টি-২০ বিশ্বকাপৰ পূৰ্বে আন এক ভাৰত-পাক মেচ, কেতিয়া হ’ব এই ২২ গজৰ যুঁজ?

সাধাৰণতেই ভাৰত-পাক মেচ বুলিলেই ক্ৰিকেট বিশ্বত এক ৰোমাঞ্চকৰ যুঁজৰ আশা কৰা হয়। সেয়ে টি-২০ বিশ্বকাপৰ ভাৰত-পাক মেচখনৰ বাবেও সকলোৱে অপেক্ষা কৰিছে। অৱশ্যে তাৰ পূৰ্বে ক্ৰিকেটপ্ৰেমীয়ে দেখিবলৈ পাব আন এক ভাৰত-পাক মেচ।

টি-২০ বিশ্বকাপৰ পূৰ্বে আন এক ভাৰত-পাক মেচ, কেতিয়া হ’ব এই ২২ গজৰ যুঁজ?

পুনৰ হ’ব ভাৰত-পাক মেচ

Updated On: 

25 Jan 2026 | 04:37 PM

ক্ৰমাৎ কাষ চাপি আহিছে টি-২০ বিশ্বকাপ। ক্ৰিকেটৰ এই আটাইতকৈ চমু ফৰ্মেটৰ মহাৰণৰ বাবে সাজু হৈছে প্ৰতিটো দল। আগন্তুক এই টি-২০ বিশ্বকাপত পুনৰ এবাৰ সন্মুখীন হ’ব ভাৰত আৰু পাকিস্তান। অহা ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই হাই প্ৰফাইল মেচখন। সাধাৰণতেই ভাৰত-পাক মেচ বুলিলেই ক্ৰিকেট বিশ্বত এক ৰোমাঞ্চকৰ যুঁজৰ আশা কৰা হয়। সেয়ে টি-২০ বিশ্বকাপৰ ভাৰত-পাক মেচখনৰ বাবেও সকলোৱে অপেক্ষা কৰিছে। অৱশ্যে তাৰ পূৰ্বে ক্ৰিকেটপ্ৰেমীয়ে দেখিবলৈ পাব আন এক ভাৰত-পাক মেচ।

এই মেচখন অনুষ্ঠিত হ’ব চলিত ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ২০২৬ত। যুৱ পৰ্যায়ৰ এই প্ৰতিযোগিতাখন ইতিমধ্যেই এক আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। আজিৰ পৰা আৰম্ভ হৈছে প্ৰতিযোগিতাৰ ‘ছুপাৰ ছিক্স’ পৰ্যায়ৰ মেচ। ভাৰতীয় দলে এতিয়ালৈকে প্ৰতিযোগিতাত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছে।

প্ৰতিযোগিতাত ভাৰতৰ উজ্জীৱিত প্ৰদৰ্শন

গ্ৰুপ পৰ্যায়ত ৩খন মেচৰ ভিতৰত ৩খনতে জয়ী হৈ ভাৰতীয় দলে এই ‘ছুপাৰ ছিক্স’ পৰ্যায়ত প্ৰৱেশ কৰিছে। আয়ুস মাহাত্ৰে নেতৃ্ত্বাধীন ভাৰতীয় দলটোৱে অপ্ৰতিৰোধ্য গতিৰে আমেৰিকা, বাংলাদেশ আৰু নিউজিলেণ্ডক সহজেই পৰাস্ত কৰিছে। আনহাতে পাকিস্তানেও ছুপাৰ ছিক্সলৈ যোগ্যতা অৰ্জন কৰিছে।

ভাৰত বনাম পাকিস্তানৰ মেচ

এতিয়া ছুপাৰ ছিক্স পৰ্যায়ত ক্ৰিকেট বিশ্বৰ আটাইতকৈ হাই-ভল্টেজ মেচৰ দুই প্ৰতিদ্বন্দী দল ভাৰত আৰু পাকিস্তান মুখামুখি হ’ব। অহা ১ ফেব্ৰুৱাৰীত বুলাৱায়োত দেখা যাব এই ২২ গজৰ যুঁজ। এই মেচখন দুয়োটা দলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ, কাৰণ শেহতীয়া এছিয়া কাপৰ ফাইনেলত পাকিস্তানে ভাৰতক পৰাস্ত কৰিছিল। সেয়েহে ভাৰতৰ বাবে এয়া হ’ব ব্যথা দূৰ কৰাৰ সোণালী সুযোগ।

ছুপাৰ ছিক্সত দুই দলৰ মেচ

ভাৰতে গ্ৰুপ ‘বি’ত আধিপত্য বিস্তাৰ কৰি শীৰ্ষস্থান (B1) দখল কৰিছে। ছুপাৰ ছিক্সত পাকিস্তানৰ বিপক্ষে অৱতীৰ্ণ হোৱাৰ পূৰ্বে ভাৰতৰ আনখন মেচ ২৭ জানুৱাৰীত জিম্বাবৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব। ইফালে পাকিস্তানে গ্ৰুপ ‘চি’ত দ্বিতীয় স্থান (C2) লাভ কৰিছে। অহা ২৭ জানুৱাৰীতে পাকিস্তানে নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

ওজন হ্ৰাসৰ সকলো চেষ্টা হ’ব বিফল, যদিহে নিশা খায় এনে খাদ্য
সঘনাই জিভা শুকাই যায় নেকি ? হ'ব পাৰে এই জটিল ৰোগ...
আলুৰ এইবোৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি!
শীতকালত সঘনাই হয় নেকি মূৰৰ বিষ? প্ৰধান কাৰণ জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...