ঐতিহাসিক শতকেৰে শচীনক স্পৰ্শ গিলৰঃ ৩৫ বছৰৰ পিছত ঘটিল এনে চমক

মানচেষ্টাৰ টেষ্টত আজি শতকেৰে গিলে কেৱল দলক উদ্ধাৰ কৰাই নহয়, নিজৰ নামত সন্নিৱিষ্ট কৰিছে ঐতিহাসিক অভিলেখ। চলিত শৃংখলাটোত গিলৰ বেটৰ পৰা আহিছে আজি চতুৰ্থটো শতক। আজি শতক সম্পূৰ্ণ কৰাৰ লগে লগে সুদীৰ্ঘ ৩৫টা বছৰৰ পাছত দুটাকৈ বিৰল কৃতিত্ব অৰ্জন কৰে শুভমন গিলে।

ঐতিহাসিক শতকেৰে শচীনক স্পৰ্শ গিলৰঃ ৩৫ বছৰৰ পিছত ঘটিল এনে চমক

শুভমন গিলৰ ইতিহাস

Updated On: 

27 Jul 2025 | 10:49 PM

ইংৰাজ ভূমিত ৰানৰ ক্ষুধা অব্যাহত আছে শুভমন গিলৰ ভাৰতীয় টেষ্ট দলৰ অধিনায়ক হিচাপে নিজৰ প্ৰথমটো শৃংখলাতে দলক সমুখৰ পৰা নেতৃত্ব দি গিলে দেখুৱাইছে ধাৰাবাহিকতা ইংলেণ্ডৰ বিপক্ষে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচত অসামান্য বেটিং প্ৰদৰ্শন দাঙি ধৰাৰ পিছত লৰ্ডছ টেষ্টত ব্যৰ্থ হৈছিল গিল কিন্তু চলিত মানচেষ্টাৰ টেষ্টত পুনৰ ফৰ্মলৈ উভতিছে অধিনায়কগৰাকী এই টেষ্টৰ প্ৰথম ইনিংছত ব্যৰ্থ হোৱাৰ পিছত দ্বিতীয় ইনিংছত দলৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ গিলে খেলে এক চমকপ্ৰদ শতকীয় ইনিংছ

মানচেষ্টাৰ টেষ্টৰ এই শতকেৰে গিলে কেৱল দলক উদ্ধাৰ কৰাই নহয়, নিজৰ নামত সন্নিৱিষ্ট কৰিছে ঐতিহাসিক অভিলেখ। চলিত শৃংখলাটোত গিলৰ বেটৰ পৰা আহিছে আজি চতুৰ্থটো শতক আজি শতক সম্পূৰ্ণ কৰাৰ লগে লগে সুদীৰ্ঘ ৩৫টা বছৰৰ পাছত দুটাকৈ বিৰল কৃতিত্ব অৰ্জন কৰে শুভমন গিলে

আজি গিলে শতক সম্পূৰ্ণ কৰাৰ লগে লগে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত অন্ত পৰে ভাৰতীয় বেটাৰৰ ৩৫ বছৰীয়া খৰাং ইয়াৰ পূৰ্বে অন্তিমগৰাকী ভাৰতীয় বেটাৰ হিচাপে ১৯৯০ চনতে শচীন তেণ্ডুলকাৰৰ বেটৰ পৰা এই খেলথাৰত আহিছিল এটা শতক গিল লগতে এই খেলপথাৰত ৩৫ বছৰৰ পিছত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে

ইয়াৰ পূৰ্বে ১৯৯০ চনতে ভাৰতীয় অধিনায়ক মহম্মদ আজহাৰুদ্দিনে এই খেলপথাৰত অধিনায়ক হিচাপে শতক অৰ্জন কৰিছিল। সমান্তৰালকৈ গিলে ইংলেণ্ডৰ বিৰুদ্ধে এটা টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁৰ পূৰ্বে ২০২৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ৭১২ ৰান সংগ্ৰহ কৰিছিল যশস্বী জয়ছৱালে।

এতিয়া গিলে সতীৰ্থ জয়ছোৱালক অতিক্ৰম কৰি এই অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰিছে। কেৱল এয়াই নহয়, ডন ব্ৰেডমেন আৰু সুনীল গাভাস্কাৰৰ পিছত এটা টেষ্ট শৃংখলাত ৪টা শতক অৰ্জন কৰা কেৱল মাত্ৰ তৃতীয়জন অধিনায়ক হিচাপেও পৰিগণিত হৈছে শুভমন গিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...