বৰ্ষাপাৰাত খেলিব পাৰিবনে অধিনায়ক গিলে! পোহৰলৈ আহিছে চিকিৎসকৰ ডাঙৰ পৰামৰ্শৰ কথা
ইডেন টেষ্টত পৰাজয়ৰ পিছত গিলৰ স্বাস্থ্যৰ শেহতীয়া খবৰৰ বাবে সকলো উদগ্ৰীৱ হৈ আছিল। এতিয়া এই সন্দৰ্ভত এক খবৰ পোহৰলৈ আহিছে। চিকিৎসকে গিলক দিয়া পৰামৰ্শ সন্দৰ্ভত এই খবৰ প্ৰকাশ পাইছে। জানো আহক এই বিষয়ে।

শুভমন গিল
দক্ষিণ আফ্ৰিকাৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত শোচনীয়ভাৱে পৰাস্ত হ’ল ভাৰতীয় দল। ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা এই মেচখনত ভাৰতীয় দলে অত্যন্ত হতাশাজনক বেটিং প্ৰদৰ্শন কৰে। অধিনায়ক শুভমন গিলৰ অনুপস্থিতি এই মেচখনত স্পষ্ট ৰূপত দেখা গৈছিল। এতিয়া শৃংখলাত পৰাস্ত হোৱাৰ পৰা ৰক্ষা পৰিবলৈ এই মেচখনত যিকোনো প্ৰকাৰে জয়ী হ’ব লাগিব ভাৰত। অহা ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এই মেচখন আৰম্ভ হ’ব।
লক্ষণীয়ভাৱে বৰ্ষাপাৰাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব টেষ্ট ক্ৰিকেট। এনে এক ঐতিহাসিক ক্ষণলৈ অপেক্ষা কৰিছে ৰাজ্যৰ সকলো ক্ৰিকেটপ্ৰেমীয়ে। পিছে এই অপেক্ষাৰ মাজতে ক্ৰিকেট অনুৰাগীলৈ আহিছে এক বেয়া খবৰ। ইডেন টেষ্টত পৰাজয়ৰ পিছত গিলৰ স্বাস্থ্যৰ শেহতীয়া খবৰৰ বাবে সকলো উদগ্ৰীৱ হৈ আছিল।
কি ক’লে চিকিৎসকে
এতিয়া এই সন্দৰ্ভত এক খবৰ পোহৰলৈ আহিছে। এই খবৰ অনুসৰি আঘাতৰ বাবে ইডেন টেষ্টৰ পৰা বাহিৰ হোৱা ভাৰতীয় দলৰ অধিনায়কগৰাকী এতিয়া দ্বিতীয় টেষ্টৰ পৰাও বাহিৰ হোৱাটো প্ৰায় নিশ্চিত। অহা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ বাবে তেওঁ দলৰ সৈতে গুৱাহাটীলৈ যাত্ৰা নকৰে বুলি খবৰ প্ৰকাশ পাইছে।
ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ ভিতৰুৱা সূত্ৰই সংবাদ সংস্থা PTIক গিলৰ অনুপস্থিতি সন্দৰ্ভত তথ্য দাঙি ধৰা বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি চিকিৎসকে গিলক বিমানত উঠাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। চিকিৎসকৰ এই পৰামৰ্শ অনুসৰিয়েই শুভমন গিল দ্বিতীয় টেষ্টৰ বাবে গুৱাহাটীলৈ নাই বুলি খবৰত প্ৰকাশ।
গুৰুত্বপূৰ্ণ মেচ
কলকাতাত প্ৰথমখন টেষ্টত শোচনীয় পৰাজয়ৰ পিছত দ্বিতীয়খন টেষ্ট ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। গুৱাহাটী টেষ্টত জয়লাভ কৰিলে ভাৰতে শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হ’ব। তেনে পৰিস্থিতিত ফৰ্মত থকা অধিনায়ক গিলৰ আঘাতে ভাৰতীয় দলৰ চিন্তা বৃদ্ধি কৰিছে। অনুৰাগীৰ মনতো বৃদ্ধি পাইছে শংকা।
আজি লোৱা হ’ব পাৰে চূড়ান্ত সিদ্ধান্ত
PTIৰ এক প্ৰতিবেদন অনুসৰি শুভমন গিলক অহা চাৰিদিন জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে চিকিৎসকৰ পৰামৰ্শৰ পিছত গিলৰ বাবে দলৰ সৈতে দ্বিতীয়খন টেষ্টৰ বাবে গুৱাহাটীলৈ যাত্ৰা কৰাটো কঠিন হ’ব। অৱশ্যে গিলৰ স্বাস্থ্যৰ অৱস্থা দৈনিক পৰীক্ষা কৰা হৈছে আৰু আজি গুৱাহাটী ভ্ৰমণৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।