Riyan Parag: সৌভাগ্যই কৰিছে অপেক্ষা, বিশ্বকাপত ‘অভিষেক’ ঘটিব পাৰে ৰিয়ানৰ! বিচিচিআইয়ে দিছে এনে নিৰ্দেশনা

ৰিয়ান পৰাগে যোৱা প্ৰায় তিনি সপ্তাহ ধৰি কান্ধৰ আঘাতৰ বাবে বিচিচিআইৰ 'চেণ্টাৰ অৱ এক্সেলেন্স' (CoE)ত আছিল। আনকি তেওঁ কান্ধৰ অস্ত্ৰোপচাৰো কৰাব লগা হৈছিল। পিছে এতিয়া ৰিয়ান সন্দৰ্ভত এক ডাঙৰ খবৰ পোহৰলৈ আহিছে।

Riyan Parag: সৌভাগ্যই কৰিছে অপেক্ষা, বিশ্বকাপত ‘অভিষেক’ ঘটিব পাৰে ৰিয়ানৰ! বিচিচিআইয়ে দিছে এনে নিৰ্দেশনা

ৰিয়ান পৰাগ

Updated On: 

26 Jan 2026 | 02:53 PM

আগন্তুক টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট মহলত এক বৃহৎ খবৰে চৰ্চা লাভ কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাত প্ৰথম তিনিখন মেচত ধাৰাবাহিক বিজয় সাব্যস্ত কৰি ভাৰতে ইতিমধ্যে শৃংখলা দখল কৰিছে। কিন্তু বিশ্বকাপ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) এতিয়া এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ প্ৰস্তুতি চলাইছে। বাতৰি অনুসৰি যদিহে অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত সুস্থ হৈ নুঠে, তেন্তে তেওঁৰ স্থানত অসম সন্তান ৰিয়ান পৰাগক বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে।

সুন্দৰৰ আঘাত আনিব সুযোগ!

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া মেচৰ সময়ত ৱাশ্বিংটন সুন্দৰে বাওঁফালৰ কামিহাড়ত আঘাত পাইছিল। এই আঘাতৰ বাবেই তেওঁ এদিনীয়া আৰু টি-২০ শৃংখলাৰ পৰা বাহিৰ হ’বলগীয়া হয়। চিকিৎসকৰ মতে, তেওঁ সম্পূৰ্ণ সুস্থ হ’বলৈ এতিয়াও প্ৰায় দুসপ্তাহ সময়ৰ প্ৰয়োজন।

ইয়াৰ ফলত অহা ৭ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত সুন্দৰৰ খেলাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। এনে পৰিস্থিতিত বিচিচিআইয়ে ৰিয়ান পৰাগক যিকোনো মুহূৰ্ততে সাজু থাকিবলৈ নিৰ্দেশ দিছে বুলি প্ৰতিবেদন পোহৰলৈ আহিছে।

ফিটনেছ টেষ্টত উত্তীৰ্ণ ৰিয়ান

ৰিয়ান পৰাগে যোৱা প্ৰায় তিনি সপ্তাহ ধৰি কান্ধৰ আঘাতৰ বাবে বিচিচিআইৰ ‘চেণ্টাৰ অৱ এক্সেলেন্স’ (CoE)ত আছিল। আনকি তেওঁ কান্ধৰ অস্ত্ৰোপচাৰো কৰাব লগা হৈছিল। ৰঞ্জী ট্ৰফীৰ জৰিয়তে তেওঁ খেলপথাৰলৈ উভতি আহিছিল যদিও চৈয়দ মুস্তাক আলী ট্ৰফীৰ সময়ত আঘাত পুনৰ গা কৰি উঠে।

এনে পৰিস্থিতিত বিজয় হাজাৰে ট্ৰফীৰ পৰাও বাহিৰ হৈছিল ৰিয়ান পৰাগ। কিন্তু শেহতীয়াকৈ ৰিয়ানে য়’-য়’ টেষ্টত (Yo-Yo Test) সফলতাৰে উত্তীৰ্ণ হৈছে। ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে ৰিয়ান এতিয়া সম্পূৰ্ণৰূপে ফিট আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সাজু।

দললৈ ৰিয়ানৰ অৱদান

যদিহে ৰিয়ান পৰাগে টি-২০ বিশ্বকাপত খেলাৰ সুযোগ পায়, তেন্তে টীম ইণ্ডিয়াৰ শক্তি দুগুণ বৃদ্ধি পাব। ৰিয়ান কেৱল এজন বিধ্বংসী বেটাৰেই নহয়, তেওঁ এজন দক্ষ ‘ফিনিচাৰ’ হিচাপেও পৰিচিত। ইয়াৰ উপৰিও প্ৰয়োজনত তেওঁৰ অফ-স্পিন বলিং আৰু সুদক্ষ ফিল্ডিং প্ৰতিভাও দলৰ বাবে শক্তি হিচাপে বিবেচিত হ’ব।

বৰ্তমান বিচিচিআইয়ে ‘চেণ্টাৰ অৱ এক্সেলেন্স’ক ৰিয়ানক যিকোনো সময়তে মেচৰ বাবে প্ৰস্তুত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে বুলি খবৰ পোহৰলৈ আহিছে। এতিয়া কেৱল আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰিছে দেশৰ লগতে অসমৰ ক্ৰিকেট অনুৰাগীসকলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব