প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিক হাস্পাতালত ভৰ্তি, অৱস্থা সংকটজনক…

পুনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিৰ। বৰ্তমান তেওঁ হাস্পাতালত ভৰ্তি হৈ আছে। দীৰ্ঘদিন ধৰি তেওঁ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ আহিছে। সুৰাৰ প্ৰতি থকা আসক্তিয়ে ক্ৰিকেটাৰগৰাকীৰ স্বাস্থ্য আৰু অধিক বেয়া কৰি পেলাইছে।

প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিক হাস্পাতালত ভৰ্তি, অৱস্থা সংকটজনক...

বিনোদ কাম্বলি

Updated On: 

24 Dec 2024 07:10 AM

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিয়ে দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি আছে। ইয়াৰ মাজতে সোমবাৰে পুনৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। লগে লগে কাম্বলিক থানেৰ আকৃতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে। শেহতীয়াকৈ বিনোদ কাম্বলিৰ এটা ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। শচীন তেণ্ডুলকাৰৰ সৈতে দেখা ভিডিঅটোত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক যথেষ্ঠ অসুস্থ যেন লাগিছিল। তেতিয়াৰ পৰা বিশেষ  চৰ্চাত আছে বিনোদ কাম্বলি।

শেহতীয়াকৈ এজন অনুৰাগীয়ে বিনোদ কাম্বলিৰ এটা ভিডিঅ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে, যত তেওঁক হাস্পাতালত ভৰ্তি হৈ থকা দেখিবলৈ পোৱা গৈছে। তথ্য অনুসৰি জানিব পৰা মতে কাম্বলিৰ স্বাস্থ্য সম্পৰ্কীয় সকলো পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে কিন্তু তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক হৈয়ে আছে। শেহতীয়াকৈ কাম্বলিয়ে ইউটিউব চেনেলত দিয়া এক সাক্ষাৎকাৰত কৈছিল যে, প্ৰস্ৰাৱ সংক্ৰমণৰ এক গুৰুতৰ সমস্যাৰ সৈতে তেওঁ যুঁজি আছে। এই ৰোগৰ বাবে তেওঁ কিছুদিন পূৰ্বে অচেতন হৈ পৰিছিল আৰু ইয়াৰ ভিডিঅ সামাজিক মাধ্যমক ভাইৰেল হৈ পৰিছিল।

 

কাম্বলি বহু কেইটা বেমাৰত ভুগি আছে। ইয়াৰ পূৰ্বে তেওঁৰ হাৰ্ট এটেকো আহিছিল। উল্লেখ কৰা প্ৰয়োজন যে, সুৰাৰ প্ৰতি থকা আসক্তিৰ বাবে বিনোদ কাম্বলিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। কাম্বলিৰ এই অৱস্থা দেখিয়েই প্ৰবীণ ক্ৰিকেটাৰ কপিল দেৱে ঘোষণা কৰিছিল যে ১৯৮৩ চনৰ বিশ্বকাপৰ সতীৰ্থসকলে তেওঁক আৰ্থিকভাৱে সহায় কৰিব। কাম্বলিয়ে এই সহায়ৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে কপিল দেৱ আৰু তেওঁৰ সতীৰ্থসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছিল। ইয়াৰ পাছতে কাম্বলি ৰিহাবলৈ যাবৰ বাবে সাজু হৈছিল। জানিব পৰা মতে বৰ্তমানলৈ ১৪ বাৰকৈ ৰিহাবত হৈছে বিনোদ কাম্বলি।

কেৰিয়াৰ

১৯৯১ চনৰ এদিনীয়া ক্ৰিকেটৰ দ্বাৰা বিনোদ কাম্বলিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আৰম্ভণি কৰিছিল। ইয়াৰ পাছত ১৯৯৩ চনত ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটায়। বিনোদ কাম্বলিয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত টিম ইণ্ডিয়াৰ হৈ মুঠ ১৭ খন টেষ্ট আৰু ১৪ খন এদিনীয়া মেচ খেলিছিল। টেষ্টত কাম্বলিয়ে সংগ্ৰহ কৰা মুঠ ৰানৰ ১০৮৪ আৰু এদিনীয়াত তেওঁ ৰান কৰিছিল ২৪৭৭। খেলৰ আৰম্ভণিৰ সময়চোৱাত বিনোদ কাম্বলিয়ে বহু ভাল প্ৰদৰ্শন কৰিছিল। কিন্তু সুৰাৰ প্ৰতি থকা আসক্তিৰ বাবে তেওঁৰ উত্তৰণৰ যৱনিকা পৰে। এই সুৰাৰ প্ৰতি থকা আসক্তিৰ বাবে অধিক অসুস্থ হৈ পৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।

Related Stories
অসমীয়া কেলেণ্ডাৰ মতে শাওণৰ সোমবাৰ কেতিয়া?
শিৱৰ প্ৰিয় ফুল কি জানেনে? অৰ্পন কৰক শাওণ মাহত, পাব সুফল...
মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!