নিশ্চিত হ’ল ভাৰতীয় দলত গম্ভীৰৰ সহযোগী! গম্ভীৰৰ বাছনি মতেই হ’ব নিযুক্তি…

ভাৰতীয় দলত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সহায়ক প্ৰশিক্ষক নিযুক্তি সন্দৰ্ভত পোহৰলৈ আহিছে কিছু বিশেষ খবৰ। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, গম্ভীৰৰ সৈতে পূৰ্বে কাম কৰা কেইগৰাকীমান প্ৰাক্তন খেলুৱৈৰ সহায়ক হিচাপে নিযুক্তি প্ৰায় নিশ্চিত হৈ পৰিছে।

নিশ্চিত হ’ল ভাৰতীয় দলত গম্ভীৰৰ সহযোগী! গম্ভীৰৰ বাছনি মতেই হ’ব নিযুক্তি…

কোন হ’ব গম্ভীৰৰ সহযোগী!

Published: 

20 Jul 2024 | 04:34 PM

আগন্তুক শ্ৰীলংকা ভ্ৰমণত ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰে দায়িত্ব গ্ৰহণ কৰিব। ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল অন্ত পৰাৰ পিছত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰা গম্ভীৰৰ লগতে ভাৰতীয় দলটোৰ সহায়ক প্ৰশিক্ষকৰ ৰূপতো এতিয়া নতুন কোনো সদস্যক দেখা পোৱা যাব। ভাৰতীয় দলত গম্ভীৰৰ সহায়ক প্ৰশিক্ষক হিচাপে কোনে কোনে নিযুক্তি লাভ কৰিব সেয়া এতিয়াও ঘোষণা কৰা নাই বিচিচিআইয়ে। তথাপি এই ক্ষেত্ৰত শেহতীয়াকৈ কেইগৰাকীমান প্ৰাক্তন খেলুৱৈৰ নাম পোহৰলৈ আহিছে। গম্ভীৰৰ বাছনি মতেই এই সহায়ক প্ৰশিক্ষষকলে নিযুক্তি লাভ কৰিব বুলি চৰ্চা চলিছে। লগতে প্ৰতিবেদন মতে, ৰাহুল দ্ৰাবিড়ৰ সৈতে কাম কৰা এজন সদস্যই পুনৰ দায়িত্ব লাভ কৰিব।

ক্ৰিকবাজৰ এই প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰাক্তন খেলুৱৈ অভিষেক নায়াৰ আৰু নেদাৰলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰিয়ান টেন ড’চাট ভাৰতীয় দলৰ সহায়ক প্ৰশিক্ষক দলটোৰ অংশ হ’ব। তেওঁলোকৰ লগতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা পেচাৰ মৰ্নে মৰ্কেলকো সহায়ক প্ৰশিক্ষকৰ দলটোত স্থান দিয়া হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

আনহাতে পূৰ্বৰ সদস্য টি দিলীপ এই দলটোতো থাকিব আৰু পুনৰ ফিল্ডিং প্ৰশিক্ষকৰ ভূমিকা পালন কৰিব বুলি ক্ৰিকবাজৰ এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে। টি দিলীপৰ অধীনত বিগত সময়ছোৱাত ভাৰতীয় দলৰ ফিল্ডিং বিভাগত যথেষ্ট উন্নতি হৈছে আৰু সেয়েহে বিচিচিআইয়ে তেওঁক পুনৰ দলৰ সৈতে ৰাখিব বিচাৰিছে বুলি প্ৰতিবেদনত কোৱা হৈছে।

প্ৰতিবেদন মতে, নায়াৰ আৰু টেন ড’চেটক সহযোগী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে মৰ্নে মৰ্কেলে বলিং প্ৰশিক্ষকৰ ভূমিকা পালন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই তিনিওগৰাকী প্ৰাক্তন খেলুৱৈয়ে ইয়াৰ পূৰ্বেও গৌতম গম্ভীৰৰ সৈতে সহায়ক প্ৰশিক্ষক হিচাপে কাম কৰিছে। কলকাতা নাইট ৰাইডাৰ্ছত গত ছিজনত আয়াৰ আৰু ড’চেটৰ সৈতে কাম কৰিছিল গম্ভীৰে।

একেদৰে মৰ্কেলৰ সৈতে গম্ভীৰে আই পি এলৰ আন এটা ফ্ৰেন্সাইজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছত কাম কৰিছিল। প্ৰতিবেদন অনুসৰি টি দিলীপ আৰু অভিষেক নায়াৰে আগন্তুক শ্ৰীলংকা ভ্ৰমণতে দলৰ সৈতে যোগ দিব। আনহাতে টেন ড’চেট আৰু মৰ্কেলে কেতিয়া দলত যোগদান কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

বাগুৰুম্বা নৃত্যত কোৱা 'বগ্ৰুম বাগ্ৰুম মৌছাদে'ৰ অৰ্থ কি?
ডায়েবেটিছ ৰোগীয়ে মিঠাই খাব পাৰেনে? এই নিয়মবোৰ জানিলেই পূৰাব পাৰে জিভাৰ সোৱাদ!
কেনে আছে আপোনাৰ স্বাস্থ্য, হৈছে নেকি সমস্যা! নখৰ এনে লক্ষণে দিব পূৰ্বাভাস
গৰ্ভাৱস্থাত কিমান সুৰক্ষিত শাৰীৰিক সম্পৰ্ক? জানক সন্তানৰ ওপৰত পৰে নেকি প্ৰভাৱ
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি