আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ সুনীল ছেত্ৰীৰ

যি সকলে মোক অৱসৰ লোৱাটো বিচাৰিছিল তেওঁলোকে এতিয়া ভাল পাব। লগতে তেওঁক সদায় সমৰ্থন কৰা অনুৰাগীসকলে বুজিব লাগে যে এয়াই আগুৱাই যোৱাৰ সময়।

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ সুনীল ছেত্ৰীৰ

সুনীল ছেত্ৰী

Published: 

16 May 2024 14:30 PM

ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ তথা ৰাষ্ট্ৰীয় দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে অৱসৰ গ্ৰহণ কৰিলে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা।  ১৬ মে’ বৃহস্পতিবাৰে পুৱা এটা ভিডিঅ’ বিবৃতিযোগে এই কথা ঘোষণা কৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলত সৰ্বাধিক গল দিয়া সুনীল ছেত্ৰীয়ে। খেলুৱৈ গৰাকীৰ এই ঘোষণাৰ পাছতেই ফুটবল অনুৰাগীসকলৰ মাজত এক জোকাৰণিৰ সৃষ্টি কৰিছে। ডেৰ দশকৰো অধিক সময় ধৰি ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অহা সুনীল ছেত্ৰীৰ অৱসৰৰ খবৰে আবেগিক কৰি তুলিছে ক্ৰীড়া অনুৰাগীক। আজি পুৱা ভিডিঅ’ যোগে সুনীলে কয় যে, কুৱেইটৰ বিৰুদ্ধে বিশ্বকাপৰ কোৱালিফায়াৰ মেচখন দেশৰ বাবে তেওঁৰ অন্তিমখন মেচ হ’ব। অৱশ্যে ছেত্ৰীয়ে নিজৰ ক্লাব বেংগালুৰু এফ চিৰ হৈ খেলি থাকিব।

ভাৰতীয় ফুটবল দলৰ অধিনায়ক ৩৯বছৰীয়া ছেত্ৰীয়ে প্ৰায় ১০ মিনিটৰ এটা ভিডিঅ শ্বেয়াৰ কৰে। ভিডিঅ’  টোত তেওঁ কয় যে   ৬ জুনত কলকাতাত অনুষ্ঠিত হ’বলগীয়া কুৱেইটৰ বিৰুদ্ধে খেলখন টিম ইণ্ডিয়াৰ হৈ তেওঁৰ অন্তিমখন খেল হ’ব। এই খেলখন বিশ্বকাপ ২০২৬ৰ কোৱালিফাইং ৰাউণ্ডৰ অংশ, য’ত টিম ইণ্ডিয়াই গ্ৰুপ-এৰ দ্বিতীয় স্থানত আছে। ইণ্ডিয়াৰ আগত কটাৰ আছে।  এই কোৱালিফায়াৰ মেচত জয়লাভ কৰিলেহে ভাৰতীয় দলটোৱে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব।

ছেত্ৰীয়ে টিম ইণ্ডিয়াৰ হৈ প্ৰথমখন খেলৰ কথা স্মৰণ কৰে। তেওঁ মেচৰ পূৰ্বে জাৰ্চিত কেনেকৈ পাৰফিউম লগাইছিল সেই কথাও কয়।প্ৰথমখন মেচত তেওঁ এটা গল দিছিল। ফুটবলত প্ৰায় ১৯ বছৰীয়া যাত্ৰাত তেওঁক সহায় কৰা প্ৰতিগৰাকী অধিনায়ক, প্ৰশিক্ষক, জ্যেষ্ঠ আৰু যুৱ সতীৰ্থ আৰু সহায়ক কৰ্মচাৰীসকলক ধন্যবাদ জনায়। ইয়াৰ সমান্তৰালকৈ ছেত্ৰীয়ে কয় যে যি সকলে মোক অৱসৰ লোৱাটো বিচাৰিছিল তেওঁলোকে এতিয়া ভাল পাব। লগতে তেওঁক সদায় সমৰ্থন কৰা অনুৰাগীসকলে বুজিব লাগে যে এয়াই আগুৱাই যোৱাৰ সময়।

উল্লেখ্য যে, এই পৰ্যন্ত ছেত্ৰীয়ে ভাৰতৰ হৈ ১৫০খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। কেৱল এয়াই নহয়, এই ১৫০খন মেচত তেওঁ মুঠ ৯৪টা গল কৰিছে। এই ক্ষেত্ৰত তেওঁ বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত আছে।  সুনীল ছেত্ৰীয়ে ২০ বছৰ অনুৰ্ধ আৰু ২৩ বছৰ অনুৰ্ধ দলত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ পাছত ২০০৫ চনত তেওঁ ছিনিয়ৰ দলত যোগদান কৰিছিল। তেতিয়াৰ পৰা তেওঁ টীম ইণ্ডিয়াৰ হৈ খেলি আহিছে। ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ভাইচুং ভূটীয়াৰ অৱসৰৰ পিছতে ছেত্ৰীয়ে টিম ইণ্ডিয়াৰ দায়িত্ব লৈছিল আৰু দেশক খেলৰ দিশত আগুৱাই নিয়া চেষ্টা কৰিছিল।

ডেংগু জ্বৰৰ পৰা হাত সাৰি থকাৰ উপায় কি? জানক কেনেকৈ গম পাব লক্ষণ
বৃক্ক সুস্থ ৰাখিবলৈ কি কি খোৱা অনুচিত? ভুলতেও নুচুব এইবোৰ খাদ্য!
শনিৰ শুভ অৱস্থান, এই ৩ ৰাশিয়ে লাভ কৰিব ভাগ্যৰ সমৰ্থন!
কাইলৈ জন্মদিন উদযাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, জানেনে তেওঁৰ সৰ্বকালৰ প্ৰিয় ছবি কোনখন?