মাত্ৰ ৪২ ৰান! টেষ্টত অনাকাংক্ষিত ৰেকৰ্ড শ্ৰীলংকাৰঃ ৭ উইকেটেৰে চমক ’পঞ্জাৱ’ৰ ৭ কোটি টকীয়া খেলুৱৈৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত আজি শ্ৰীলংকাই শোচনীয় পৰাজয়েৰে মাত্ৰ ৪২ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। এনে প্ৰদৰ্শনেৰে শ্ৰীলংকা টেষ্ট ক্ৰিকেট ইতিহাসৰ এক লজ্জাজনক অভিলেখৰ সন্মুখীন হৈছে। দলটোৰ এই বিপৰ্যয়ৰ কাৰণ হৈ পৰে আই পি এলৰ ফ্ৰেন্সাইজি পঞ্জাৱ কিংছৰ এগৰাকী সদস্য।

মাত্ৰ ৪২ ৰান! টেষ্টত অনাকাংক্ষিত ৰেকৰ্ড শ্ৰীলংকাৰঃ ৭ উইকেটেৰে চমক ’পঞ্জাৱ’ৰ ৭ কোটি টকীয়া খেলুৱৈৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিধ্বস্ত শ্ৰীলংকা

Updated On: 

28 Nov 2024 19:22 PM

দুখনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে সম্প্ৰতি দক্ষিণ আফ্ৰিকা ভ্ৰমণত ব্যস্ত শ্ৰীলংকা ক্ৰিকেট দল। ডাৰবানৰ কিংছমিডত বুধবাৰৰ পৰা আৰম্ভ হৈছে এই শৃংখলাৰ প্ৰথমখন মেচ। বুধবাৰে বৰষুণৰ বাবে মেচখনৰ প্ৰথম দিনা কেৱল ২০.৪ অভাৰৰ খেলহে সম্ভৱ হয়। আজি মেচৰ দ্বিতীয় দিনা ঘৰুৱা দল দক্ষিণ আফ্ৰিকাই কালিৰ স্ক’ৰৰ পৰা ইনিংছ আৰম্ভ কৰি শ্ৰীলংকাৰ বলিং আক্ৰমণৰ দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ১৯১ ৰানত ইনিংছ সামৰিবলৈ বাধ্য হয়। ঘৰুৱা দলটোক এই স্ক’ৰত অল আউট কৰি স্বাভাৱিকতেই শ্ৰীলংকা দলে লাভ কৰিছিল এক শক্তিশালী স্থিতি লাভৰ সুযোগ।

কিন্তু এই সুযোগ গ্ৰহণ কৰা দূৰৰ কথা, দক্ষিণ আফ্ৰিকাৰ বলিং আক্ৰমণৰ বিধ্বংসী প্ৰদৰ্শনত বিধ্বস্ত হৈ পৰে শ্ৰীলংকা। প্ৰটিয়াছ বাহিনীৰ পেচ সন্ত্ৰাসত তাচপাতৰ দৰে খহি পৰে শ্ৰীলংকাৰ বেটি লাইন আপ আৰু এক অনাকাংক্ষিত অভিলেখৰ অধিকাৰী হয়। চৰম শোচনীয় বেটিং প্ৰদৰ্শনেৰে দক্ষিণ আফ্ৰিকাৰ বলাৰৰ সমুখত সমুখত সম্পূৰ্ণ নিষ্প্ৰভ হৈ পৰা শ্ৰীলংকাই মাত্ৰ ৪২ ৰানতে ইনিংছ সামৰে।

শ্ৰীলংকাৰ এই বিপৰ্যয়ৰ কাৰণ হৈ পৰে ঘৰুৱা দলটোৰ বেগী বলাৰ মাৰ্কো জেনছেন। ডাৰবানৰ বাউন্সী উইকেটত বিধ্বংসী হৈ উঠা জেনছেনে তীক্ষ্ণধী বলিঙেৰে ৭টা উইকেট দখল কৰি শ্ৰীলংকাৰ ইনিংছ চমুৱাই আনে। বাওঁহতীয়া পেচাৰগৰাকীয়ে মাত্ৰ ৬.৫ অভাৰ বলিং কৰি ১৩ ৰানত ৭ উইকেট দখল কৰে। মাৰ্কো জেনছেনৰ উপৰিও জেৰাল্ড ক’টজীয়াই ২টা আৰু কেগিছ’ ৰাবাডাই ১টা উইকেট দখল কৰে।

প্ৰটিয়াছ আক্ৰমণত দিশহাৰা শ্ৰীলংকাৰ দলটো মাত্ৰ ১৩.৫ অভাৰ অৰ্থাৎ ৮৩টা বলতে অল আউট হয়। এনে লজ্জাজনক প্ৰদৰ্শনেৰে শ্ৰীলংকা টেষ্ট ক্ৰিকেটত কম সংখ্যক বল খেলি অল আউট হোৱা দ্বিতীয়টো দল ৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ১৯২৪ চনত এড্জবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই ৭৫টা বলত ৩০ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। অৰ্থাৎ টেষ্ট ক্ৰিকেটত ১০০ বছৰৰ পাছত কোনো এটা দলৰ এনে শোচনীয় অৱস্থা হৈছে।

ইয়াৰ লগতে শ্ৰীলংকাই আজি দলটোৰ ক্ৰিকেট ইতিহাসত আন এক লজ্জাজনক অভিলেখো গঢ়ি তুলিছে। টেষ্ট ক্ৰিকেটত শ্ৰীলংকাৰ এয়া সৰ্বনিম্ন নম্বৰ। ইয়াৰ পূৰ্বে ১৯৯৪ চনত পাকিস্তানৰ বিৰুদ্ধে শ্ৰীলংকা ৭১ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। উল্লেখ্য যে শ্ৰীলংকাৰ দলটোৰ এই বিপৰ্যয়ৰ প্ৰধান কাৰণ হৈ পৰা মাৰ্কো জেনছেনৰ এনে প্ৰদৰ্শনক এইবাৰ আই পি এলত পঞ্জাৱ কিংছে ৭ কোটি টকাত ক্ৰয় কৰিছে।

এনে পৰিস্থিতিত জেনছেনৰ এনে দুৰন্ত প্ৰদৰ্শন পঞ্জাৱ কিংছৰ বাবে স্বাভাৱিকতেই সন্তোষজনক বিবেচিত হৈছে। পেচ আক্ৰমণত সঠিক ভূমিকা গ্ৰহণৰ লগতে নিম্নক্ৰমত আক্ৰমণাত্মক বেটিঙৰ বাবে সমানেই পৰিচিত জেনছেন। গতিকে আগন্তুক ছিজনৰ আই পি এলত তাৰকা খেলুৱৈগৰাকীৰ প্ৰদৰ্শন পঞ্জাৱ কিংছৰ বাবে যথেষ্ঠ গুৰুত্বপূৰ্ণ হ’ব।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?