পাকিস্তানৰ সৈতে নেখেলে! ছেমি ফাইনেলৰ পূৰ্বেই বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ পৰা বাহিৰ ভাৰত

বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ পৰা বাহিৰ হ'ল ভাৰত। পাকিস্তানৰ বিৰুদ্ধে ছেমি ফাইনেল নেখেলাৰ সিদ্ধান্ত লোৱাৰ পাচতেই ভাৰতে নিজৰ নাম প্ৰত্যাহাৰ কৰিছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ (WCL 2025)ৰ পৰা।

পাকিস্তানৰ সৈতে নেখেলে! ছেমি ফাইনেলৰ পূৰ্বেই বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ পৰা বাহিৰ ভাৰত

ভাৰতীয় দল

Published: 

30 Jul 2025 | 08:04 PM

পাকিস্তানৰ সৈতে ছেমিফাইনেল নেখেলাৰ সিদ্ধান্ত গ্ৰহণৰ পাছত ইণ্ডিয়া চেম্পিয়নে আনুষ্ঠানিকভাৱে নিজৰ নাম প্ৰত্যাহাৰ কৰিছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ (WCL 2025)ৰ পৰা। পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে এই প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে কোনো মেচ নেখেলে। ইয়াৰ পূৰ্বে লীগ পৰ্যায়ত ভাৰত-পাকিস্তানৰ খেলখন বাতিল কৰা হৈছিল, আৰু এতিয়া ছেমি ফাইনেলৰ পূৰ্বেও ভাৰতীয় দলটোৱে পাকিস্তানৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত লৈছিল। যাৰ বাবে প্ৰতিযোগিতাখনৰ বাহিৰ হৈ ভাৰত।

WCL 2025 ৰ পৰা বাহিৰ ভাৰত

চলিত বৰ্ষৰ এপ্ৰিল মাহত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। যাৰ বাবে ভাৰতীয় খেলুৱৈৰ তীব্ৰ বিৰোধিতাৰ পিছত লীগ পৰ্যায়ত ভাৰত-পাকিস্তানৰ খেল বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়। সুৰেশ ৰাইনা আৰু শিখৰ ধাৱনৰ দৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰসকলে এই মেচত অংশগ্ৰহণ নকৰাৰ কথা স্পষ্টকৈ কৈছিল।

ছেমি ফাইনেল খেলৰ পূৰ্বেও একেধৰণৰ বিৰোধ দেখা গৈছিল। স্প’ৰ্টছ টকৰ এক প্ৰতিবেদন অনুসৰি ভাৰতে ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ পৰা আঁতৰি আহিছে। এনে পৰিস্থিতিত পাকিস্তানে এতিয়া পোনপটীয়াকৈ প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিছে।

উল্লেখ্য যে, ২০ জুলাইত বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ লীগ পৰ্যায়ত ভাৰত আৰু পাকিস্তানৰ মাজত এখন মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু খেলুৱৈসকলে অনুৰাগীৰ চোকা প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছত ভাৰতীয় খেলুৱৈসকলে এই মেচত খেলিবলৈ অস্বীকাৰ কৰি খেলখন বাতিল কৰে।

এতিয়া ৩১ জুলাইত দুয়োটা দলৰ মাজত ছেমি ফাইনেল খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ভাৰতীয় খেলুৱৈসকলে নিজৰ তীব্ৰ প্ৰতিদ্বন্দ্বী দলটোৰ সৈতে কোনো প্ৰতিযোগিতামূলক মেচত অংশগ্ৰহণ নকৰাৰ নীতি অক্ষুণ্ণ ৰখাৰ সিদ্ধান্ত লয়।

যোৱাবাৰ ভাৰতে খিতাপ দখল কৰিছিল

এইটো বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ দ্বিতীয় ছিজন। প্ৰথম ছিজনটো আছিল ইণ্ডিয়া চেম্পিয়নৰ নামত। ইণ্ডিয়া চেম্পিয়নে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত জয়লাভ কৰে। এইবাৰো ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। কিন্তু পাকিস্তানৰ সৈতে খেলিবলৈ অমান্তি হোৱাৰ পৰিপ্ৰেক্ষিতত টুৰ্ণামেণ্টৰ পৰা আঁতৰি যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব