১৭ ডিচেম্বৰৰ পৰা মিজোৰামত প্ৰ’ পাঞ্জা লীগ মেচ, অংশগ্ৰহণ কৰিব অসমৰ তিনি গৰাকী খেলুৱৈয়ে…

অহা ১৭ ডিচেম্বৰত মিজোৰামত অনুষ্ঠিত হ’বলগীয়া প্ৰ’ পাঞ্জা লীগত অংশগ্ৰহণ কৰিব তিনিগৰাকী খেলুৱৈয়ে ৷ খেলুৱৈ তিনিগৰাকী হ’ল নিলয় শংকৰ, ঈশান কাশ্যপ আৰু ত্ৰিদীপ মেধি ৷

১৭ ডিচেম্বৰৰ পৰা মিজোৰামত প্ৰ’ পাঞ্জা লীগ মেচ, অংশগ্ৰহণ কৰিব অসমৰ তিনি গৰাকী খেলুৱৈয়ে...

প্ৰ' পাঞ্জা লীগ

Updated On: 

14 Dec 2024 21:54 PM

অসমৰ তিনিগৰাকী খেলুৱৈয়ে অহা ১৭ ডিচেম্বৰত মিজোৰামত অনুষ্ঠিত হ’বলগীয়া প্ৰ’ পাঞ্জা লীগত অংশগ্ৰহণ কৰিব ৷ খেলুৱৈ তিনিগৰাকী হ’ল নিলয় শংকৰ, ঈশান কাশ্যপ আৰু ত্ৰিদীপ মেধি ৷ উল্লেখ্য যে, মিজোৰামৰ শীতকালীন উৎসৱৰ লগত সংগতি ৰাখি এই বছৰ নতুন পৰিকল্পনাৰে অসম ৰাইফলছৰ খেলপথাৰত প্ৰ’ পাঞ্জা লীগৰ মুঠ পাঁচখন মেচ অনুষ্ঠিত হ’ব ৷ অসমৰ লগতে মিজোৰাম আৰু কাজাখস্তানৰ খেলুৱৈয়েও প্ৰ’ পাঞ্জাৰ মেচত অংশগ্ৰহণ কৰিব ৷

ইতিমধ্যে ঘোষণা কৰা সূচী অনুসৰি, অসমৰ নিলয়ে মিজোৰামৰ বনলাল্লুৰাৰ বিৰুদ্ধে খেলাৰ বিপৰীতে ঈশান কাশ্যপে মিজোৰামৰ কিমকিমাৰ মুখামুখি হ’ব ৷ ইফালে, মিজোৰামৰ ৰেমণ্ডৰ বিৰুদ্ধে খেলিব অসমৰ ত্ৰিদীপ মেধিয়ে ৷ আনহাতে, কাজাখস্তানৰ বেকজান ৰামিয়ানোভৰ বিৰুদ্ধে মিজোৰামৰ লালনুনপুয়ই তথা কাজাখস্তানৰ আছানালি নুৰমাগাম্বেটৰ বিৰুদ্ধে খেলিব মিজোৰামৰ ডেনিক লালৰুয়াটলুয়াংগেই৷

মিজোৰামৰ ক্ৰীড়া আৰু যুৱ বিভাগ, মিজোৰাম ক্ৰীড়া পৰিষদ আৰু মিজোৰাম পৰ্যটন মন্ত্ৰালয়ৰ সহযোগত হ’ব লগা এই অনুষ্ঠানৰ সময়তে ২০২৫ চনত হবলগীয়া উত্তৰ-পূব প্ৰ’ প্ৰাঞ্জা চেম্পিয়নশ্বিপৰ সূচীও আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ৷ উল্লেখ্য যে, উত্তৰ-পূবৰ আঠ ৰাজ্যৰ খেলুৱৈক পেছাদাৰী পাঞ্জা লীগত খেলাৰ সুযোগ দিয়াৰ লক্ষ্যৰে এই চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব৷

এই সন্দৰ্ভত প্ৰ’ পাঞ্জা লীগৰ সহ-প্ৰতিষ্ঠাপক পাৰভিন ডাবাছে কয়, ‘অসম আৰু উত্তৰ-পূবৰ অন্যান্য অঞ্চলত পাঞ্জা খেলে ক্ৰীড়াপ্ৰেমীৰ সঁহাৰি লাভ কৰাত আমি আনন্দিত হৈছো ৷ আমি শীতকালীন উৎসৱৰ অংশ হ’বলৈ পায়ো উৎফুল্লিত হৈছো ৷ প্ৰ’ পাঞ্জা লীগে মিজোৰামত আৰ্ম ৰেছলিং খেলৰ নৱ উত্থান নিশ্চিত কৰিব ৷’ ১৭ ডিচেম্বৰৰ জোনেট এপ আৰু ৱেবছাইটত সন্ধিয়া ৭ বজাৰ পৰা এই অনুষ্ঠানটো লাইভ ষ্ট্ৰীম কৰা হ’ব।

তৎক্ষণাত পাব উপশম, শীতকালত মূৰৰ বিষ কমোৱাৰ ঘৰুৱা উপায় কি কি? জানক
নিতে খাওক এই ৮ বিধ খাদ্য, আপোনাৰ মগজু হৈ পৰিব অধিক চোকা আৰু কাৰ্যক্ষম
ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী