এছিয়া কাপত গধুৰ দায়িত্ব পাব গিলে! উপেক্ষিত হ’ব পাৰে এইগৰাকী তাৰকা…

ইংলেণ্ডৰ মাটিত এই শক্তিশালী প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা গিলে এতিয়া লাভ কৰিব পাৰে এনে প্ৰদৰ্শনৰ পুৰস্কাৰ। শীঘ্ৰেই হয়তো মুখ্য প্ৰশিক্ষক গম্ভীৰ আৰু বিচিচিআইয়ে গিলক এক বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰিব।

এছিয়া কাপত গধুৰ দায়িত্ব পাব গিলে! উপেক্ষিত হ’ব পাৰে এইগৰাকী তাৰকা...

নতুন দায়িত্ব পাব গিলে!

Published: 

10 Aug 2025 | 08:44 PM

শেহতীয়া ইংলেণ্ড ভ্ৰমণ সামৰি ইতিমধ্যে স্বদেশলৈ উভতিছে ভাৰতীয় দল এতিয়া আগন্তুক এছিয়া কাপৰ বাবে ভাৰতীয় দলে চলাইছে প্ৰস্তুতি ইংলেণ্ড ভ্ৰমণত শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলে বহু ক্ৰিকেট বিশেষজ্ঞৰ পূৰ্বানুমান ভুল প্ৰমাণিত কৰি শৃংখলা ড্ৰ ৰাখিবলৈ সক্ষম হৈছিল প্ৰথমবাৰৰ দৰে অধিনায়কৰ গধুৰ দায়িত্ব বহন কৰাৰ পিছতো চাপ অবিহনে চমপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল শুভমন গিলে পাঁচখনীয়া মেচৰ শৃংখলাটোত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল যুৱ তাৰকাগৰাকী

ইংলেণ্ডৰ মাটিত এই শক্তিশালী প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা গিলে এতিয়া লাভ কৰিব পাৰে এনে প্ৰদৰ্শনৰ পুৰস্কাৰ শীঘ্ৰেই হয়তো মুখ্য প্ৰশিক্ষক গম্ভীৰ আৰু বিচিচিআইয়ে গিলক এক বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰিব প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, শীঘ্ৰেই গিলে ভাৰতৰ টি-২০ দলৰ সহঅধিনায়ক হিচাপে নিযুক্তি পোৱাৰ সম্ভাৱনা আছে।

ৰেভস্প’ৰ্টছৰ এক প্ৰতিবেদনত আগন্তুক এছিয়া কাপ ২০২৫ৰ বাবে ঘোষণা বলগীয়া ভাৰতীয় দলটোৰ সহঅধিনায়ক হিচাপে শুভমন গিলক নিযুক্তি দিয়া হ’ব বুলি দাবী কৰা হৈছে। অহা ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ আৰু এই প্ৰতিযোগিতা টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব।

যদি এই প্ৰতিবেদন মতেই গিলে দায়িত্ব লাভ কৰে, তেতিয়া এয়া অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে এক পৰীক্ষণ হিচাপে বিবেচিত পাৰে অৰ্থাৎ প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি গিলক এই গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদানৰ সিদ্ধান্ত পাৰে।

লক্ষণীয়ভাৱে চলিত বৰ্ষৰ আৰম্ভণিতে অক্ষৰ পেটেলক ভাৰতৰ টি২০ দলৰ নতুন সহঅধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল যদি গিলক এতিয়া এই দায়িত্ব প্ৰদান কৰা হয়, তেতিয়া নিশ্চিতভাৱে অক্ষৰে সহঅধিনায়কৰ দায়িত্ব হেৰুৱাব উল্লেখ্য যে গিলে এদিনীয়া ফৰ্মেটতো দলৰ সহঅধিনায়কৰ দায়িত্ব বহন কৰি আছে

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব