ভংগ হ’ল ২১৫১ দিনৰ অপৰাজেয় ধাৰা! অৱশেষত পৰাজয়ৰ মুখ দেখিলে এইগৰাকী খেলুৱৈয়ে
ইয়াৰ পূৰ্বে ২০১৯ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ক্ৰমে বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলৰ অংশ আছিল এই খেলুৱৈগৰাকী। তাৰ পিছৰে পৰা নিজ কেৰিয়াৰত ৩৭খন মেচ আৰু ২১৫১ দিন তেওঁ অপৰাজিত হৈ আছিল।

ছয় বছৰৰ পিছত পৰাস্ত এইগৰাকী খেলুৱৈ
টি-২০ ক্ৰিকেট এক অনিশ্চয়তাৰ খেল। যিকোনো ক্ষণতে এই ফৰ্মেটত সলনি হ’ব পাৰে মেচৰ পৰিস্থিতি। পিছে এনে অনিশ্চয়তাৰ মাজতো সুদীৰ্ঘ ২১৫১ টা দিন জয়ৰ অপ্ৰতিৰোধ্য ধাৰা অব্যাহত ৰাখিছিল ভাৰতীয় দলৰ এগৰাকী খেলুৱৈয়ে। অৱশেষত আজি মেলবৰ্ণত অন্ত পৰিল এই অপ্ৰতিৰোধ্য তথা অপৰাজেয় ধাৰা। প্ৰায় ছয় বছৰ ধৰি টি-২০ আন্তঃৰাষ্ট্ৰীয়ত অপৰাজিত হৈ থাকি অভিলেখ সৃষ্টি কৰাৰ পিছত আজি পৰাজয়ৰ সোৱাদ পালে ভাৰতীয় দলৰ অলৰাউণ্ডাৰ শিৱম ডুবেই।
মেলবৰ্ণত অনুষ্ঠিত আজিৰ মেচখনত ভাৰতীয় দলক ৪ উইকেটত পৰাস্ত কৰে ঘৰুৱা দল অষ্ট্ৰেলিয়াই। প্ৰথমে বেটিং কৰি কেংগাৰু বাহিনীৰ বলিং আক্ৰমণত বিধ্বস্ত হৈ পৰা ভাৰতে মাত্ৰ ১২৫ ৰানত ইনিংছ সামৰে। জয়ৰ বাবে ১২৬ ৰানৰ সহজ লক্ষ্য অষ্ট্ৰেলিয়াই ৪০টা বল বাকী থকা অৱস্থাত ৬ উইকেট হেৰুৱাই অতিক্ৰম কৰে।
এইদৰে শিৱম ডুবেই নিজ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৪৩খন টি-২০ মেচত মাত্ৰ তৃতীয়বাৰৰ বাবে পৰাস্ত হৈছে। ইয়াৰ পূৰ্বে ২০১৯ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ক্ৰমে বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলৰ অংশ আছিল ডুবে। তাৰ পিছৰে পৰা নিজ কেৰিয়াৰত ৩৭খন মেচ আৰু ২১৫১ দিন ডুবে অপৰাজিত হৈ আছিল।
এই সময়ছোৱাত ডুবেই ৩৪খন মেচত জয়ৰ সোৱাদ লাভ কৰাৰ বিপৰীতে তিনিখন মেচ অনিৰ্ণীত হৈছিল। ডুবেৰ লগতে আজি ভাৰতী দলৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ ধাৰাবাহিকতাৰো অৱসান ঘটে। ভাৰতীয় দলৰ হৈ একেৰাহে ২৪খন টি-২০ মেচত অপৰাজেয় হৈ আছিল বুমৰাহ। ২০২১ চনৰ টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে বুমৰাহে অন্তিমবাৰ পৰাজয়ৰ সোৱাদ পাইছিল।
উল্লেখ্য যে ডুবেৰ এই অপৰাজেয় ধাৰা পুৰুষ ক্ৰিকেটাৰৰ যিকোনো ফৰ্মেটতে আটাইতকৈ দীঘলীয়া সময়ৰ ৰেকৰ্ড। যিকোনো ফৰ্মেটত ৩০ খনতকৈও অধিক মেচত পৰাজয়ৰ মুক নেদেখা ডুবে একমাত্ৰ খেলুৱৈ। মহিলা ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ জেছ জেনেছন আৰু মেগান শ্বুটৰ নামত আছে ক্ৰমে ৩৭ আৰু ৩৬খন মেচত জয়ৰ অভিলেখ।