চেম্পিয়নছ ট্ৰফীত কেনেকুৱা হ’ব ৰোহিতৰ ফৰ্ম, কি ক’লে প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে ?

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰিছে । এই ভৱিষ্যদ্বাণী যদি সঁচা হয় তেন্তে অনুৰাগীয়ে এক নতুন ৰূপত দেখা পাব ৰোহিত শৰ্মাক ।

চেম্পিয়নছ ট্ৰফীত কেনেকুৱা হব ৰোহিতৰ ফৰ্ম, কি কলে প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে ?

সৌৰভ গাংগুলী

Published: 

21 Jan 2025 15:44 PM

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ কাউণ্টডাউন আৰম্ভ হৈছে। হাইব্ৰিড মডেলৰ জৰিয়তে এই প্ৰতিযোগিতাৰ প্ৰতিখন মেচ খেলিব ভাৰতে । ভাৰতীয় দলটোৱে পাকিস্তানত খেলাৰ পৰিৱৰ্তে ডুবাইত খেলিব চেম্পিয়নছ ট্ৰফীৰ সকলো মেচ। চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰিছে । এই ভৱিষ্যদ্বাণী যদি সঁচা হয় তেন্তে অনুৰাগীয়ে এক নতুন ৰূপত দেখা পাব ৰোহিত শৰ্মাক ।

ৰোহিত শৰ্মাৰ ফৰ্ম আৰু চেম্পিয়নছ ট্ৰফীত খেলাৰ শৈলীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে। সৌৰভ গাংগুলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বগা বলৰ ক্ৰিকেটৰ কথা আহিলে ৰোহিত শৰ্মাক লৈ চিন্তাৰ প্ৰয়োজন নাই। চেম্পিয়নছ ট্ৰফী আৰম্ভ হওক । ৰোহিত শৰ্মাক এক বেলেগ ফৰ্মত দেখা পাব ক্ৰিকেট অনুৰাগীয়ে ।

উল্লেখ্য যে, সৌৰভ গাংগুলীয়ে ৰোহিত শৰ্মাৰ বিষয়ে কি বিশ্বাসত এই কথা কৈছে ? ৰোহিতৰ এদিনীয়া গড় ৰান ৰেট ৪৯.১৬। অৰ্থাৎ তেওঁ ক্ৰিকেট কেৰিয়াৰত গড়ে প্ৰায় ৫০ ৰান সংগ্ৰহ কৰিছে। সামগ্ৰিক এদিনীয়া কেৰিয়াৰত ৰোহিতে ৩১ টা শতকৰে ১০৮৬৬ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত সৰ্বাধিক ব্যক্তিগত এদিনীয়া স্ক’ৰ ২৬৪ ৰান সংগ্ৰহ কৰা বিশ্ব অভিলেখ ৰোহিতৰ নামতে আছে ।

যদি কেৱল চেম্পিয়নছ ট্ৰফীলৈ লক্ষ্য কৰে, তেন্তে এই আই চি চি টুৰ্ণামেণ্টত ৰোহিত শৰ্মাৰ বেটিং গড় ৰান ৰেট শক্তিশালী দেখা গৈছে। চেম্পিয়নছ ট্ৰফীত তেওঁ এতিয়ালৈকে খেলা ১০ খন মেচত গড়ে ৫৩.৪৪ ৰান কৰি ৪৮১ ৰান সংগ্ৰহ কৰিছে । এখন মেচত সৰ্বাধিক ১২৩ ৰান সংগ্ৰহ কৰিছে ৰোহিতে । সামগ্ৰিকভাৱে এদিনীয়া ক্ৰিকেটত এই প্ৰদৰ্শনৰ বাবে সৌৰভ গাংগুলীয়ে ৰোহিতৰ ওপৰত নিজৰ বিশ্বাস প্ৰকাশ কৰিছে । ২০ ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী ২০২৫ত অভিযান আৰম্ভ কৰিব ভাৰতে।

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা