অপ্ৰতিৰোধ্য কিং কোহলী! একেৰাহে দ্বিতীয়টো শতক অৰ্জন, ভংগৰ দিশে শচীনৰ আন এক অভিলেখ…

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোহলীয়ে অৰ্জন কৰিলে ৭ নম্বৰটো শতক। এয়া ছিৰিজৰ একেৰাহে দ্বিতীয়টো শতক। ইয়াৰ লগে লগে কোহলীয়ে কেইবাটাও অভিলেখ গঢ়ে। ইমানেই নহয় ভংগ কৰে শচীনৰ অভিলেখ।

অপ্ৰতিৰোধ্য কিং কোহলী! একেৰাহে দ্বিতীয়টো শতক অৰ্জন, ভংগৰ দিশে শচীনৰ আন এক অভিলেখ...

বিৰাট কোহলী

Published: 

03 Dec 2025 | 06:10 PM

অপ্ৰতিৰোধ্য কিং কোহলী! এটাৰ পাছত আনটো শতক কৰি দেখুৱাই দিলে ৰজা সদায় ৰজাই! দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ক্ৰমান্বয়ে দ্বিতীয়টো শতক অৰ্জন কৰিলে বিৰাট কোহলীয়ে (Virat Kohli)। ৰাঁচীত প্ৰথমখন এদিনীয়াত শতক অৰ্জন কৰাৰ পাছত বুধবাৰে ৰায়পুৰত এদিনীয়াত পুনৰ শতক অৰ্জন কৰে কোহলীয়ে। ৱান ডে ছিৰিজ (ODI)ৰ দ্বিতীয়খন মেচত প্ৰথমটো উইকেট যোৱাৰ পাছতে ফিল্ডত প্ৰৱেশ কৰে কোহলী আৰু নিজৰ নামত কৰে আন এটা শতক।

ৰাঁচীৰ পাছত ৰায়পুৰ

৩ ডিচেম্বৰ বুধবাৰে ৰায়পুৰৰ শ্বহীদ বীৰনাৰায়ণ সিং ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত টিম ইণ্ডিয়াই প্ৰথমে বেটিং কৰে। এই মেচত ৰোহিত শৰ্মা সোনকালে আউট হয়, তাৰ কিছুসময় পাছত যশস্বী জয়ছৱালেও পেভেলিয়ানলৈ উভতে। এনে পৰিস্থিতিত সকলোৰে চকু আছিল বিৰাট কোহলীৰ ওপৰত। তাৰ পাছত কোহলীয়ে বেটিং কৰি ৫৩ নম্বৰ শতক নিজৰ নামত কৰে।

কোহলীয়ে ৪ নম্বৰ বলত ৬ কোবাই ৰানৰ আৰম্ভণি কৰে। তাৰ পাছতে গঢ়ে ৰানৰ পাহাৰ। এই সময়চোৱাত কোহলীয়ে ৪৭ টা বলত অৰ্ধশতক আৰু কিছুসময় পাছতেই তেওঁ এদিনীয়া ক্ৰিকেটত ৫৩ সংখ্যক শতক অৰ্জন কৰিবলৈ সক্ষম হয়। ৩৮ অভাৰৰ শেষৰ বলত কোহলীয়ে এই ৰান সম্পূৰ্ণ কৰে। ইয়াৰ পাছতে কোহলীয়ে তেওঁৰ শতক উদযাপন কৰে।

অভিলেখ

শতক অৰ্জন কৰাৰ পাছতে কোহলী আউট হয়। ৯৩ টা বলত ১০২ ৰান সংগ্ৰহ কৰি কোহলী পেভেলিয়ানলৈ উভতে। এই সময়চোৱাত কোহলীয়ে বহু ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। আজিৰ খেলৰ পাছতে বিৰাটে শচীন তেণ্ডুলকাৰৰ আন এটা অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে। শচীনে সমগ্ৰ কেৰিয়াৰত ৭৬টা প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যিকোনো খেলুৱৈৰ এই সংখ্যা সৰ্বাধিক। বিৰাট কোহলীয়েও ৰাঁচীৰ এদিনীয়াত ৭০ নম্বৰ প্লেয়াৰ অৱ দ্য মেচ লাভ কৰে। অৰ্থাৎ যদি তেওঁ আৰু ৭টা প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে তেন্তে শচীনৰ আন এক বিশ্ব অভিলেখ ভংগ হ’ব।

ইমানেই নহয় এদিনীয়াত কোহলীয়ে একেৰাহে ১১ বাৰৰ বাবে দুখন বা তাতকৈ অধিক মেচত শতক অৰ্জন কৰে। এয়া কোহলীৰ নিজৰ মাজতে এক অভিলেখ। ইয়াৰ পাছতে ৬ বাৰৰ সৈতে দ্বিতীয় স্থানত আছে এ বি ডি ভিলিয়াৰ্ছৰ। উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শতক অৰ্জন কৰা এয়া কোহলীৰ সপ্তমটো শতক।

 

অন্য খবৰ পঢ়কঃ ভুৱা বাতৰি গণতন্ত্ৰৰ বাবে ডাঙৰ ভাবুকি…সামাজিক মাধ্যমৰ ক্ষেত্ৰত কঠোৰ নিয়ম সন্দৰ্ভত কি ক’লে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...