কিয় টীম ইণ্ডিয়াৰ পৰা বাদ পৰিল শুভমন গিল? দলৰ মুখ্য নিৰ্বাচক দিলে উত্তৰ…

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে দলত স্থান হেৰুৱালে টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন শুভমন গিল আৰু উইকেটকীপাৰ বেটছমেন জিতেশ শৰ্মাই। এই সিদ্ধান্তৰ আঁৰৰ মূল কাৰণ ব্যাখ্যা কৰে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে।

কিয় টীম ইণ্ডিয়াৰ পৰা বাদ পৰিল শুভমন গিল? দলৰ মুখ্য নিৰ্বাচক দিলে উত্তৰ...

T20 World Cup 2026 Team India Squad

Published: 

20 Dec 2025 20:40 PM

২০২৬ চনৰ আই চি চি টি-২০ বিশ্বকাপৰ বাবে টীম ইণ্ডিয়াৰ দল ঘোষণা। সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টীম ইণ্ডিয়াই নিজৰ খিতাপ ৰক্ষাৰ যুঁজত নামিব। অধিনায়ক সূৰ্য, মুখ্য নিৰ্বাচক অজিত আগৰকাৰ, আৰু বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়া উপস্থিত থকা সংবাদমেলত টীম ইণ্ডিয়াৰ দলৰ কথা ঘোষণা কৰে। সংবাদমেলত আটাইতকৈ ডাঙৰ আলোচনাৰ বিষয় আছিল শেহতীয়াকৈ টি-২০ দলৰ উপ-অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা তাৰকা বেটছমেন শুভমন গিলক বাদ দিয়াটো। মুখ্য নিৰ্বাচক অজিত আগৰকাৰে তেওঁক বাদ দিয়াৰ মূল কাৰণ ব্যাখ্যা কৰে।

শুভমন গিলক কিয় বাদ দিয়া হ’ল?

মুখ্য নিৰ্বাচক অজিত আগৰকাৰে শুভমন গিলক বাদ দিয়াৰ কাৰণ প্ৰকাশ কৰি কয় যে, গিলৰ শেহতীয়া ফৰ্ম আৰু দলৰ সংমিশ্ৰণৰ বাধাই এই সিদ্ধান্তৰ আঁৰৰ কাৰণ। অজিত আগৰকাৰে কয়, “আমি জানো যে তেওঁ কিমান প্ৰতিভাশালী খেলুৱৈ, কিন্তু হয়তো তেওঁৰ এই মুহূৰ্তত কিছু ৰানৰ অভাৱ হৈছে। যোৱা বিশ্বকাপত পৰাস্ত হোৱাটো দুৰ্ভাগ্যজনক আছিল, কিয়নো আমি বিভিন্ন কম্বিনেচনৰ সৈতে গৈছিলো। কিন্তু এই সিদ্ধান্ত আন সকলোতকৈ বেছি কম্বিনেচনৰ বাবেই লোৱা হৈছে। যেতিয়া আপুনি ১৫টা খেলুৱৈ বাছনি কৰে, তেতিয়া কাৰোবাক বাদ দিবলগীয়া হয়, আৰু দুৰ্ভাগ্যজনকভাৱে, এইবাৰ সেইজন গিল।”

শুভমন গিলৰ শেহতীয়া প্ৰদৰ্শন যথেষ্ট দুৰ্বল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত তেওঁ সম্পূৰ্ণৰূপে ফ্লপ হৈছিল, মাত্ৰ ৪, ৪, ০, আৰু ২৮ ৰানহে সংগ্ৰহ কৰিছিল।তদুপৰি ২০২৫ চনত টি-২০ ফৰ্মেটত তেওঁৰ এটাও ডাঙৰ ইনিংছ খেলা নাই, এটাও অৰ্ধশতক অৰ্জন কৰিব পৰা নাই। ইয়াৰ ফলত নিৰ্বাচকসকলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ বাধ্য হয়। ইয়াৰ পিছত আঘাতৰ বাবে শেষৰখন মেচতো খেলিব নোৱাৰিলে।

কিয় বাদ দিয়া হ’ল জিতেশ শৰ্মাক?

আনহাতে, উইকেটকীপাৰ-বেটছমেন জিতেশ শৰ্মাও দলৰ স্থানৰ পৰা বঞ্চিত হয়। আগৰকাৰে জোৰ দি কয় যে, তেওঁ শীৰ্ষ ক্ৰমত অধিক উইকেটৰক্ষক থাকিব বিচাৰে আৰু তেনে কৰিবলৈ তেওঁ এজন মূল বেটছমেনক বলিদান দিব লাগিব। আগৰকাৰে কয়, “আমি কম্বিনেচনটো চাইছো। জিতেশে বিশেষ ভুল কৰা নাই। অৱশ্যে তেওঁ নিম্ন ক্ৰমত বেটিং কৰে, আৰু শীৰ্ষ ক্ৰমত উইকেটকীপাৰ-বেটছমেনৰ প্ৰয়োজনীয়তাৰ বাবে ঈশান কিষানক তেওঁৰ ঠাইত সুযোগ দিয়া হৈছে।”

আইৰণৰ অভাৱত ভুগিছে নেকি ? তালিকাত এই পাঁচ বিধ শাক-পাচলি ৰাখক
ডায়েবেটিছ ৰোগীয়ে খালী পেটত খাওক এইসমূহ খাদ্য, অত্যন্ত উপকাৰী ...
কঠোৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাই ! শৰীৰৰ ওজন স্বাভাৱিকভাৱে হ্ৰাস কৰাৰ ৬টা সহজ টিপছ
সপোনত কাজিয়া দেখাটো কিহৰ ইংগিত জানেনে? সবিশেষ...
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...