নাই স্মৃতি মান্ধনাৰ এংগেজমেণ্ট ৰিং ! পলাশ মুছলৰ লগত বিয়া ভাঙিল নেকি?

এই সকলোবোৰৰ মাজতে স্মৃতি মান্ধনাৰ এটা ভিডিঅ’ই চাঞ্চল্যৰ সৃষ্টি কৰিছে, কিয়নো ভিডিঅ’টোত তেওঁক এংগেজমেণ্ট ৰিং পিন্ধা দেখা নাযায়।

নাই স্মৃতি মান্ধনাৰ এংগেজমেণ্ট ৰিং ! পলাশ মুছলৰ লগত বিয়া ভাঙিল নেকি?
Updated On: 

05 Dec 2025 20:49 PM

মাত্ৰ কেইদিনমানৰ আগতে স্মৃতি মান্ধনাৰ বিয়াক লৈ যি উত্তেজনা সৃষ্টি হৈছিল, সেয়া এতিয়া এক ৰহস্য আৰু প্ৰশ্নলৈ পৰিণত হৈছে। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মান্ধনা আৰু পলাশ মুছল ২৩ নৱেম্বৰত বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল যদিও সেইদিনা হঠাতে বিয়াখন পিছুৱাই দিয়া হয়। তেতিয়াৰ পৰাই তেওঁলোকৰ সম্পৰ্কক লৈ বিভিন্ন জল্পনা-কল্পনা আৰু বিভিন্ন খবৰ প্ৰচাৰ হৈ আহিছে। এই সকলোবোৰৰ মাজতে স্মৃতি মান্ধনাৰ এটা ভিডিঅ’ই চাঞ্চল্যৰ সৃষ্টি কৰিছে, কিয়নো ভিডিঅ’টোত তেওঁক এংগেজমেণ্ট ৰিং পিন্ধা দেখা নাযায়।

২৩ নৱেম্বৰত মহাৰাষ্ট্ৰৰ সাংগলীত মান্ধনা আৰু মুছলৰ বিবাহ হ’ব লাগিছিল। কিন্তু স্মৃতিৰ পিতৃ শ্ৰীনিবাস মান্ধনা সেইদিনা হঠাৎ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ বিয়াখন পিছুৱাই দিবলগীয়া হয়। মান্ধনাৰ দেউতাক প্ৰায় ৩-৪ দিন হাস্পতালতে থাকিল। ঠিক পিছদিনা পলাশ মুছল মুম্বাইলৈ উভতি অহাৰ লগতে অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰো বিয়পি পৰিল। তাৰ পিছৰ পৰা তেওঁলোকৰ বিবাহৰ কোনো আপডেট পোৱা নাই, আনহাতে ব্ৰেকআপৰ উৰাবাতৰি প্ৰচাৰ অব্যাহত আছে।

মান্ধনাৰ হাতৰ পৰা আঙঠি হেৰাই গ’ল নেকি !

কিন্তু এতিয়া স্মৃতি মান্ধনাৰ এটা ভিডিঅ’ই পুনৰ ৰহস্য সৃষ্টি কৰিছে। দৰাচলতে মান্ধনাই প্ৰথমবাৰৰ বাবে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল ৫ ডিচেম্বৰত, বিয়া স্থগিত ৰখাৰ ১২ দিনৰ পাছত। এটা ব্ৰেণ্ডৰ প্ৰচাৰ কৰা এই ভিডিঅ’টোত মান্ধনাই বিশ্বকাপ জয়ৰ সৈতে জড়িত স্মৃতিৰ কথা কৈছিল। কিন্তু ভিডিঅ’টোত তেওঁৰ বাওঁহাতত এংগেজমেণ্ট ৰিংটো দেখা পোৱা নাযায়।

বিয়াৰ মাত্ৰ কেইদিনমান পূৰ্বে পলাশ মুছলে নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত স্মৃতিক এক অনন্য ধৰণেৰে এংগেজমেণ্ট ৰিং পিন্ধাই আৰু তেতিয়াৰ পৰাই মান্ধনাই সেই আঙঠি পিন্ধা দেখা গৈছিল। আনকি টিম ইণ্ডিয়াৰ সতীৰ্থসকলৰ সৈতে ভিডিঅ’ত আঙঠিটো বিশেষভাৱে প্ৰদৰ্শন কৰিছিল। কিন্তু এতিয়া আঙঠিটো পিন্ধি থকা দেখা নাযায়, যাৰ ফলত পুনৰ জল্পনা-কল্পনা আৰম্ভ হৈছে।

পলাশৰ বিষয়ে উৰাবাতৰি

মন কৰিবলগীয়া যে, বিয়াখন পিছুৱাই দিয়াৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত বিভিন্ন দাবী প্ৰচাৰ হৈ আহিছে। আনকি কিছুমানে দাবী কৰে যে, পলাশে স্মৃতিক প্ৰতাৰণা কৰিছিল, যাৰ ফলত বিয়াখন পিছুৱাই দিয় হয় আৰু বাতিল কৰা হৈছিল। মান্ধনা পৰিয়ালে কোনো বিবৃতি প্ৰকাশ কৰা নাই যদিও পলাশৰ ভগ্নী পলক মুছলে এই অভিযোগ অস্বীকাৰ কৰিছে। নতুন বছৰত দুয়োটা পৰিয়ালে বিয়াখন অনুষ্ঠিত কৰিব বুলিও উল্লেখ কৰে। কেৱল পৰিয়াল দুটাইহে সত্যটো জানে যদিও এই ভিডিঅ’টোৱে নিশ্চিতভাৱে বিষয়টোক কেন্দ্ৰ কৰি ৰহস্যজনক কৰি তুলিছে।

দাঁত ব্ৰাছ কৰাৰ পিছতে আপুনিও লগে লগে চাহ খায় নেকি? এতিয়াই চাই লওক হ’ব পৰা ক্ষতিৰ বিষয়ে
এই ৫ টা ভুলে দৰিদ্ৰতা আনিব আপোনাৰ জীৱনলৈ, গতিকে সাৱধান!
শীতকালত কেঁচা মটৰে সহায় কৰিব আপোনাক, উপকাৰ জানি হ'ব আচৰিত!
শীতকালত কোষ্ঠকাঠিন্যৰ সমস্যা হ'লে কি কৰিব ? উপশম পাবলৈ এই ৫ বিধ খাদ্য খাওক
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...