২০২৭ৰ বিশ্বকাপত দেখা নাযাব নেকি কোহলীক! দলৰ প্ৰশিক্ষকে কৰিলে এনে মন্তব্য

লক্ষণীয়ভাৱে শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে এই এদিনীয়া শৃংখলাৰ পিছতে ৰোহিত-কোহলীৰ ভৱিষ্যৎ সন্দৰ্ভত বিচিচিআইৰ এখন বৈঠক অনুষ্ঠিত হ’ব বুলি খবৰ পোহৰলৈ আনিছিল। কিন্তু কালি কোহলী আৰু ৰোহিতে দৰ্শনীয় বেটিঙেৰে সকলোকে সোঁৱৰাই দিয়ে দুয়োৰে প্ৰয়োজনীয়তাৰ কথা।

২০২৭ৰ বিশ্বকাপত দেখা নাযাব নেকি কোহলীক! দলৰ প্ৰশিক্ষকে কৰিলে এনে মন্তব্য

বিৰাট কোহলী

Updated On: 

01 Dec 2025 | 04:53 PM

শেহতীয়া কিছুদিন ধৰি ক্ৰিকেট বিশ্বত দেখা গৈছে এক বিশেষ চৰ্চা। তাৰকা ক্ৰিকেটাৰদ্বয় বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ ভৱিষ্যতৰ কেৰিয়াৰ কেন্দ্ৰিক এই চৰ্চা নিত্য-নতুনভাৱে খবৰলৈ আহিছে। তাৰ মাজতে দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত দুয়ো তাৰকাই দৰ্শনীয় বেটিঙেৰে সকলোৰে মুখ বন্ধ কৰে। ৰোহিতে এক অৰ্ধশতকীয় ইনিংছ খেলি বিদায় ল’লেও দমনীয় বেটিঙেৰে বিৰাট কোহলীয়ে সম্পূৰ্ণ কৰে শতক। নিজ কেৰিয়াৰৰ ৫২ সংখ্যক এদিনীয়া শতকেৰে কোহলী ভাৰতীয় দলৰ জয়ৰ নায়ক হৈ পৰে।

লক্ষণীয়ভাৱে শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে এই এদিনীয়া শৃংখলাৰ পিছতে ৰোহিত-কোহলীৰ ভৱিষ্যৎ সন্দৰ্ভত বিচিচিআইৰ এখন বৈঠক অনুষ্ঠিত হ’ব বুলি খবৰ পোহৰলৈ আনিছিল। কিন্তু কালি কোহলী আৰু ৰোহিতে দৰ্শনীয় বেটিঙেৰে সকলোকে সোঁৱৰাই দিয়ে দুয়োৰে প্ৰয়োজনীয়তাৰ কথা।

দুয়োৰে এই প্ৰদৰ্শনৰ পিছত একাংশ অনুৰাগীয়ে সামাজিক মাধ্যম যোগে বিচিচিআই তথা ভাৰতীয় টীম মেনেজমেণ্টক কঠোৰ সমালোচনা তথা কটাক্ষ কৰাও পৰিলক্ষিত হয়। ইফালে মেচৰ পিছতে দুয়ো তাৰকা বিশেষকৈ কোহলীৰ অৱসৰৰ চৰ্চাক লৈ বিশেষ মন্তব্য কৰে ভাৰতৰ বেটিং প্ৰশিক্ষক সীতাংশু কোটকে।

কোহলীক প্ৰশংসা কোটকৰ

কালিৰ মেচখনত কোহলীয়ে পুনৰ এবাৰ ৰানৰ প্ৰতি নিজৰ ক্ষুধাৰ প্ৰমাণ দি ১২০টা বলত ১টা চাৰি আৰু ৭টা ছয়েৰে ১৩৫ ৰান সংগ্ৰহ কৰে। কোহলীৰ এই ইনিংছক উচ্চ প্ৰশংসা কৰে বেটিং প্ৰশিক্ষক সীতাংশু কোটকে। কোটকে কয়, “তেওঁ সঁচাকৈয়ে ভাল বেটিং কৰিছে। কেৱল এদিনীয়া ফৰ্মেটতে নহয়, সকলো ফৰ্মেটতে তেওঁ ভাল প্ৰদৰ্শন কৰিছে।”

বিৰাটৰ ভৱিষ্যতক লৈ ডাঙৰ বক্তব্য

সংবাদমেলৰ অন্তত বিৰাট কোহলীৰ ভৱিষ্যত সন্দৰ্ভতো সীতাংশু কোটকে ডাঙৰ বক্তব্য আগবঢ়ায়। ২০২৭ চনৰ বিশ্বকাপত বিৰাট কোহলীৰ অংশগ্ৰহণ সন্দৰ্ভত তেওঁক এক প্ৰশ্ন কৰা হয়। এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “আমি এই বিষয়ৰ ওপৰত কিয় ইমান গুৰুত্ব দিব লাগে, মই বুজা নাই। তেওঁ সঁচাকৈয়ে ভাল বেটিং কৰিছে। তেওঁৰ ভৱিষ্যতক লৈ কোনো আলোচনাৰ প্ৰয়োজন বুলি মই নাভাবোঁ।”

কোহলীয়ে যিদৰে প্ৰদৰ্শন কৰিছে আৰু যিদৰে নিজৰ ফিটনেছ বজাই ৰাখিছে, তাৰ পিছত দিশৰ ওপৰত কোনো প্ৰশ্নই উত্থাপন নহয় বুলিও সীতাংশু কোটকে মন্তব্য কৰে। দলৰ বেটিং প্ৰশিক্ষকগৰাকীৰ এনে মন্তব্যই দলৰ ভিতৰচৰাত যে কোহলীৰ অৱসৰকেন্দ্ৰিক আলোচনা চলি আছে, তেনে সম্ভাৱনা নাই যেন প্ৰতিফলিত কৰে। পিছে ইয়াৰ কোনো নিশ্চয়তা প্ৰদান কৰা বুলিও ক’ব নোৱাৰি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব