পেৰা ৱৰ্ল্ড চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণজয়, দুহাত অবিহনে শীতল দেৱীৰ চমৎকাৰ

ভাৰতৰ ১৮ বছৰীয়া শীতল দেৱীয়ে বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপ ২০২৫ত ইতিহাস ৰচনা কৰে।মহিলাৰ কম্পাউণ্ড ব্যক্তিগত প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে শীতল দেৱীয়ে। তেওঁ ফাইনেলত বিশ্বৰ ১ নম্বৰ স্থানত থকা তুৰস্কৰ অজনুৰ কিউৰ গিৰ্দিক পৰাস্ত কৰে।

পেৰা ৱৰ্ল্ড চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণজয়, দুহাত অবিহনে শীতল দেৱীৰ চমৎকাৰ

পেৰা ৱৰ্ল্ড চেম্পিয়নশ্বিপত ভাৰতৰ শীতল দেৱী স্বৰ্ণজয়

Updated On: 

28 Sep 2025 12:00 PM

শনিবাৰে দক্ষিণ কোৰিয়াৰ গ্ৱাংজুত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতৰ ১৮ বছৰীয়া শীতল দেৱীয়ে মহিলাৰ কম্পাউণ্ড ব্যক্তিগত প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰি সকলোকে আচৰিত কৰি তুলিছিল। এই প্ৰতিযোগিতাত তুৰস্কৰ অজনুৰ কিউৰ গিৰ্দিক ১৪৬-১৪৩ গ’লত পৰাস্ত কৰি শীতলে ভাৰতলৈ সন্মান কঢ়িয়াই অনাই নহয়, হাত অবিহনে শ্বুটিং কৰা প্ৰথমগৰাকী মহিলা ধনুৰ্বিদ হিচাপে বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে।

বিশ্ব চেম্পিয়ন হ’ল শীতল দেৱী

এই মেচখনত দুয়োগৰাকী খেলুৱৈৰ মাজত কঠিন প্ৰতিদ্বন্দ্বিতা হৈছিল। সেয়া আছি ২০২৩ চনৰ ফাইনেলৰ প্ৰতিশোধ, য’ত জিৰাৰ্ডিয়ে শীতলক ১৪০-১৩৮ গ’লত পৰাস্ত কৰিছিল। কিন্তু এইবাৰ শীতলে স্থিৰতা আৰু নিখুঁত প্ৰদৰ্শনেৰে খেলত জয়লাভ কৰে। প্ৰথম ছেটটো ২৯-২৯ত সমতাত আছিল যদিও দ্বিতীয় ছেটত শীতলে তিনিটা নিখুঁত ১০ শ্বটৰে ৩০-২৭ৰ অগ্ৰগতি লাভ কৰে। তৃতীয় ছেটটো পুনৰ ড্ৰ’ত শেষ হোৱাৰ বিপৰীতে চতুৰ্থ ছেটত শীতলক ২৮ পইণ্টত ৰখাই দিয়া হয়, আৰু জিৰাৰ্ডিয়ে এক পইণ্টৰ অগ্ৰগতি লাভ কৰে। তথাপিও শীতলে ১১৬-১১৪ৰে দুই পইণ্টৰ অগ্ৰগতি বজাই ৰাখিছিল। চূড়ান্ত ছেটত তিনিটা নিখুঁত শ্বটৰে ৩০ পইণ্ট সংগ্ৰহ কৰি স্বৰ্ণ পদক নিশ্চিত কৰে।

সৰিতাৰ সৈতে ৰূপৰ পদক লাভ কৰে

ইয়াৰ পূৰ্বে ছেমি ফাইনেলত শীতলে ব্ৰিটেইনৰ জোডি গ্ৰীনহামক ১৪৫-১৪০ গ’লত সহজেই পৰাস্ত কৰিছিল। শীতলৰ সফলতা কেৱল ব্যক্তিগত নাছিল। ইফালে শনিবাৰে কম্পাউণ্ড মহিলাৰ মুকলি দলীয় ইভেণ্টৰ ফাইনেলত তুৰস্কৰ বিৰুদ্ধে ৰূপৰ পদক লাভ কৰে শীতল দেৱী আৰু সৰিতাৰ যুটিয়ে।  মহিলাৰ কম্পাউণ্ড মুকলি দলীয় প্ৰতিযোগিতাত তেওঁ আৰু সৰিতাই ৰূপৰ পদক লাভ কৰে।

ফাইনেলত ভাৰতীয় দলটোৱে তুৰ্কীৰ যুটি গিৰ্ডি আৰু বুৰ্ছা ফাতমা উনৰ বিৰুদ্ধে সুন্দৰ আৰম্ভণি কৰে। প্ৰথম ছেটত তেওঁলোকে চাৰিডাল কাঁড়েৰে তিনিটা ১০ সংগ্ৰহ কৰি ৩৮-৩৭ পইণ্টত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে তুৰস্কই মাত্ৰ এটা ১০ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।দ্বিতীয় ছেটত তুৰস্কই তিনিটা ১০ আৰু এটা ৯ৰে  ৩৯ অংক সংগ্ৰহ কৰি ৭৬-৭৬ পইণ্টত অগ্ৰগতি লাভ কৰে।

তৃতীয় ছেটত ভাৰতৰ ওপৰত কিছু হেঁচা পৰিছিল, য’ত শীতল আৰু সৰিতাই এটা ১০, দুটা ৯, আৰু এটা ৮ সংগ্ৰহ কৰি মাত্ৰ ৩৬ পইণ্ট লাভ কৰিবলৈ সক্ষম হয়।তুৰস্কই এটা ১০ আৰু তিনিটা ৯ৰে এক পইণ্টৰ অগ্ৰগতি লাভ কৰে। চূড়ান্ত ছেটত তুৰস্কই ৩৯ পইণ্ট লাভ কৰাৰ বিপৰীতে ভাৰতে ৩৬ পইণ্টত থমকি ৰোৱাৰ বাবে ভাৰতে ১৫২-১৪৮ পইণ্টত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট হ’বলগীয়া হয়।

পেটৰ আলচাৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? কেইটামান সাধাৰণ টিপছ জানক
ডেংগুৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব? অনুসৰণ কৰক এই কৌশল
সলনি কৰক এই অভ্যাস, নহ'লে শীঘ্ৰে বেয়া হ'ব আপোনাৰ ফোন!
কেতিয়াও বিশ্বাস নকৰিব এই ৫ ধৰণৰ লোকক! অতি বিপজ্জনক...