিবনে? ভাৰত নে অষ্ট্ৰেলিয়া, কোনে খেলিব ফাইনেল?
Women's Cricket World Cup 2025 Semi Final: আজি আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব। এই মেচত জয়ী হৈ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ ৮ বছৰীয়া ইতিহাসৰ পুনৰাবৃত্তি কৰিব লাগিব টীম ইণ্ডিয়াই।

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়া
Womens World Cup 2025 IND Women vs AUS Women: অন্তিম পৰ্যায়ত উপনীত হৈছে আই চি চি মহিলা বিশ্বকাপ ২০২৫ । ৩০ অক্টোবৰ বৃহস্পতিবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল। ডাঃ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত দুয়োটা দলৰ মুখামুখি হ’ব। এই মেচখন ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ।
কিয়নো এইবাৰ ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে। অৱশ্যে দলটোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল অষ্ট্ৰেলিয়াৰ দলটোৱে এই সংস্কৰণত এখনো মেচত পৰাস্ত হোৱা নাই। গতিকে ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে টীম ইণ্ডিয়াই আশা কৰাতকৈ ভাল প্ৰদৰ্শন কৰিব লাগিব। উল্লেখ্য যে, ইতিমধ্যে মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে দক্ষিণ আফ্ৰিকা। বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত মেচত ১২৫ ৰানত জয়ী হয় দলটো । ১৯৪ ৰানত অলআউট ইংলেণ্ড।
৮ বছৰীয়া ইতিহাসৰ পুনৰাবৃত্তি কৰিব লাগিব ভাৰতে
আই চি চি মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়াৰ দলটোৱে সদায় আধিপত্য বিস্তাৰ কৰি আহিছে। এই প্ৰতিযোগিতাত সৰ্বাধিক বাৰ জয়লাভ কৰা দলটোৱে এইবাৰো শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে খেলপথাৰত প্ৰৱেশ কৰিছে। তদুপৰি বিগত আঠ বছৰত অষ্ট্ৰেলিয়া বিশ্বকাপৰ এখনো মেচত পৰাস্ত হোৱা নাই। গতিকে এই খেলখন টিম ইণ্ডিয়াৰ বাবে সহজ নহ’ব। অৱশ্যে মহিলা বিশ্বকাপত যদি কোনোবাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব পাৰে তেন্তে সেয়া হ’ল টিম ইণ্ডিয়া। দৰাচলতে এই প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াৰ শেষ পৰাজয় আছিল ভাৰতৰ বিৰুদ্ধে।
২০১৭ চনৰ মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়াক ডাঙৰ আঘাত দিছিল টীম ইণ্ডিয়াই। দৰাচলতে সেই সংস্কৰণত দুয়োটা দলে ছেমি ফাইনেল মেচত মুখামুখি হৈছিল। য’ত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰি দিছিল। সেই মেচত প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৪২ অভাৰত ৪টা উইকেট হেৰুৱাই ২৮১ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই ২৪৫ ৰান সংগ্ৰহ কৰি অল আউট হয়। সেই মেচত হৰমনপ্ৰীত কৌৰে ১৭১ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল।
দুয়োটা দলৰ মাজত প্ৰতিদ্বন্দ্বিতা
মহিলা বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতাত নামিব অষ্ট্ৰেলিয়া দলটো। এই পৰ্যন্ত ১৪খন খেল খেলিছে দুয়োটা দলে। অষ্ট্ৰেলিয়াই ১১খন খেলত জয়লাভ কৰিছে। ইফালে টীম ইণ্ডিয়াই মাত্ৰ ৩খন খেলত জয়ী হ’বলৈ সক্ষম হৈছে। এইবাৰ লীগ পৰ্যায়ত অষ্ট্ৰেলিয়াই ভাৰতক ৩ উইকেটত পৰাস্ত কৰে। ৩৩০ ৰান সংগ্ৰহ কৰাৰ পিছতো ভাৰতে লক্ষ্য ৰক্ষা কৰাত ব্যৰ্থ হয়। গতিকে ছেমি ফাইনেলৰ খেলখনত অষ্ট্ৰেলিয়াৰ ফালে ঢাল খোৱাৰ সম্ভাৱনা খাকিলেও টীম ইণ্ডিয়াই নিজৰ ঘৰুৱা খেলপথাৰত প্ৰত্যাক্ৰমণ কৰিব পাৰে।