যুৱ ভাৰতীয় পেচাৰক ৰ’লছ ৰয়েচ আখ্যা বলিং প্ৰশিক্ষক মৰ্কেলৰঃ আঁৰৰ কাৰণ কি!
বিগত সংস্কৰণৰ আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ আই পি এলত অভিষেক ঘটাইছিল মায়ংক যাদৱে। যুৱ পেচাৰগৰাকীয়ে নিজৰ দুৰন্ত গতি আৰু লাইন-লেংথেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। মায়াংকৰ বলিঙত চমকিত হৈ উঠিছিল ক্ৰিকেটৰ সাধাৰণ অনুৰাগীৰ পৰা আৰম্ভ কৰি ক্ৰিকেট জগতৰ ৰথী-মহাৰথীসকলো।

মৰ্নে মৰ্কেল আৰু মায়াংক আগৰৱাল
বিশ্বৰ আটাইতকৈ ব্যয়বহুল বিলাসী বাহন নিৰ্মাতা কোম্পানীৰ ভিতৰত অন্যতম ৰ’লছ ৰয়েচ। এই কোম্পানীটোৰ বাহনসমূহৰ অনন্য সৌন্দৰ্য আৰু অত্যাধুনিক সা-সুবিধাৰ বাবে এক বিশেষ মৰ্যাদা লাভ কৰি আহিছে। এনে কাৰণতে বিশ্বৰ আগশাৰীৰ বাহন নিৰ্মাতা কোম্পানীৰ তালিকাত ৰ’লছ ৰয়েচৰ নামো শীৰ্ষৰ ফালে অন্তৰ্ভুক্ত হয়। ৰ’লছ ৰয়েচৰ এনে বিশ্বজনীন মৰ্যাদা কাৰিকৰী দিশত কিছু জ্ঞান থকা সকলো লোকৰে জ্ঞাত। ভাৰতৰ এগৰাকী যুৱ ক্ৰিকেটাৰক এই বিশ্ববিখ্যাত বাহন নিৰ্মাতা কোম্পানীটোৰ সৈতে তুলনা কৰা হৈছে।
ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ বলিং প্ৰশিক্ষক মৰ্নে মৰ্কেলে যুৱ পেচাৰগৰাকীক ৰ’লছ ৰয়েচ আখ্যা দিছে। মৰ্কেলৰ পৰা এই প্ৰশংসা লাভ কৰা বলাৰগৰাকী হৈছে মায়াংক আগৰৱাল। এই যুৱ পেচাৰগৰাকীয়ে গত সংস্কৰণৰ আই পি এলত নিজৰ দুৰন্ত গতি আৰু লাইন-লেংথেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। মায়াংকৰ বলিঙত চমকিত হৈ উঠিছিল ক্ৰিকেটৰ সাধাৰণ অনুৰাগীৰ পৰা আৰম্ভ কৰি ক্ৰিকেট জগতৰ ৰথী-মহাৰথীসকলো।
আই পি এলত এই আলোড়নৰ সৃষ্টি কৰাৰ পিছতে মায়াংকৰ মাজত ভৱিষ্যতৰ আশা দেখা পাইছিল সকলোৱে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ আই পি এলত অভিষেক ঘটাইছিল মায়ংক যাদৱে। ফ্ৰেন্সাইজিটোৰ বলিং প্ৰশিক্ষকৰ দায়িত্বত আছিল মৰ্নে মৰ্কেল। আনহাতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা নিজৰ অনন্য ফিল্ডিং কৌশলৰ বাবে বিখ্যাত জন্টি ৰোডছ আছিল এই দলৰ ফিল্ডিং প্ৰশিক্ষকৰ ভূমিকাত।
শেহতীয়াকৈ ৰোডছে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে মায়াংকক বলিং কৰা দেখি মৰ্কেল আচৰিত হৈ পৰিছিল। তেতিয়াই মায়াংক প্ৰসঙ্গত মৰ্কেলে ৰোডছ আগত ৰ’লছ ৰয়েচৰ তুলনা দাঙি ধৰিছিল। ৰোডছে উল্লেখ কৰা মতে মায়াংকৰ বলিং দেখি মৰ্কেলে তেওঁৰ আগত কৈছিল, “মায়াংক বলাৰৰ ৰ’লছ ৰয়েচৰ দৰে। যিদৰে আমি এলান ড’নাল্ডক ৰ’লছ ৰয়েচ বুলি মাতিছিলো।” অৰ্থাৎ মৰ্কেলে মায়াংকক ৰ’লছ ৰয়েচ হিচাপে এলেন ডোনাল্দৰ লগত তুলনা কৰিছিল।
উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ শিবিৰত ৰ’লছ ৰয়েচ হিচাপে পৰিচিত প্ৰাক্তন ক্ৰিকেটাৰ এলেন ডোনাল্ড ক্ৰিকেট ইতিহাসৰে অন্যতম এগৰাকী শ্ৰেষ্ঠ বেগী বলাৰ। দৰ্শনীয় বলিং একচনৰ লগতে পেচ আৰু ছুইঙৰ বাবে কেৰিয়াৰত অনন্য খ্যাতি অৰ্জন কৰা ডোনাল্ড ক্ৰীজত বিপক্ষৰ বেটাৰৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছিল। এনে প্ৰতিভাৰে তেওঁ ক্ৰিকেট জগতৰ এগৰাকী মহান পেচাৰ হিচাৰ হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰিছে।
লক্ষণীয়ভাৱে আই পি এলত চমক সৃষ্টি কৰাৰ পিছতে মায়াংক আগৰৱালে শীঘ্ৰেই ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিব বুলি চৰ্চা চলিছিল যদিও আই পি এলৰ পিছৰে পৰা দেখিবলৈ পোৱা হোৱা নাই মায়াংকক। আই পি এলতো তেওঁ মাত্ৰ ৪খন মেচতহে অংশ লৈছিল আৰু তাৰ পিছতে আঘাতৰ বাবে বেঞ্চত থাকিবলগা হৈছিল। এই আঘাতৰ প্ৰায় ৪ মাহৰ পিছতো খেলপথাৰলৈ ঘূৰিব পৰা নাই মায়াংক।
প্ৰকাশিত খবৰ অনুসৰি, বৰ্তমান মায়াংকে বিচিচিআইৰ বাংগালুৰুস্থিত নেচনেল ক্ৰিকেট একাডেমীত ৰিহাবিং কৰি আছে। তেওঁৰ গুৰু তথা দিল্লী ১৯ অনুৰ্ধৰ প্ৰাক্তন প্ৰশিক্ষক নৰেন্দ্ৰ নেগীয়ে জানিবলৈ দিয়া মতে এনচিএৰ প্ৰশিক্ষক আৰু ফিজিঅ’ই মায়ংকক এক ৰুটিন দিছে আৰু তেওঁলোকে মায়াংকক নিৰীক্ষণত ৰাখিছে। আঘাতৰ পৰা সুস্থ হৈ হৈ মায়াংকে শীঘ্ৰেই খেলপথাৰলৈ ঘূৰিব বুলি আশা কৰা হৈছে।