Virat kohli Ducks: ল’ব নেকি অৱসৰ? এখনৰ পাছত আনখন মেচত ‘শূন্য’ত আউট বিৰাট কোহলি…
Virat kohli Ducks: পাৰ্থত দুৰ্বল প্ৰদৰ্শনৰ পাছত এইবাৰ এডিলেডত বিৰাট শূন্য ৰাণত আউট বয়। এই ছিৰিজত তেওঁ একেৰাহে দ্বিতীয়খন মেচ শূন্যত আউট হয়। প্ৰিয় গ্ৰাউণ্ডত বিৰাটৰ এই বিফলতাই এতিয়া বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

বিৰাট কোহলি
পাৰ্থৰ পাছত এইবাৰ এডিলেইডত বিৰাট কোহলিৰ দুৰ্বল প্ৰদৰ্শন। যিখন খেলপথাৰৰ হিৰো বুলি কোৱা হৈছিল সেই খেলপথাৰতে বিৰাট কোহলিয়ে শূন্যত আউট হয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত শূন্য ৰানত আউট হয় বিৰাট কোহলি। ২০০৮ চনত অভিষেক ঘটনাৰ পাছত এদিনীয়া ক্ৰিকেটত কোহলিৰ এয়া প্ৰথম এটাৰ পাছত আনটো শূন্য।
শূন্যত আউট
এডিলেইডত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়াত বিৰাট কোহলিয়ে শূন্যত আউট হয়। চাৰিটা বলত ১ ৰানো সংগ্ৰহ কৰিব নোৱাৰিলে বিৰাটে। জেভিয়াৰ বাৰ্টলেটে তেওঁক LBW কৰে। ইয়াৰ পূৰ্বে পাৰ্থত অনুষ্ঠিত ছিৰিজৰ প্ৰথমখন শৃংখলাত বিৰাটে শূন্যত আউট হৈছিল। সেই সময়ত তেওঁ ৮ টা বলৰ সন্মুখীন হৈছিল।
প্ৰথমবাৰৰ বাবে
অষ্ট্ৰেলিয়া বিৰাট কোহলিৰ প্ৰিয়। যি ফৰ্মেই নহওক কিয়, অষ্ট্ৰেলিয়াৰ খেলপথাৰত তেওঁ ভাল ৰান কৰে। কোৱা হয়, এডিলেইডত তেওঁৰ বেটৰ পৰা পানীৰ দৰে ৰান আহে। এডিলেইডত খেলা ১৩খন আন্তঃৰাষ্ট্ৰীয় মেচত বিৰাট কোহলীয়ে ৬০.৯৩ গড়ে ৯৭৫ ৰান আৰু ৫ শতক অৰ্জন কৰিছে। ইয়াৰে এডিলেইডত খেলা ৪খন এদিনীয়াত গড়ে ৬১ আৰু ২টা শতকৰে ২৪৪ ৰান সংগ্ৰহ কৰিছে।
গতিকে ক’ব পাৰি যে, যেতিয়াই বিৰাটে এডিলেইডত খেলে তেতিয়াই ভাল ৰান আহে। কিন্তু প্ৰথমবাৰৰ বাবে বিৰাটে এডিলেইডত খেলা আন্তঃৰাষ্ট্ৰীয় মেচত শূন্যৰ বাবে আউট হোৱা দেখা যায়।
ল’ব নেকি অৱসৰ?
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথম দুখন মেচত শূন্যৰ বাবে আউট হোৱাৰ পিছতে বিৰাট কোহলীৰ কেৰিয়াৰক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে বিৰাটে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ঘোষণা কৰিছিল। ইয়াৰ মাজতে এদিনীয়াৰ পৰা অৱসৰ লোৱাক লৈ জল্পনা-কল্পনা চলি আছিল।
গতিকে অষ্ট্ৰেলিয়া ভ্ৰমণ তেওঁৰ বিদায় ছিৰিজ হ’ব পাৰে বুলি একাংশই সন্দেহ কৰিছে। এতিয়ালৈকে বিৰাটে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও শেহতীয়া দুখন খেলৰ প্ৰদৰ্শন দেখি ক্ৰিকেট অনুৰাগীৰ মনত এইটো প্ৰশ্নই দোলা দি ফুৰিছে যে এদিনীয়াৰ পৰা অৱসৰ ল’ব নেকি বিৰাট কোহলিয়ে?
অন্য খবৰ পঢ়কঃ নীৰজ চোপ্ৰালৈ বিশেষ সন্মান, প্ৰদান ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেলৰ মৰ্যদা…