ICCৰ চূড়ান্ত সিদ্ধান্ত: টি-২০ বিশ্বকাপৰ পৰা বাহিৰ বাংলাদেশ, এই ২০টা দলৰ মাজত হ’ব খেল…

অন্ত পৰিল ২০২৬ চনৰ টি-২০ বিশ্বকাপক লৈ সৃষ্টি হোৱা বিতৰ্কৰ। আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে বাংলাদেশৰ দলটোৱে। তেওঁলোকৰ ঠাইত নতুন দলৰ নামো ঘোষণা কৰিছে আইচিচিয়ে।

ICCৰ চূড়ান্ত সিদ্ধান্ত: টি-২০ বিশ্বকাপৰ পৰা বাহিৰ বাংলাদেশ, এই ২০টা দলৰ মাজত হব খেল...

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ বাংলাদেশ

Published: 

24 Jan 2026 | 06:46 PM

২০২৬ চনৰ টি-২০ বিশ্বকাপ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)ৰ এক বৃহৎ সিদ্ধান্ত। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা প্ৰতিযোগিতাখনৰ পৰা বাদ পৰিছে বাংলাদেশ দল। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতত খেল খেলিবলৈ অস্বীকাৰ কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। আনহাতে প্ৰতিযোগিতাখনত বাংলাদেশৰ ঠাই ল’বলগীয়া নতুন দলটোৰ নামো চূড়ান্ত কৰিছে আইচিচিয়ে।

টি-২০ বিশ্বকাপ সন্দৰ্ভত আইচিচিৰ ডাঙৰ ঘোষণা

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ পূৰ্বে বাংলাদেশে নিৰাপত্তাজনিত কাৰণত ভাৰতত খেল খেলিবলৈ অস্বীকাৰ কৰিছিল। এই বিষয়ত ধাৰাবাহিকভাৱে নিজৰ দৃঢ় স্থিতি বজাই ৰাখিছিল বিচিবিয়ে আৰু আইচিচিৰ সূচী ভাৰতৰ বাহিৰত অনুষ্ঠিত কৰাৰ দাবী জনাইছিল। যদিও আইচিচিয়ে এই দাবী নাকচ কৰে। আইচিচিয়ে স্পষ্ট কৰি দিয়ে যে, প্ৰতিযোগিতাখনৰ নিয়ম অনুসৰি সকলো দলে নিৰ্দিষ্ট স্থানত খেলিব লাগিব। ইয়াৰ ফলত আইচিচিয়ে বাংলাদেশক বাদ দিয়াৰ কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আই চি চিয়ে ইমেইলযোগে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।

বাংলাদেশৰ ঠাইত আনুষ্ঠানিকভাৱে স্কটলেণ্ডে স্থান লাভ কৰিছে। স্কটলেণ্ড গ্ৰুপ চিৰ অংশ, যিটো এতিয়া ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নেপাল, ইটালী, আৰু স্কটলেণ্ডেৰে গঠিত। আইচিচিৰ দলৰ ৰেংকিঙৰ ভিত্তিত স্কটলেণ্ডক নিৰ্বাচিত কৰা হৈছিল। কোৱালিফায়াৰৰ পৰা বাহিৰ হোৱা দলসমূহৰ ভিতৰত শীৰ্ষত আছিল তেওঁলোক।

স্কটলেণ্ডৰ মেচৰ সূচী

৭ ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে স্কটলেণ্ডে নিজৰ অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছতে ৯ ফেব্ৰুৱাৰীত ইটালীৰ বিৰুদ্ধে খেলিব। ১৪ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব স্কটলেণ্ড। ইয়াৰ পিছতে নেপালৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেল খেলিব। এয়া হ’ব স্কটলেণ্ডৰ সপ্তমখন টি-২০ বিশ্বকাপ। বিগত ছয়টা সংস্কৰণত তেওঁলোকে মুঠ ২২খন খেল খেলি মাত্ৰ ৭খন খেলত জয়লাভ কৰিছে। গতিকে স্কটলেণ্ডে এই ডাঙৰ সুযোগটো আঁকোৱালি লৈ যিমান পাৰি সিমান মেচত জয়ী হ’বলৈ বিচাৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...