ঘৰৰ মাটিত হেৰুৱাব নেকি আন এক শৃংখলা! আজি ‘সন্মান ৰক্ষা’ৰ যুঁজত নামিব ভাৰত
এই অন্তিম মেচখনত জয়েৰে ভাৰতে নিশ্চিতভাৱে প্ৰটিয়াছ বাহিনীৰ বিপক্ষে ক্ৰমাগত দ্বিতীয়টো শৃংখলা হেৰুৱাৰ লজ্জাৰ পৰা ৰক্ষা পৰিব বিচাৰিব। পিছে এইক্ষেত্ৰত ভাৰতীয় দল সন্মুখীন হ’ব লাগিব কঠিন প্ৰত্যাহ্বানৰ। এই প্ৰত্যাহ্বান নেওচি শৃংখলা জয় কৰিবলৈ পূৰ্বৰ ভুলৰ শুধৰণি ঘটাব লাগিব ভাৰতে।

আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ অন্তিম এদিনীয়া
ঘৰৰ মাটিত মেচ মানেই অপৰাজেয় ভাৰত। যিকোনো শক্তিশালী দলেই ভাৰতৰ মাটিত ভাৰতীয় দলৰ বিৰুদ্ধে জয়ৰ মুখ দেখাটো অত্যন্ত কঠিন। কিছুদিন পূৰ্বলৈকে প্ৰচলিত হৈ আছিল এই ধাৰণা। কিন্তু দেশৰ মাটিত ভাৰতীয় দলৰ এই শক্তি এতিয়া অতীত। বিগত কিছুদিনৰ পৰা নিজ দেশৰ মাটিতে ভ্ৰমণকাৰী দলৰ বিপক্ষে শোচনীয় আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈ পৰিছে ভাৰতীয় দল। সন্মুখীন হৈছে তীক্ষ্ণ সমালোচনা তথা কটাক্ষৰ। পুনৰ এনে এক অনাকাংক্ষিত ফলাফলৰ পৰা ৰক্ষা পৰাৰ মানসেৰে আজি বিশাখাপট্টনমত নামিব লাগিব মেন ইন ব্লু।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰাৰ পিছত তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাত নামিছে ভাৰতীয় দল। শৃংখলাৰ প্ৰথমখন মেচত জয়েৰে ভাৰতে টেষ্ট শৃংখলাৰ ব্যথা কিছু দূৰ কৰিছিল। কিন্তু দ্বিতীয় মেচত একপ্ৰকাৰে শোচনীয় পৰাজয়ৰ পিছত ভাৰতীয় শিবিৰত পুনৰ দেখা গৈছে আন এক শৃংখলা হেৰুৱাৰ শংকা।
আজি এই শৃংখলাৰ তৃতীয় তথা অন্তিম মেচ অনুষ্ঠিত হ’ব। এই অন্তিম মেচখনত জয়েৰে ভাৰতে নিশ্চিতভাৱে প্ৰটিয়াছ বাহিনীৰ বিপক্ষে ক্ৰমাগত দ্বিতীয়টো শৃংখলা হেৰুৱাৰ লজ্জাৰ পৰা ৰক্ষা পৰিব বিচাৰিব। পিছে এইক্ষেত্ৰত ভাৰতীয় দল সন্মুখীন হ’ব লাগিব কঠিন প্ৰত্যাহ্বানৰ। এই প্ৰত্যাহ্বান নেওচি শৃংখলা জয় কৰিবলৈ পূৰ্বৰ ভুলৰ শুধৰণি ঘটাব লাগিব ভাৰতে।
বেটিং বিভাগে দেখুৱাইছে দৃঢ়তা
চলিত শৃংখলাত দুই এক ব্যতিক্ৰম বাদ দি ভাৰতীয় দলৰ সামগ্ৰিক বেটিং শক্তি দেখা গৈছে আকাংক্ষিত ৰূপত। বিশেষকৈ ৰান মেচিন খ্যাত বিৰাট কোহলীৰ ক্ৰমাগত শতকে ভাৰতীয় দললৈ আনিছে প্ৰাণ। তেওঁৰ লগতে আনজন অভিজ্ঞ তাৰকা ৰোহিত শৰ্মায়ো প্ৰথমখন মেচত খেলিছিল দৰ্শনীয় অৰ্ধশতকীয় ইনিংছ।
অধিনায়ক ৰাহুলেও দুয়োখন মেচতে অৰ্ধশতকেৰে পুনৰ প্ৰমাণিত কৰিছে নিজৰ শক্তি। আনহাতে প্ৰথম মেচত ব্যৰ্থ হ’লেও দ্বিতীয় মেচত দৰ্শনীয় শতকেৰে যোগ্যতা প্ৰমাণ কৰিছে গায়কোৱাডেও। বেটিঙৰ ক্ষেত্ৰত কিছু চিন্তা হিচাপে দেখা গৈছে কেৱল জয়ছোৱালৰ ব্যৰ্থতা। কিন্তু দলৰ বলিং বিভাগ হৈ পৰিছে শৃংখলা হেৰুওৱাৰ শংকাৰ প্ৰধান কাৰণ।
বিফল বলিং আক্ৰমণ
পূৰ্বে হৈ যোৱা এই শৃংখলাৰ দুয়োখন মেচতে ভাৰতীয় বলিং বিভাগ প্ৰায় বিফল বুলিব পাৰি। প্ৰথম এদিনীয়াত ভাৰতে ৩৫০ ৰানৰ বৃহৎ বিজয় লক্ষ্য দিয়াৰ পিছতো মাত্ৰ ১৭ ৰানতহে জয়ী হৈছিল। আনহাতে দ্বিতীয় মেচত ৩৫৯ ৰানৰ বৃহৎ লক্ষ্য দিয়াৰ পিছতো ৪টা বল বাকী থকা অৱস্থাতে পৰাজয়বৰণ কৰিছিল ভাৰতীয় দলে। ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছিল দলৰ বলিং বিভাগৰ নিস্তেজ প্ৰভাৱ।
এতিয়া অন্তিম মেচত জয়েৰে শৃংখলা জয় কৰিবলৈ হ’লে বেটিং বিভাগৰ দৰে বলিং বিভাগেও নিজৰ সৰ্বস্ব উজাৰি দিব লাগিব। অন্যথা প্ৰটিয়াছ বাহিনীৰ বিপক্ষে নিজৰ ঘৰৰ মাটিতে আন এটা শৃংখলাত পৰাজয়ৰ গ্লানি সহিব লাগিব ভাৰতীয় দলে। ইয়াৰ বিপৰীতে দ্বিতীয় মেচৰ দৰ্শনীয় জয়ৰ পিছত যথেষ্ট আত্মবিশ্বাসী হৈ আছে দক্ষিণ আফ্ৰিকা।
মনোবল বৃদ্ধি দক্ষিণ আফ্ৰিকাৰ
ভাৰতৰ দৰে প্ৰটিয়াছ দলটোৰো বেটিং শক্তি সফল হোৱাৰ বিপৰীতে বলিং বিভাগ নিষ্প্ৰভ দেখা গৈছে। ৰায়পুৰত ৩৫৯ ৰানৰ বৃহৎ লক্ষ্য সফলতাৰে অনুসৰণ কৰি বেটিং শক্তিৰ স্পষ্ট বাৰ্তা দিছে দক্ষিণ আফ্ৰিকাই। বিশেষকৈ দ্বিতীয় মেচত শতৰণকাৰী মাৰ্ক্ৰাম আৰু দুয়োখন মেচতে অৰ্ধশতক অৰ্জন কৰা ব্ৰিট্জকেক আজি ৰুধিব লাগিব ভাৰতে।
অৱশ্যে এই দুই তাৰকাৰ লগতে দলটোৰ আন সদস্যসকলেও বেটিং ক্ৰমত চমকৰ সৃষ্টি কৰিছে। গতিকে আজি ভাৰতীয় বলিং বিভাগে আন এক কঠিন পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। মেচৰ ফলাফলৰ সমান্তৰালকৈ অৱশ্যে ভাৰতীয় অনুৰাগীৰ বিশেষ দৃষ্টি থাকিব কোহলী-ৰোহিতৰ ওপৰত। বিশেষকৈ কোহলীৰ বেটৰ পৰা ক্ৰমাগত তৃতীয়টো শতকৰ বাবে অপেক্ষা কৰিব অনুৰাগীয়ে।