পাকিস্তানত আন এখন ICC টুৰ্ণামেন্টৰ আয়োজন! এইবাৰ কি হ’ব ভাৰতৰ সিদ্ধান্ত…

চেম্পিয়ন ট্ৰফী ২০২৫ আয়োজন কৰিছিল পাকিস্তান। ইয়াৰ মাজতে খবৰ আহিছে যে আই চি চিৰ আন এখন টুৰ্ণামেন্ট আয়োজন কৰিবলৈ সাজু হৈছে চুবুৰীয়া ৰাষ্ট্ৰখন।

পাকিস্তানত আন এখন ICC টুৰ্ণামেন্টৰ আয়োজন! এইবাৰ কি হব ভাৰতৰ সিদ্ধান্ত...

Pcb 6

Updated On: 

11 Mar 2025 16:18 PM

এইবাৰ পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হৈছিল চেম্পিয়নছ ট্ৰফী ২০২৫ (champions trophy)। পাকিস্তান ক্ৰিকেটৰ বাবে এই প্ৰতিযোগিতাখন আছিল অতি গুৰুত্বপূৰ্ণ। কিয়নো প্ৰায় ২৯ বছৰৰ মূৰত পাকিস্তানে আয়োজন কৰিছিল আই চি চি (ICC) ৰ টুৰ্ণামেন্ট। কিন্তু ইয়াৰ মাজতে আছে আন এক খবৰ। কিয়নো পাকিস্তানত পুনৰ অনুষ্ঠিত হ’ব আই চি চিৰ ইভেন্ট। এই টুৰ্ণামেন্টত মুঠ ৬ টা দলে অংশগ্ৰহণ কৰিব। অৱশ্যে এই প্ৰতিযোগিতাৰ সূচী আৰু স্থান সন্দৰ্ভত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (PCB) এতিয়াও কোনো আপডেট প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, চলিত বৰ্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত হ’ব মহিলাৰ এদিনীয়া বিশ্বকাপ (women odi world cup)। এই প্ৰতিযোগিতাৰ আয়োজন ভাৰতে কৰিব য’ত মুঠ ৮ টা দলে অংশ গ্ৰহণ কৰিব। এই পৰ্যন্ত ৬ টা দলে মহিলা এদিনীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আনহাতে, মহিলা এদিনীয়া বিশ্বকাপ কোৱালিফায়াৰৰ পৰা ২টা দলৰ সিদ্ধান্ত লোৱা হ’ব। বিশেষ কথা এয়াই যে, মহিলা এদিনীয়া বিশ্বকাপৰ কোৱালিফায়াৰৰ মেচসমূহ পাকিস্তানত অনুষ্ঠিত হ’ব। পাকিস্তান ক্ৰিকেট বৰ্ডৰ এজন বিষয়াই শেহতীয়াকৈ এই কথা নিশ্চিয়তা কৰিছে।

মহিলাৰ এদিনীয়া কোৱালিফায়াৰত মুঠ ৬ টা দলে অংশ গ্ৰহণ কৰিব। য’ত পাকিস্তানৰ উপৰি স্কটলেণ্ড, আয়াৰলেণ্ড, শ্ৰীলংকা, থাইলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ অন্তৰ্ভুক্ত আছে। অহা ৪ এপ্ৰিলৰ পৰা এই দল কেইটাৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ’ব। ইয়াৰ বিপৰীতে পাকিস্তান চুপাৰ লীগৰ দশম ছিজনো ১১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। এনে পৰিস্থিতিত কোনখন খেলক অনুৰাগীয়ে বাছি লয় সেয়া হ’ব লক্ষণীয়। অনুমান কৰা হৈছে যে লাহোৰত অনুষ্ঠিত হ’ব মহিলা এদিনীয়া বিশ্বকাপ কোৱালিফায়াৰ মেচ। উল্লেখ কৰা প্ৰয়োজন যে,পাকিস্তানত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব মহিলাৰ এই বৃহৎ টুৰ্ণামেন্ট।

ভাৰত- পাকিস্তানৰ খেল

ইতিমধ্যে ভাৰতে আয়োজক হিচাপে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। গতিকে ভাৰত পাকিস্তানলৈ যাবলগীয়া পৰিস্থিতি আহি নপৰে।  একে সময়তে অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড আৰু শ্ৰীলংকাই আইচিচি মহিলা চেম্পিয়নশ্বিপ ২০২২-২০২৫ৰ পৰা নিজৰ স্থান নিশ্চিত কৰিছে।

উল্লেখ্য যে,২০১৩ চনৰ পিছত এইবাৰ ভাৰতত মহিলাৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। যদি পাকিস্তান দলে যোগ্যতা অৰ্জন কৰে, তেন্তে ভাৰত আৰু পাকিস্তান দলৰ মাজত খেলখন ক’ত অনুষ্ঠিত হয় সেয়া হ’ব লক্ষণীয়। হয়তো পাকিস্তান আহিবলগীয়া হ’ব পাৰে ভাৰতলৈ। ভাৰত-পাকিস্তানৰ খেলক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত  সাধাৰণতে বিশেষ  উৎসুকতা দেখিবলৈ পোৱা যায়। তেনে ক্ষেত্ৰত মহিলাৰ এদিনীয়া বিশ্বকাপৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে ক্ৰিকেট অনুৰাগীসকল।

বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...