‘শিক্ষিত কৰক আপোনাৰ সন্তান, ভাতৃ, পিতৃক…’: কলকাতা কাণ্ডক লৈ প্ৰতিক্ৰিয়া সূৰ্যকুমাৰ যাদৱৰ
কলকাতাৰ নৃশংস ঘটনা সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ তথা টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজি সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত এক ষ্ট’ৰী শ্বেয়াৰ কৰিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। এই ষ্ট’ৰীটোত যাদৱে কন্যাসকলক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে পুৰুষসকলক শিক্ষিত কৰি তোলাৰ কথা উল্লেখ কৰিছে।

সুৰ্যকুমাৰ যাদৱৰ প্ৰতিক্ৰিয়া
কলকাতাৰ জঘন্য ধৰ্ষণ তথা হত্যাকাণ্ডৰ নৃশংসতাই জোকাৰি গৈছে দেশ। এই নৃশংস ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে প্ৰবল প্ৰতিবাদৰ। দেশৰ বিভিন্ন প্ৰান্তত কলকাতাৰ এই ঘটনাত দোষীসকলৰ শাস্তিৰ দাবীৰে ব্যাপক প্ৰতিবাদ গঢ়ি উঠিছে। নিহত চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীৰ লগতে চিকিৎসাকৰ্মীসকলৰ সুৰক্ষাৰ বাবে এক কেন্দ্ৰীয় আইনৰ প্ৰণয়নৰ দাবী তুলি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসকসকলে। লক্ষণীয়ভাৱে কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজৰ এই ঘটনাই ৯ দিন অতিক্ৰম কৰিছে যদিও এইপৰ্যন্ত ঘটনাৰ এগৰাকী অভিযুক্তকহে গ্ৰেপ্তাৰ কৰা হৈছে।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে ইতিমধ্যে এই কাণ্ডৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছতে তদন্ত প্ৰক্ৰিয়া জোৰদাৰ কৰি তুলিছে। তথ্য অনুসৰি ভুক্তভোগী চিকিৎসকগৰাকীৰ পিতৃ-মাতৃৰ অভিযোগৰ ভিত্তিত চিবিআইয়ে এই ঘটনা সন্দৰ্ভত প্ৰায় ৩০ গৰাকী লোকক সোধা-পোছা কৰিব। ইতিমধ্যে চিকিৎসালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষকো জেৰা কৰিছে চিবিআইয়ে।
ইফালে এই ঘটনাক লৈ সৰৱ হৈ পৰিছে দেশৰ ছবি জগতৰ লগতে ক্ৰীড়া ক্ষেত্ৰৰ ৰথী-মহাৰথীসকলো। এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি দোষীৰ শাস্তিৰ দাবী কৰিছে এই চেলিব্ৰিটিসকলে। ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ তথা টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱেও এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আজি সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত এক ষ্ট’ৰী শ্বেয়াৰ কৰিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। এই ষ্ট’ৰীটোত যাদৱে কন্যাসকলক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে পুৰুষসকলক শিক্ষিত কৰি তোলাৰ কথা উল্লেখ কৰিছে। ইনষ্টাগ্ৰামৰ এই ষ্ট’ৰীটোত যাদৱে কন্যাসকলক সুৰক্ষা দিয়ক বাক্যটি ৰঙা চিনেৰে কাটি ইয়াৰ তলত লিখিছে, আপোনালোকৰ সন্তান, ভাতৃ, পিতৃ, পতি আৰু বন্দুসকলক শিক্ষিত কৰি তোলক।
লক্ষণীয়ভাৱে যাদৱৰ পূৰ্বে কেইবাগৰাকীও ভাৰতীয় ক্ৰিকেটাৰে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে আজি এই ঘটনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবীৰে চিবিআই আৰু পশ্চিম বংগৰ শাসকীয় মমতা বেনাৰ্জীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। চিকিৎসকসকলে কৰা প্ৰতিবাদৰ প্ৰতিও হৰভজনে সমৰ্থন প্ৰকাশ কৰিছে।
তেওঁৰ লগতে বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা যছপ্ৰীত বুমৰাহ, শ্ৰেয়স আয়াৰ, মহম্মদ চিৰাজ আৰু অৰ্শদীপ সিঙেও এই বিষয়ক লৈ ক্ষোভ প্ৰকাশ কৰিছে। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীৰ শাস্তিৰ দাবী কৰিছে।