ক্ৰিকেট জগতত ড’পিঙৰ জোকাৰণিঃ ড’প টেষ্টত ব্যৰ্থ হৈ নিলম্বিত জাতীয় দলৰ প্ৰাক্তন অধিনায়ক
শ্ৰীলংকা ক্ৰিকেট দলৰ এগৰাকী প্ৰাক্তন অধিনায়ক ড’প টেষ্টত ব্যৰ্থ হোৱাৰ পিছতে শাস্তিৰ সন্মুখীন হৈছে। এণ্টি ড’পিং উলংঘাৰ অভিযোগত তেওঁক ক্ৰিকেটৰ পৰা নিলম্বিত কৰা হৈছে বুলি শ্ৰীলংকাৰ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে। শীঘ্ৰেই এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।
ক্ৰীড়া বিশ্বত নিষিদ্ধ দ্ৰৱ্য সেৱনৰ বাবে খেলুৱৈৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বহু উদাহৰণ আছে। ক্ৰিকেটতো ইতিপূৰ্বে এনে ঘটনা সংঘটিত হৈছে। এইবাৰ পুনৰ ড’পিং কাণ্ডই জোকাৰিছে ক্ৰিকেটক। এণ্টি ড’পিং উলংঘাৰ বাবে এগৰাকী তাৰকা ক্ৰিকেটাৰৰ ওপৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা। শাস্তিৰ সন্মুখীন হোৱা এই খেলুৱৈগৰাকী হৈছে শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক নিৰোচন ডিকৱেলা। লংকা প্ৰিমিয়াৰ লীগ ২০২৪ৰ সময়ত এণ্টি ড’পিং উলংঘাৰ অভিযোগত নিৰোচন ডিকৱেলাক ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটৰ পৰা নিষিদ্ধ কৰা হৈছে।
শ্ৰীলংকাৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে, সম্প্ৰতি এই বিষয়ত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত ডিকৱেলাৰ ওপৰত অনিৰ্দিষ্টকাললৈ নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। শীঘ্ৰে তেওঁৰ শাস্তিৰ ম্যাদ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে। প্ৰকাশিত খবৰ অনুসৰি লংকা প্ৰিমিয়াৰ লীগৰ সময়ত নিৰোচন ডিকৱেলা এণ্টি ড’পিং টেষ্টত ব্যৰ্থ হৈছিল।
এই টুৰ্ণামেণ্টত গালে মাৰ্ভেলছৰ অধিনায়ক আছিল ডিকৱেলা। প্ৰতিযোগিতাখনৰ ১০টা ইনিংছত ডিকৱেলাই ১৫৩.৩৩ ষ্ট্ৰাইক ৰেটেৰে মাত্ৰ ১৮৪ ৰাণ সংগ্ৰহ কৰে। অৱশ্যে ডিকৱেলা ব্যৰ্থ হ’লেও তেওঁৰ দল গালে মাৰ্ভেলছ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ফাইনেলত জাফনা কিংছৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হয় দলটো। অধিনায়ক ডিকৱেলাই আঠটা বলত মাত্ৰ ৫ ৰাণহে সংগ্ৰহ কৰে।
শ্ৰীলংকা ক্ৰিকেটে এক আনুষ্ঠানিক বিজ্ঞপ্তি যোগে প্ৰকাশ কৰা মতে শ্ৰীলংকাৰ এণ্টি-ড’পিং এজেন্সিয়ে লংকা প্ৰিমিয়াৰ লীগৰ সময়ত এই পৰীক্ষা অনুষ্ঠিত কৰিছিল। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ডিকৱেলাক নিলম্বন কৰা হৈছে আৰু পৰৱৰ্তী জাননী প্ৰকাশ নোপোৱালৈকে এই শাস্তি অব্যাহত থাকিব বুলি বিজ্ঞপ্তিটোত লগতে উল্লেখ কৰা হৈছে।
লক্ষণীয়ভাৱে ইতিপূৰ্বেও নিৰোচন ডিকৱেলাৰ নাম বিতৰ্কত সাঙোৰ খাইছিল। ২০২১ চনত ইংলেণ্ডত বায়’-বাবল ভংগৰ অভিযোগত ডিকৱেলাৰ লগতে দনুষ্কা গুণথিলকা আৰু কুছল মেণ্ডিছক এবছৰৰ বাবে নিষিদ্ধ কৰা হৈছিল। ইয়াৰ পিছৰে পৰা ডিকৱেলা বহুদিন ধৰি দলৰ পৰা বাহিৰত আছিল। ২০২৩ চনৰ আৰম্ভণিতে তেওঁ শ্ৰীলংকাৰ হৈ অন্তিমখন টেষ্ট আৰু ২০২২ চনত অন্তিমখন এদিনীয়া মেচ খেলিছিল।
শ্ৰীলংকা ক্ৰিকেট দলৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰি অহা ডিকৱেলাই শ্ৰীলংকাৰ হৈ এই পৰ্যন্ত ৫৪খন টেষ্ট, ৫৫খন এদিনীয়া আৰু ২৮খন টি-২০ মেচত অংশ লৈছে। টেষ্টত তেওঁ ৩০.৯৭ গড়ে ২৭৫৭ ৰাণ সংগ্ৰহ কৰিছে। আনহাতে এদিনীয়াত ৩১.৪৫ গড়ে ১৬০৪ ৰাণ আৰু টি-২০ত ১৮.৪৬ গড়ে ৪৮০ ৰাণ সংগ্ৰহ কৰিছে ডিকৱেলাই।