গাংগুলীৰ সৈতে সংঘাতৰ পাছতেই আৰম্ভ হৈছিল কোহলীৰ কেৰিয়াৰৰ বেয়া সময়!

কোহলীৰ কেৰিয়াৰৰ বেয়া দিনবোৰ আচলতে কেতিয়াৰ পৰা আৰম্ভ হৈছিল জানেনে ? ইয়াৰ উত্তৰ, সৌৰভ গাংগুলীৰ সৈতে হোৱা কাজিয়াৰ ঠিক পিছত । ২০২১ চনত গাংগুলী বি চি চি আইৰ সভাপতি আছিল । তাৰ পিছত তেওঁৰ আৰু কোহলীৰ মাজত বিভাজন ঘটিল । একে সময়তে কোহলিয়ে অধিনায়কত্ব হেৰুৱায় আৰু তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ নামি আহে ।

গাংগুলীৰ সৈতে সংঘাতৰ পাছতেই আৰম্ভ হৈছিল কোহলীৰ কেৰিয়াৰৰ বেয়া সময়!

সৌৰভ গাংগুলী আৰু বিৰাট কোহলী

Published: 

14 May 2025 18:05 PM

ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ২০১১ চনত টেষ্ট ক্ৰিকেটত প্ৰৱেশ কৰিছিল । ১৪ বছৰ এই ফৰ্মেটত খেলাৰ পাছত তেওঁ যোৱা ১২ মে’ত হঠাতে অৱসৰ গ্ৰহণ কৰে দীঘলীয়া ফৰ্মেটৰ পৰা । টেষ্টত ইমান সফল বেটছমেন আৰু অধিনায়ক হোৱাৰ পাছতো এই ফৰ্মেট এৰি যোৱাৰ হঠাৎ সিদ্ধান্তই সকলোকে আচৰিত কৰিছে । ইংলেণ্ডৰ দৰে গুৰুত্বপূৰ্ণ ভ্ৰমণৰ পূৰ্বে অৱসৰ লোৱাৰ সিদ্ধান্তই বহু প্ৰশ্ন উত্থাপন কৰিছে । বহু বিশেষজ্ঞই বিগত ৪-৫ বছৰত তেওঁৰ দুৰ্বল ফৰ্মৰ উদাহৰণ দাঙি ধৰিছে ।

কিন্তু তেওঁৰ কেৰিয়াৰৰ বেয়া দিনবোৰ আচলতে কেতিয়াৰ পৰা আৰম্ভ হৈছিল জানেনে ? ইয়াৰ উত্তৰ, সৌৰভ গাংগুলীৰ সৈতে হোৱা কাজিয়াৰ ঠিক পিছত । ২০২১ চনত গাংগুলী বি চি চি আইৰ সভাপতি আছিল । তাৰ পিছত তেওঁৰ আৰু কোহলীৰ মাজত বিভাজন ঘটিল । একে সময়তে কোহলিয়ে অধিনায়কত্ব হেৰুৱায় আৰু তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ নামি আহে । এতিয়া তেওঁ অৱসৰ ল’ব লগা হ’ল । এই যুঁজখনৰ পিছত কোহলীৰ কেৰিয়াৰত কি কি পৰিৱৰ্তন আহিল জানো আহক-

সংঘাতৰ পূৰ্বে চলিছিল কোহলীৰ আধিপত্য
গাংগুলীৰ সৈতে যুঁজৰ পূৰ্বে বিৰাট কোহলীয়ে ক্ৰিকেট জগতখনত আধিপত্য চলাইছিল । প্ৰতিটো ফৰ্মেটতে তেওঁ আধিপত্য বিস্তাৰ কৰিছিল । এতিয়া আমি কেৱল টেষ্ট ক্ৰিকেটৰ কথাহে ক’ম । এম এছ ধোনীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত ২০১৪ চনত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত তেওঁ অধিনায়কত্ব লাভ কৰিছিল । ইয়াৰ পাছত কোহলীয়ে অধিনায়ক হিচাপে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । ২০১৯ চনৰ পৰা তেওঁ টেষ্ট ক্ৰিকেটত ৰাজত্ব কৰে । বিধ্বংসী বেটিঙেৰে ৰাণৰ পাহাৰ গঢ়ে কোহলীয়ে । অষ্ট্ৰেলিয়া হওক, ইংলেণ্ড হওক, দক্ষিণ আফ্ৰিকা হওক, ৱেষ্ট ইণ্ডিজ হওক বা বাংলাদেশ হওক, কোহলীয়ে প্ৰতিটো দলৰ বিৰুদ্ধে ৰান সংগ্ৰহ কৰিছিল । ২০১৬ চনৰ পৰা ২০১৯ চনলৈ টেষ্ট মেচত ৭টা দ্বি-শতক অৰ্জন কৰিছিল এইগৰাকী বেটাৰে ।

কোহলীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২০০, বাংলাদেশৰ বিৰুদ্ধে ২০৪, নিউজিলেণ্ডৰ বিৰুদ্ধে ২১১, শ্ৰীলংকাৰ বিৰুদ্ধে ২১৩, ইংলেণ্ডৰ বিৰুদ্ধে ২৩৫, শ্ৰীলংকাৰ বিৰুদ্ধে ২৪৩ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৫৪ ৰান সংগ্ৰহ কৰে । অধিনায়কত্বৰ সময়ছোৱাত তেওঁ ঘৰুৱা ক্ষেত্ৰত এখনো টেষ্ট শৃংখলা পৰাস্ত হোৱা নাছিল । বিদেশৰ মাটিত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল । ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাক ঘৰুৱা চোতালত কঠিন প্ৰত্যাহ্বান জনায় । কোহলীয়ে ৬৮খন টেষ্ট মেচত অধিনায়কত্ব কৰি ৪০খন জয় আৰু মাত্ৰ ১৭খন খেলত পৰাস্ত হয় । ইয়াৰ বিপৰীতে ১১খন মেচত ড্ৰ’ হয় । ভাৰতৰ এজন সফল টেষ্ট অধিনায়ক আছিল আৰু সফল বেটছমেনৰ ভিতৰতো গণ্য কৰা হৈছিল । কিন্তু ২০২১ চনত সকলো সলনি হ’বলৈ ধৰিলে ।

গাংগুলীৰ সৈতে হোৱা সংঘাতৰ সম্পূৰ্ণ কাহিনী
২০১৯ চনৰ অক্টোবৰ মাহত সৌৰভ গাংগুলী বিচিচিআইৰ সভাপতি হৈছিল । ২০২১ চনত টি-২০ বিশ্বকাপৰ পিছত বিৰাট কোহলীয়ে চাপৰ কাৰণে টি-২০ ফৰ্মেটৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিছিল । কিন্তু তথাপিও তেওঁ এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়কত্ব অব্যাহত ৰাখিব বিচাৰিছিল । গাংগুলীয়ে এই কথা ভাল নাপালে আৰু কেইসপ্তাহমানৰ পাছত ব’ৰ্ডে ৰোহিত শৰ্মাক এদিনীয়াল দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে । এই সময়ছোৱাত ব’ৰ্ডে ইয়াৰ কোনো কাৰণ নিদিলে । নতুন অধিনায়কৰ বিষয়ে তথ্য মাত্ৰ এটা শাৰীৰ বিবৃতি জাৰি কৰা হৈছিল ।

গাংগুলীয়ে দাবী কৰে যে তেওঁ বিৰাট কোহলীক অধিনায়কত্ব এৰি নিদিবলৈ বুজাইছিল । কিন্তু তেওঁ মান্তি নহ’ল । ব’ৰ্ডে দুজন বগা বলৰ অধিনায়ক ৰাখিব বিচৰা নাছিল । সেইবাবেই এই সিদ্ধান্ত লোৱা হ’ল । কিন্তু ২০২১ চনৰ ডিচেম্বৰ মাহত কোহলীয়ে পোনপটীয়াকৈ গাংগুলীৰ দাবী নাকচ কৰিছিল । ইয়াতকৈও আচৰিত ধৰণৰ কথা প্ৰকাশ কৰিলে কোহলীয়ে । তেওঁ কয় যে টেষ্ট দল নিৰ্বাচনৰ মাত্ৰ ৯০ মিনিট পূৰ্বে তেওঁক এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা অপসাৰণৰ বিষয়ে অৱগত কৰা হৈছিল ।

বাতৰিটোত দাবী কৰা হৈছে যে সংবাদ মাধ্যমত এই কথাবোৰ মুকলিকৈ কোৱাত গাংগুলী আৰু ব’ৰ্ড বিচলিত হৈ পৰিছিল । ইয়াৰ পিছতে দক্ষিণ আফ্ৰিকাত টেষ্ট শৃংখলাত টিম ইণ্ডিয়া পৰাস্ত হয়, তাৰ পিছত কোহলীয়ে টেষ্ট দলৰ অধিনায়কত্বও এৰি দিয়ে । ৫ মাহৰ ভিতৰত তিনিওটা ফৰ্মেটৰ পৰাই অধিনায়কত্ব হেৰুৱাবলগীয়া হ’ল । সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত ২০২৩ চনৰ আই পি এলতো কোহলী আৰু গাংগুলীৰ মাজত বিবাদৰ খবৰ ওলাইছিল । মেচৰ পিছৰ উপস্থাপনৰ সময়ত তেওঁ গাংগুলীক আওকাণ কৰিছিল । দুয়োজনে ইনষ্টাগ্ৰামতো আনফ’ল’ কৰিছিল ।

সংঘাতৰ পিছত নিম্নগামী হৈছিল গ্ৰাফ
২০২১ চনত টি-২০ বিশ্বকাপৰ লগে লগে কোহলীৰ কেৰিয়াৰ নিম্নগামী হ’বলৈ আৰম্ভ কৰে । পৰৱৰ্তী ৪ বছৰত তেওঁ মাত্ৰ ৪টা শতকহে কৰিব পাৰিছিল । ২০২১ চনৰ পিছত ২০২৫ চনৰ জানুৱাৰীলৈকে ৩৫খন টেষ্টত গড়ে ৩২.৫৬ ৰানেৰে মাত্ৰ ১৮৮৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

সোনকালে ওজন কমোৱাৰ চেষ্টাত মানুহে কৰে এনে ভুল, উপকাৰৰ পৰিৱৰ্তে হ’ব পাৰে ক্ষতিহে
মগজু চোকা কৰিবলৈ দৈনিক কৰক এই ৫টা কাম, কম সময়তে দেখিব ইতিবাচক প্ৰভাৱ
শনি দেৱৰ পূজাত ভুলতো নিদিব এইসমূহ সামগ্ৰী, শনি দোষ লাগিব আপোনাৰ!
কলডিল আপোনাৰ প্ৰিয় নে? আমাৰ শৰীৰৰ কি কি উপকাৰ সাধন কৰে জানো আহক