মুম্বাইতে কিয় কেৰিয়াৰৰ অন্তিম মেচ খেলিছিল শচীনে? ১১ বছৰৰ পিছত পোহৰলৈ আঁৰৰ সত্য

মুম্বাইৰ পৰা আৰম্ভ কৰা ক্ৰিকেটীয় যাত্ৰাক পূৰ্ণতা দি বিশ্বৰ সৰ্বপ্ৰান্তত নিজৰ স্বৰ্ণিল কেৰিয়াৰত শচীনে জিনিলে অলেখ প্ৰাপ্তি। আৰু এই প্ৰাপ্তিক চিৰস্মৰণীয় কৰি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অৱসান ঘটাইছিল মহান কেৰিয়াৰৰ। কেৰিয়াৰৰ অন্তিমখন মেচৰ বাবে শচীনে কিয় এই ষ্টেডিয়াম বাছি লৈছিল, সেই সন্দৰ্ভত তেওঁ এতিয়া আঁৰৰ সত্য প্ৰকাশ কৰিছে।

মুম্বাইতে কিয় কেৰিয়াৰৰ অন্তিম মেচ খেলিছিল শচীনে? ১১ বছৰৰ পিছত পোহৰলৈ আঁৰৰ সত্য

মুম্বাইতে কিয় কেৰিয়াৰৰ অন্তিম মেচ খেলিছিল শচীনে?

Published: 

20 Jan 2025 18:59 PM

শচীন তেণ্ডুলকাৰ- ক্ৰিকেট ইতিহাসৰ অদ্বিতীয় মহাতাৰকা তেওঁ। ইয়াৰো উৰ্ধত ‘ক্ৰিকেটৰ ভগৱান’ হিচাপেই খ্যাত এইগৰাকী ভাৰত সন্তান। প্ৰায় ২৪ বছৰীয়া কেৰিয়াৰত তেওঁ নিজেই হৈ পৰিল ক্ৰিকেট ইতিহাসৰ এক মহানতম অধ্যায়। ইটোৰ পিছত সিটোকৈ অভিলেখৰ সাম্ৰাজ্য গঢ়ি শচীনে অৰ্জিলে এই অসামান্য শ্ৰেষ্ঠত্ব। মুম্বাইৰ পৰা আৰম্ভ কৰা ক্ৰিকেটীয় যাত্ৰাক পূৰ্ণতা দি বিশ্বৰ সৰ্বপ্ৰান্তত তেওঁ জিনিলে অলেখ প্ৰাপ্তি। আৰু এই প্ৰাপ্তিক চিৰস্মৰণীয় কৰি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অৱসান ঘটাইছিল মহান কেৰিয়াৰৰ।

এই ৱাংখেড়ে ষ্টেডিয়ামৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে আয়োজন কৰা বৃহৎ অনুষ্ঠানত অংশগ্ৰহণ কৰে শচীন তেণ্ডুলকাৰে। এই ষ্টেডিয়ামৰ সৈতে শচীনৰ ক্ৰিকেটীয় যাত্ৰা বহু স্মৃতি জড়িত হৈ আছে। এই খেলপথাৰতে ২০১১ চনত তেওঁ প্ৰথমবাৰৰ চুম্বন দিছিল ক্ৰিকেট বিশ্বকাপত। খেলিছিল আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচ। শচীনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়াৰ ১১টা বৰ্ষ ইতিমধ্যে পাৰ হৈ গৈছে। এই ১১টা বৰ্ষৰ পিছত শচীনে প্ৰকাশ কৰিছে এক গোপন সত্য।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচৰ বাবে শচীনে কিয় এই ষ্টেডিয়াম বাছি লৈছিল, সেই সন্দৰ্ভত এতিয়া আঁৰৰ সত্য প্ৰকাশ কৰিছে। এই সত্যৰ মূল কাৰণ হৈছে শচীনৰ মাতৃ ৰজনী তেণ্ডুলকাৰ। ১৯৮৯ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা শচীন তেণ্ডুলকাৰে ২০১৩ চনত ২৪ বছৰীয়া দীঘলীয়া কেৰিয়াৰৰ অন্ত পেলায়। শচীনে উল্লেখ কৰা মতে, তেওঁৰ মাতৃয়ে তেওঁৰ খেল কেতিয়াও লাইভ দেখা নাছিল।

সেয়ে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন মেচ মাতৃ ৰজনী তেণ্ডুলকাৰে স্বচক্ষুৰে যাতে চাব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ বিচিচিআইক অনুৰোধ কৰিছিল। ইয়াৰ পিছত ২০১৩ চনত ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত অনুষ্ঠিত হোৱা শৃংখলাৰ এখন টেষ্ট মেচ শচীনৰ ঘৰুৱা খেলপথাৰ ৱাংখেড়েত অনুষ্ঠিত হৈছিল। এই টেষ্টখন আছিল শচীনৰ ২০০ সংখ্যক আৰু অন্তিমখন টেষ্ট। এই সন্দৰ্ভত তেওঁ কয়, “মই প্ৰায় ৩০ বছৰ ক্ৰিকেট খেলিছিলো। ভাৰতৰ বাবে ২৪ বছৰ খেলিলো।”

“মায়ে মোক কেতিয়াও স্বচক্ষুৰে খেলা দেখা নাছিল। সেই সময়ত মাৰ স্বাস্থ্য ইমান ভাল নাছিল যে তেওঁ মোৰ খেল চাবলৈ ৱাংখেড়ে ষ্টেডিয়ামৰ বাহিৰে আন ঠাইলৈ যাব পাৰে। মই বিচাৰিছিলো মোৰ মায়ে মেচখন চাই বুজি পাওক, মই কিয় ২৪ বছৰে বিভিন্ন ঠাইলৈ গৈ আছো।“- এইদৰে কয় শচীনে। ইয়াৰ বাবেই তেওঁ বিচিচিআইৰ ওচৰত এই মেচখন ৱাংখেড়েত অনুষ্ঠিত কৰিবলৈ অনুৰোধ কৰিছিল আৰু বিচিচিআইয়েও তেওঁৰ অনুৰোধ ৰক্ষা কৰিছিল।

অৱশেষত ২০১৩ চনৰ ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই টেষ্টখন ১৬ নৱেম্বৰত অন্ত পৰিল। ইয়াৰ লগে লগে অন্ত পৰিল শচীনৰ স্বৰ্ণিল কেৰিয়াৰ। ৱেষ্ট ইণ্ডিজক এক ইনিংছ আৰু ১২৬ ৰানত পৰাস্ত কৰি শচীনক অৱসৰৰ উপহাৰ প্ৰদান কৰে ভাৰতীয় দলে। নিজৰ এই অন্তিমখন মেচত ১১৮টা বলত ৭৪ ৰান সংগ্ৰহ কৰি চিৰদিনলৈ আান্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মঞ্চ ত্যাগ কৰিছিল ক্ৰিকেট ইতিহাসৰ এই অবিসম্বাদী সম্ৰাটগৰাকীয়ে।

শাওণ মাহৰ প্ৰথম সোমবাৰত ৪ টা বিৰল সংযোগ! পূজা কৰিলে পাব সুফল...
শিৱৰ প্ৰিয় ৩ ৰাশি! শাওণ মাহত লাভ কৰিব বিশেষ কৃপা...
ফ্ৰীজৰ পানী লিকৰ সমস্যাই চিন্তিত কৰিছে নেকি? ইয়াৰ কাৰণ আৰু সমাধান কি জানেনে?
পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই