অব্যাহত অপৰাজেয় ধাৰাঃ বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত ভাৰত
মহিলা এছিয়া কাপৰ ছেমি ফাইনেলত আজি ভাৰতীয় দলে বাংলাদেশক অতি সহজে ১০ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় বলিং আক্ৰমণত দিশহাৰা হৈ বাংলাদেশে ৮০ ৰাণহে সংগ্ৰহ কৰাৰ পিছত ভাৰতে মাত্ৰ ১১ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ জয়ৰ লক্ষ্যত উপনীত হয় আৰু ফাইনেলত প্ৰৱেশ কৰে।

এছিয়া কাপৰ ফাইনেলত ভাৰত
চলিত মহিলা এছিয়া কাপত অব্যাহত আছে ভাৰতীয় দলৰ অপৰাজেয় ধাৰা বিজয় অভিযান। দুৰন্ত প্ৰদৰ্শনেৰে লীগ পৰ্যায়ত প্ৰতিপক্ষক বিধ্বস্ত কৰি ছেমিত প্ৰৱেশ কৰা ভাৰতীয় দলে আজি ছেমিতো বাংলাদেশক সম্পূৰ্ণ একপক্ষীয়ভাৱে বিধ্বস্ত কৰি তোলে। প্ৰথমে ভাৰতীয় বলিং লাইন আপৰ উজ্জীৱিত প্ৰদৰ্শন আৰু তাৰ পিছত স্মৃতি মান্ধানাৰ বেটিং বিক্ৰমৰ সহায়েৰে বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি ভাৰতীয় দলে ফাইনেলৰ পথ প্ৰশস্ত কৰে আৰু প্ৰতিযোগিতাখনৰ ইতিহাসত নিজৰ আধিপত্য অব্যাহত ৰাখি আন এক খিতাপ জয়ৰ দিশে অগ্ৰসৰ হৈছে।
ডাম্বুল্লাত অনুষ্ঠিত ছেমি ফাইনেলত বাংলাদেশ মহিলা দলে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু ভাৰতীয় দলৰ সন্মিলিত বলিং আক্ৰমণত দিশহাৰা হৈ পৰে দলটোৰ বেটিং লাইন আপ। বিশেষকৈ পেচাৰ ৰেণুকা সিং আৰু স্পিনাৰ ৰাধা যাদৱৰ বলিঙে খহনীয়াৰ সৃষ্টি কৰে বাংলাদেশৰ বেটিং লাইন আপত। প্ৰথম অভাৰতে ৰেণুকাই বিদায় দিয়ে অপেনাৰ দিলাৰা আখতাৰক।
ইয়াৰ পিছত আৰু দলটোৱে মূৰ দাঙি খেলিব নোৱাৰিলে ভাৰতীয় বলাৰ্পৰ সমুখত আৰু নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই মাত্ৰ ৮০ ৰাণ সংগ্ৰহ কৰে। দলটোৰ মাত্ৰ দুগৰাকী বেটাৰে দহকৰ ঘৰ অতিক্ৰম কৰে। অধিনায়ক নিগাৰ চুলতানাই কিছু প্ৰতিৰোধ গঢ়ি তুলি ৫১টা বলত সৰ্বাধিক ৩২ ৰাণ সংগ্ৰহ কৰে। নিম্নক্ৰমৰ বেটাৰ ছ’ৰনা আখতাৰৰ বেটৰ পৰা আহে ১৮ বলত ১৯ ৰাণ।
এই দুগৰাকীৰ বাদে দলৰ আন সকলো বেটাৰ হৈ পৰে নিষ্প্ৰভ। ভাৰতৰ হৈ ৰেণুকাই চাৰি অভাৰত মাত্ৰ ১০ ৰাণ দি তিনিটা আৰু ৰাধাই ৪ অভাৰত ১৪ ৰাণ দি ৩ টাউইকেট দখল কৰে। এটাকৈ উইকেট লাভ কৰে পূজা ৱাষ্ট্ৰেকাৰ আৰু দীপ্তি শৰ্মাই। ইফালে জয়ৰ এই সহজ লক্ষ্য ভাৰতীয় দলে দুই অপেনাৰ শ্বেফালী বাৰ্মা আৰু স্মৃতি মান্ধানাৰ দুৰন্ত বেটঙৰ সুবাদত কোনো উইকেট নেহেৰুৱাকৈয়ে মাত্ৰ ১১ অভাৰত অতিক্ৰম কৰে।
শ্বেফালীয়ে ২৮ বলত ২৬ ৰাণ সংগ্ৰহ কৰি অপৰাজিত থকাৰ বাদে মান্ধানাই ৩৯ টা বলত ৯ টা চাৰি আৰু এটা ছয়েৰে ৫৫ ৰাণ সংগ্ৰহ কৰি অপৰাজিত থাকে। এতিয়া আয়োজক শ্ৰীলংকা আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় ছেমিৰ বিজয়ী দলটোৰ বিৰুদ্ধে ২৮ জুলাইত ফাইনেলত অৱতীৰ্ণ হ’ব হৰমনপ্ৰীত বাহিনী।
উল্লেখ্য যে মহিলা এছিয়া কাপত ভাৰতীয় দলেই আৰম্ভণিৰ পৰাই আধিপত্য বিস্তাৰ কৰি আহিছে। ২০০৪ চনৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ভাৰতীয় দল প্ৰতিবাৰেই ফাইনেলত প্ৰৱেশ কৰিছে আৰু ৭ বাৰেই শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। কেৱল মাত্ৰ বিগত সংস্কৰণত ভাৰতীয় দলটোক পৰাস্ত কৰি বাংলাদেশে খিতাপ জয় কৰিছিল। আজিৰ জয়েৰে ভাৰতে এই পৰাজয়ৰো পোতক তোলা বুলিব পাৰি।