খেলপথাৰত নমাৰ ৫ মিনিট আগত জেমিমাই পাইছিল বিশেষ খবৰ, কান্দি কান্দি ক’লে, মই…

সাত বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি ভাৰতীয় মহিলা ক্ৰিকেট দল। এই খেলে মহিলা ক্ৰিকেট দলটোৰ কেইবাগৰাকী খেলুৱৈক চৰ্চাৰ কেন্দ্ৰ কৰি তোলে।

খেলপথাৰত নমাৰ ৫ মিনিট আগত জেমিমাই পাইছিল বিশেষ খবৰ, কান্দি কান্দি কলে, মই...

জেমিমা

Published: 

31 Oct 2025 | 09:53 AM

ইতিহাস ৰচনা কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে প্ৰৱেশ কৰে মহিলা বিশ্বকাপৰ ফাইনেলত। ৮ বছৰৰ পাছত ইণ্ডিয়াই আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ ছেমিফাইনেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰে। ৩৩৯ ৰানৰ লক্ষ্যত উপনীত হোৱা ইমান সহজ নাছিল যদিও বহু প্ৰচেষ্টাৰ অন্তত ভাৰতীয় দলটোৱে এই কৰ্তৃত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। এই মেচৰ তাৰকা আছিল জেমিমা ৰড্ৰিগেছ। যিয়ে নিজৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ইনিংছ খেলি শতক অৰ্জন কৰে।

নবী মুম্বাইত অনুষ্ঠিত হোৱা খেলত প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ৩৩৮ ৰান কৰিছিল। ভাৰতীয় দলটোৱে ইয়াৰ পূৰ্বে কেতিয়াও বিশ্বকাপত ২০০ ৰ অধিক লক্ষ্যত উপনীত হোৱা নাছিল। গতিকে এইবাৰো আশা ক্ষীণ আছিল। ৫৯ ৰানলৈ ভাৰতীয় দলটোৰ দুজন অপেনাৰ আউট হৈছিল। পাছত জেমিমা ৰড্ৰিগেছ আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰে ১৬৭ ৰানৰ অংশীদাৰিত্ব খেলে। যিয়ে দলটোৰ জয় নিশ্চিত কৰে।

এক বিশেষ সিদ্ধান্ত

ভাৰতীয় দলটোৰ এই সাফল্যত এক বিশেষ সিদ্ধান্ত আছে বুলি ক’ব পাৰি। এই সন্দৰ্ভত মেচৰ পাছত সবিশেষ জনাইছে জেমিমাই। চকুলো টুকি জেমিমাই কয় যে, তেওঁ ৩ নম্বৰত বেটিং কৰাৰ কথা নাছিল। তেওঁ কয়, “মই জনা নাছিলো ৩ নম্বৰত বেটিং কৰিম বুলি। ৫ নম্বৰত বেটিং কৰাৰ কথা আছিল। মই গা ধুব যোৱাৰ আগতে  বাকীবোৰক কৈছিলো যে কিবা সাল-সলনি হ’লে মোক জনাব। পাছত মই খেলপথাৰলৈ যোৱাৰ ৫ মিনিট আগত খবৰ পাইছিলো যে মই ৩ নম্বৰত বেটিং কৰিম”। উল্লেখ্য যে,ইয়াৰ পূৰ্বে হাৰ্লিন ডিওলে ৩ নম্বৰত বেটিং কৰিছিল।

পাছত জেমিমা ৩ নম্বৰত বেটিং কৰে। এই সিদ্ধান্ত অতি সঠিক বুলি প্ৰমাণিত কৰি জেমিমাই ১২৭ ৰান কৰি মাত্ৰ ৪৮.৩ অভাৰতে দলটোক জয়ৰ সোৱাদ দিয়ে। এয়া আছিল জেমিমাৰ তৃতীয়টো এদিনীয়া শতক আৰু বিশ্বকাপৰ প্ৰথমটো শতক। যি শতকে  ভাৰতীয় মহিলা ক্ৰিকেট দলটোক বিশ্বকপৰ ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰে।

 

 

অন্য খবৰ পঢ়কঃ সামাজিক মাধ্যমৰ ক্ষেত্ৰত নতুন নিয়ম! এইবোৰ বিষয়ত মত ব্যক্ত কৰিবলৈ থাকিব লাগিব ডিগ্ৰী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব